আহিবা...
এদিন,উজাৰি দিম কাষত বহি...
মনৰ মাজত বহু কথা ৰাখিছোঁ জানা..
কিন্তু,সময়ৰহে নাটনি...
ক'ম দিয়া... এদিন দুয়ো লগ হৈ,..
উজাগৰে মুকলি আকাশলৈ চাই হেঁপাহ পলোৱাই ক'ম তোমাৰ ওপৰত থকা মৰমৰ অভিযোগ,
বুজি চাবা সেইদিনা..
মোৰ বাবে জীৱনৰ অন্য এক নামেই যে তুমি...
◾নিশামনি গগৈ
মৰাণ, অসম