নীলা খামৰ চিঠি-যদুমণি দাস

মৰমৰ হৃদয়প্ৰিয়া,
       
প্ৰথমে তোমালৈ বুলি মোৰ অপৈনত হৃদয়ৰ  পৰা এগালমান হিয়াভৰা মৰম যাচিলোঁ । বহুত দিনৰ বিৰতি মূৰত আজি তোমাক কলেজৰ কেম্পাছত দেখি হৃদয়ৰ আকুলতা বোৰ দূৰ হৈ গ'ল । এনে লাগিছিল যেন বসন্তৰ কুলিৰ মিঠা মাত , কপৌ পাহ আদি মোৰ বাবেই ফুলি উঠিছিল । কি যে আকুল সনা মিঠা অনুভৱ । হয়তো তুমি নুবুজিবা মোৰ এই হৃদয়ৰ ভাষা , নুবুজিবা মোৰ জীৱনৰ কাহিনী , তথাপিও যে হৃদয়ে নামানে । তুমি মোৰ কিয় হ'ব নোৱাৰা সেইটো মই আজিও বুজি নাপালোঁ । এটি মাথো সাঁথৰৰ দৰে । 
      কেতিয়াবা মোৰো অভিমান কৰিব মন যায় জানা ! তোমাৰ দৰে , কিন্তু এই অভিমান বোৰ সামৰিবলে তুমি যে নাই । সেয়ে নিজকে নিজেই সামৰি লওঁ নিজৰ মাজতে । 
      সেমেকা বতৰৰ আঁৰে আঁৰে তোমাক চাই থকা হেঁপাহ বোৰো যে কি দুষ্ট । সঁচাকৈ তোমাক চাই থকা হেঁপাহ জাগে মনৰ কোঠালিত । যেতিয়া তুমি মোক মাতিছিলা তেতিয়া মোৰ মন নামৰ চৰাইটিয়ে যে সপ্তসুৰৰ ধ্বনিহে গাইছিল । কিন্তু তুমি মোৰ পৰা আঁতৰি থাকিব বিচাৰা । কিয় নাজানো । মোৰ কি ভুল কোৱা ? তোমাক ভালপোৱা নে আন কিবা ?
       এতিয়া যে মগজুত হাজাৰটা প্ৰশ্নই অস্বস্তিত ভুগিছে । কি জানা ! অবাধ্য  চকুৱেদি নিগৰি অহা চকুপানী খিনিক মচি হাঁহিবলে চেষ্টা কৰো সদায় , কিন্তু বিষাদৰ টোকোৰা বোৰ দেখোন দিনক দিনে বিশালতা ফালে ঢাল মেলিছে ।  কেনেকৈ সামৰো এই সকলোবোৰ । পাৰিলে কেতিয়াবা কি , কিয় , শব্দ বোৰ মোহাৰি কথাবোৰ খুলি ক'বাচোন । 
আজিলৈ সামৰো দেই  । মনৰ মাজৰ অব্যক্ত কথা বোৰ এই চিঠি জৰিয়তে প্ৰকাশ কৰিলোঁ । অনুভৱবোৰৰ ওজন যদি পোৱা তেন্তে উত্তৰবোৰ  দিবা । তেতিয়ালৈকে তোমাক পোৱা আশা এটাই পিয়াপি দি থাকিব ।

ইতি -
  
তোমাক  ভালপোৱা ল'ৰাটো
                                                       
যদুমণি দাস

Post a Comment

Previous Post Next Post