বিহু অসমীয়া জাতিসত্তাৰ এক সংস্কৃতি সমন্বয়-তপন নাথ

©Admin
0
বিহু কেৱল অসমৰ জাতীয় উৎসৱেই নহয়,বৃহত্তৰ লুইত পৰীয়া অসমীয়া কৃষিজীৱী চহা সমাজৰ এক কৌটিকলীয়া উৎসৱ
আৰু জাতীয় জীৱনৰ প্ৰাণস্পন্দনেৰে প্ৰৱাহিত হৈ থকা এক সাংস্কৃতিক নিদৰ্শন। তাহানি কালৰে পৰা পালন কৰি অহা বিহুটি অসমৰ ঐতিহ্য আৰু অসমীয়াৰ পৰিচয়।অসমীয়া সমাজ জীৱনৰ ৰীতি- নীতি ,আচাৰ ৱ্যৱহাৰ ,পিন্ধন -উৰণ,খেতি-বাতি, আদি বিহুৰ লগত জড়িত লোকাচাৰ সমূহে অসমীয়া গ্ৰাম্যজীৱনৰ সকলো দিশ প্ৰতিফলিত কৰে।তাৰ লগে লগে বিহুৱে সামাজিক ঐক্য-সম্প্ৰীতি আৰু জাতীয়তা বোধ সৃষ্টিত মহত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।
  প্ৰকৃতিৰ বৈচিত্ৰময় ৰূপ ৰ পৰিৱৰ্তন আৰু কৃষিকেন্দ্ৰিক লোকজীৱনৰ সহজ-সৰল জীৱন যাত্ৰাৰ মাজতেই এদিন বিহুৰ উৎপত্তি হৈছিল।এই বিহুটিৰ লগত অসমৰ প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠী য়েনে;-বড়ো, ডিমাছা, তিৱা,দেউৰী, আদিয়ে নিজ নিজ স্বকীয় বৈশিষ্টৰে বিহু উদ্‌যাপন কৰি আহিছে যুগ যুগ ধৰি নানা জাতি -উপজাতিৰ মাজত বিৰাজ কৰি থকা সমন্বয় আৰু সংমিশ্ৰণৰ গৌৰৱজ্বল ঐতিহ্য।১৯৪৮ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই মন্তৱ্য আগবঢ়াই কৈছিল।  " বিহু উৎসৱত অসমীয়াৰ উচ্চসংস্কৃতিৰ লগতে থাকে জনসংস্কৃতিৰ পোহৰ। বিহু উৎসৱ আচলতে এখন অসমীয়া সংস্কৃতিক মেলা ,য'ত উচ্চসংস্কৃতি আৰু জনসংস্কৃতিৰ বছেৰেকীয়া মিলন হয়।সেই কাৰণে বিহু উৎসৱ অসমীয়া সাংস্কৃতিক জীৱনৰ এটা বছেৰেকীয়া সমাৱেশ। প্ৰকৃতিয়ে নতুন ৰূপ লোৱাৰ সময়ত অসমীয়া মানুহেও জীৱনৰ সকলো ক্ষেত্ৰৰে ভালৰো ভাল খিনি লৈ সেই দিনাই থিয় হয় নতুন বছৰক আদৰিৱলৈ নতুন দিনৰ সপোন দেখি ।
কাৰণেই নতুন দিনৰ সপোন দেখা অসমীয়াৰ কাৰণে আজিৰ বিহুউৎসৱ আটাইত কৈ মূল্যৱান উৎসৱ- নতুন সংস্কৃতি গঢ়াৰ ফালৰ পৰা " । অসমৰ কৃষিজীৱি মানুহৰ উৰ্বৰা বিশ্বাসৰ ভেটিত জন্মহোৱা জাতীয় জীৱনৰ ৰং ,আনন্দ ,আৱেগ, অনুভূতিৰ  উৎসৱ ৱহাগ  বিহুৰ বাতৰি পাই 
সৌন্দৰ্য্যৰ সেউজীয়া আৱৰেণেৰে মুখৰিত কৰি তোলে প্ৰকৃতিৰ চৌপাশ ।পুনৰ প্ৰান পাই উঠে নৈ, নিজৰা, পৰ্বত-পাহাৰ। প্ৰকৃতিৰ এই ৰঙীণ ছবিয়ে কঢ়িয়াই আনে অফুৰন্ত উদ্যম ,শান্তিৰ বাসনা, আৰু দুচকুত অযুত সপোনৰ কল্লোল।বহাগ বিহুৰ সন্দৰ্ভত ড° ভূপেন হাজৰিকাই গাই গৈছিল:  -
" বহাগ মাথোঁ এটি ঋতু নহয় 
নহয় বহাগ এটি মাহ ,
অসমীয়া জাতিৰ ই আযুস ৰেখা
গণ জীৱনৰ ই সাহস "
চতৰ উদং দেহৰ ফাকেৰে ফাগুনৰ হালধি সনা বেলিটো লহিওৱাৰ সময় খিনিতেই বুকুত সুৰ তোলা বহাগীৰ সপোন বোৰে আনন্দৰ নানা গীত গাই দিঠকৰ জপনা খন মেলে। বসন্তৰ প্ৰথম জাক বৰষুণতেই বসুমতী শস্য-সম্ভৱা হোৱাৰ ৱতৰা কঢ়িয়াই আনে।আৰু ন কুহিপাতেৰে বহাগ হৈ পৰে সেউজীয়া উজ্জ্বল।সঁচাকৈয়ে বহাগ বুলি ক'লেই আমাৰ মনটো উলহ মালহেৰে ভৰি পৰে। কি যে এক মিঠা আমেজ.....কপৌ, কেতেকী , আদি বহু ৰঙীণ ফুলবোৰে প্ৰকৃতিৰ বুকু এক অপূৰ্ব সৌন্দ্যৰ্যৰে শোভা বঢ়াই। বা-ৰিব মলয়াৰ পৰশত  
প্ৰকৃতিয়ে ন সাজ পিন্ধি চেনেহী বিহুটিক আদৰি আনে। গাঁৱৰ জীয়ৰী বোৱাৰীয়ে তাতঁশালৰ গামোচাযুটী ভমকা ফুল বাচি বিহুনামৰ সুৰে সুৰে দোৰপতি নচুৱাই।শিপিনিয়ে গাই:-
"ৰাতি এপৰলৈ কাটি সুতা
চেনাইলৈ বিহুৱান বলো
ৰঙাকৈ আঁচুৰে বাচি পানে বটা 
টিপটে লুকুবাই থলোঁ।"
ৰাতি আন্ধাৰ ফালি অহা ঢেকীৰ গুম -গুমনি, ঢ়োল পেঁপাৰ শব্দই প্ৰকৃতিৰ চৌপাশ ৰজন-জনাই য়ায়।এনেকৈয়ে আমাৰ বাপতি সাহোন সংস্কৃতিৰ জয়ধ্বজাবাহক বিহুটিক হিয়াৰ উমেৰে জীপাল কৰি আনন্দ -উল্লাসৰ মাজেৰে পালন কৰি আহিছে।
বিহুক ৰাজকীয় মৰ্যদা দিয়াৰ ক্ষেত্ৰত আহোম স্বৰ্গ দেউ সকলৰ ভূমিকা অনস্বীকাৰ্য।স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুত গছৰ তলত ডেকা -গাভৰুৱে নাচ নচাৰ বাতৰি পাই কটকীৰ যোগেৰে তেঁওলোকক মতাই আনি আনুষ্ঠানিক ভাৱে বিহু উপভোগ কৰিবলৈ সুবিধা দি ৰজাঘৰীয়াৰ স্বীকৃতিৰ পথ প্ৰশস্ত কৰিছিল। অসমৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল স্বৰ্গদেউ শিৱসিংহ, ৰাজেশ্বৰ সিংহ , প্ৰমত্তসিংহ আদিয়ে পৰৰ্বতী কালত শিৱসাগৰৰ ৰং ঘৰৰ বাকৰিত বিহু পতাৰ লগতে মহযুঁজ, কুকুৰাযুঁজ আদিৰ আয়োজন কৰিছিল।আহোম ৰজাৰ দিনতে পথাৰৰ আহঁত গছৰ তলৰ পৰা গৃহস্থৰ ঘৰৰ চোতাললৈকে বিহুক ৰাজকীয় স্বীকৃতি দিলে ।ৰঙত ৰঙীয়াল প্ৰত্যেক জন অসমীয়াই দেহে কেহে এই বিহু বিভিন্ন ধৰনে উদ্‌যাপন কৰে।                           নানা জাতি -উপজাতিৰ বিশাল সাংস্কৃতিক বিনিময়ৰে গঢ়ি উঠা বৃহৎ অসমীয়া জাতিক বিশিষ্ট মৰ্যদা প্ৰদান কৰাৰ বাবেও এই বিহু উৎসৱে বিশেষ ভাৱে অৰিহনা যোগাই আহিছে ।আৰু সাংস্কৃতিক সমন্বয় সংহতিৰ ধ্বজা স্থাপন   
কৰি ৰাখিছে।বিহুৱে মানুহৰ অন্তৰৰ পৰা অন্তৰলৈ বিয়পাই সঁচা  ভাতৃত্ত্ববোধ ,মৰম-চেনেহ, আত্মীয়তা আৰু শান্তিৰ বন্যা। তদুপৰি বিহু উৎসৱৰ নৃত্য-গীত আৰু সামাজিক -সংস্কৃতিক পৰম্পৰাই কৃষ্টিৰ বিনন্দিয়া সুৰে মানুহৰ মন পোঁহৰাই তোলাৰ লগতে নিজস্ব স্বভিমান ,আৰু জাতীয়তা বোধৰ বৈশিষ্টৰে বৃহত্তৰ অসমীয়া সমাজ জীৱনক মহীয়ান কৰি তুলিছে।
     বৰ্তমান সময়ত আধুনিকতাৰ গৰাহত সমাজৰ বহুখিনি পৰম্পৰা বাদ পৰি গৈছে যদিও অনেক নতুনত্বৰ সংযোজন ঘটিছে।লৌকিক আদিম অসমীয়া সমাজত সৃষ্টি হোৱা কৃষিভিত্তিক উৎসৱ টোৱে সমাজ সংস্কৃতিৰ লগতে অনেক পৰিৱৰ্তনৰ মাজেৰে বৰ্তমান সময়তো উদ্‌যাপিত হৈ আহিছে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)