ৰংচঙীয়া জীৱনটো হিতাহিত জ্ঞান শূন্য হৈ পৰিছিল আশাৰ , বছৰৰ ৰঙালী বিহুটিৰ গামোচা খন দিবলৈ কত কামৰ মাজেৰে তাঁতৰ শালত বহিছিল ।এতিয়া তাইৰ মনৰ মানুহজন যে কাষত নাই ।অন্তৰ দহনত ভোগা এই অভাগিনীৰ হৃদয়ৰ মাজত আজিও জীয়াই আছে ।যোৱা বছৰ জেং বিহুত নাচিবলৈ উৎসাহেৰে তাইৰ ঘিলাখোপাত গুজি দিছিল কপৌফুল এপাহি। লগতে আনিছিল কপৌ ফুলৰ শিপা থকা পুলি এটি ৰুই দিছিল বাৰীত থকা আম জোপাত । এতিয়া ইমান সুন্দৰকৈ কপৌপাহি বোৰ ফুলিছে তাই বহুপৰ একেথৰে চাই থাকি হুক-হুকাই কান্দি দিলে ।আশাৰ বুকুখন বৰকৈ বিষাব ধৰিলে ।কামলৈ বুলি ওলাই যোৱা আলোকে দুনাই ঘৰলৈ নাহিল ।আকস্মিক দুৰ্ঘটনাত আলোকৰ প্ৰাণ বায়ু উৰি গৈছিল অজান দেশলৈ । তাইৰ হৃদয়ত উচুপি উচুপি ক'লে আজি কপৌপাহি কোনে গুজি দিব তাইৰ ঘিলা খোপাত ?