দুৰ্ভগীয়া-ৰুনু দেৱী শর্মা

আজি মানুহৰ বিহুৰ দিনা মানসীৰ উদাসীন মনটোৱে ছাটি-ফুটি কৰি আছে নাতি দুটাক মাহ-হালধিৰে গা-পা ধুৱাই আহি আইতাকে দিয়া চোলা-পেন্টকেইজোৰ পিন্ধাই
দিবলৈ মাকহঁতক কৈ আছে। 
কিন্তু মাকহঁতে বেলেগ কামত ব্যস্ত হৈ আছে। বহুদিনৰ পৰা সাঁচি থোৱা বিহুৱান কেইখনলৈ চাই তাই হুমুনিয়াহ 
কাঢ়িছে স্বামী সমীৰৰ কথা মনত পৰি। সমীৰে এৰি যোৱা 
তাইক প্ৰায় দহ বছৰেই হ'ল, ইমান দিনে  তাই বিহুৰ পৰম্পৰা ৰাখি আছে। তিনিখন বিহুৱান তিনিজন 
দেওৰেকেক দিব গাঁৱলৈ যাওঁতে লৈ যাব। বাকী কাপোৰ -কানি বিলাকত আছেই বোৱাৰীহঁত, ল'ৰাহঁত আৰু দেওৰ - জা আদিবোৰ! 
বিহুৰ পিঠা-পনা আদি যোগাৰ কৰি ল'ৰাহঁতক মাতি-মাতি ভাগৰি পৰিল,প্রত্যেকটোৱেই নিজৰ কামতে ব্যস্ত। এবাৰলৈও ভবা নাই যে "আমি নগ'লে যে মায়ে দুখ কৰিব,একোৱেই নাখাব"।সৰুটোৱে এবাৰ গৈ মাত লগাই সেৱা কৰি একো খোৱা বোৱা নকৰি গুচি গ'ল। সি বোলে পৰঠা খাইছে, ভোক নাই। ডাঙৰটো গৈ সেৱা কৰি মাত্ৰ চাহ খাব বিচাৰিলে ১-২মান বজাত।মানসিক জলপান গোটাই থোৱাতে থাকিলে। মানসীৰ একপ্ৰকাৰ খঙেই উঠিল আৰু অভিমানতে বিছনাত পৰি উচুপি উচুপি কান্দিব ধৰিলে। ভাব হ'ল তাইৰ, যেন এই পৃথিৱীত তাই একেবাৰে অকলশৰীয়া। তাই তেতিয়াই একো নোখোৱাকৈয়ে শুই থাকিল। 


         ✍🏻ৰুনু দেৱী শর্মা 
                  গুৱাহাটী

Post a Comment

Previous Post Next Post