হৈ পৰে নিষিদ্ধ গলিবোৰ
মুখা পিন্ধা ভদ্ৰলোকৰ আগমনে
নিশাৰ এন্ধাৰক কৰি তোলে
ৰঙীন পৃথিৱীৰ স্বৰ্গলোক
সেই ৰঙীন পৃথিৱীত
দেহ বিক্ৰী কৰা বেশ্যাবোৰ
হৈ পৰে ৰম্ভা,মেনকা,ঊৰ্বশী
সোমৰস পান কৰি মত্ত
হয় গোপন মধুচন্দ্ৰিকাত
কেঁচা মঙহৰ সোৱাদ লয়
ধনৰ বিনিময়ত
সুখ বিচাৰি ফুৰে
বেশ্যাৰ বুকুত।