কেতিয়াবা শুনিছা !
সম্ভৱ শুনিছা ,
ওহো নাই শুনা ।
নহ'লেনো বাজিব দিবা জানো
আতুৰৰ ধ্বনি (ব্যাকুলতা গীত) ।
সময় অংকুৰণৰ পলবোৰত
মনে মাথোঁ বিচাৰে
তোমাৰ সান্নিধ্য,
তোমাৰ হাতেৰে বুলোৱা কোমলীয়া স্পৰ্শ।
নিৰ্যাতিতা হৈ ৰ'ল অ' সকলো বোৰ ।
অৰ্ধ স্বপ্নৰ দৰে
হেঁপাহবোৰেও তিক্ততা মালা গাঠিছে,
তুমি জানো বুজিবা ?
তুমি হয়তো দেখা নাই
নদীৰ বলিয়া সুঁতৰ আতুৰতা
প্ৰতিবাৰেই যে গৰাৰ পৰশ বিচাৰি
গৰাৰ কাষ চাপে ।
কেতিয়া নিৰ্জনতাৰ কাষ চাপি
সুধিছানে
হৃদয়ে বিচাৰে কি
কিহৰ পিয়াহত ককবকাই থাকে
জীৱনৰ পুখুৰীত ।
তুমি হয়তো নুবুজিবা !
হৃদয়ৰো যে এক সুকীয়া মাদকতা আছে
যি তুমি আজিও পঢ়া নাই
সেই পৃষ্ঠাবোৰ ।
তুমিতো নুবুজা ..................।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ