হে শ্বহীদ তোমাক কৰিছো ‍প্ৰণাম - নৱজিৎ নাথ

©Admin
0
হে শ্বহীদ তোমাক কৰিছো
 ‍প্ৰণাম
দৰঙী তেজেৰে ধোৱা
 অতীতৰ পথৰুঘাটত ৰণৰ ,
শ্বহীদ কৃষক বিদ্ৰোহৰ
 ৰণলীলাই গঢ়িলে যুগে যুগে
 সমন্বয় সেতু .….............  ।।
 তোমাৰ সাহস আৰু প্ৰেৰণা
  অমল উৎসক আমি দৰং
 বাসীয়ে সদায় কৰো গৌৰৱ।
 এয়াই দৰংৰ সাহস আৰু
 ঐকতাৰ  মিলনৰ   একোটা
 প্ৰতীক........    .....       ।। 
  অসমৰ ইতিহাসৰ সোণালী
 পাতত , তোমাৰ নাম
 একতাৰে জিলিকাই তুলিলা।
সকলোৱে আজি একে সুৰতে
 গায় , মাথোঁ তোমাৰে
 জয়গান.............. ‌...      ।।  
 হে শ্বহীদ তোমাক কৰিছো
 ‍প্ৰণাম । 
তোমাক ৰাখিছে সকলোৱে
 তোমাৰ মান ,তুমি আমাৰ
 মাজত সদায় অমৰ।
যাঁচিছো তোমালৈ শতকৌটি
 প্ৰণাম। ।                      
হে শ্বহীদ তোমাক কৰিছো
 ‍প্ৰণাম।।  
হে শ্বহীদ তোমাক কৰিছো
 ‍প্ৰণাম।।

 ◾নৱজিৎ নাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)