ধাৰাবাহিক উপন্যাস আৰ্তনাদ~খণ্ড নং-১১

©Admin
0
নিমজ আৰু সেমেকা ছালৰ মিঠাবৰণীয়া মোৰ দেহাটো ক্ৰমান্বয়ে শেতা হৈ পৰিছে।এয়া হ'বলৈ পাইছে ,খোৱা বোৱাত মোৰ সৱধানতা অৱলম্বন নথকাৰ বাবে। সু গভীৰ ব্যক্তিত্ব ভাবালাপ আৰু মাৰ্জিত মই জনী বোবা হৈ গৈছোঁ।দুৰ্বল দেহাটো লৈ দ্বিধা আৰু শংকা তথা অযথা যুক্তিৰ কলকলনিত অধৰ্য্য হৈ পৰিছোঁ।

হঠাৎ কাৰেন্ট গ'ল। ল'ৰাটো মোৰ বুকুৰ মাজত সোমাই পৰিল। ছোৱালী জনী কাষ চাপি আহিল।

আমাৰ লেমটো ক'ত আছিল মাজনী?

ভাইটিৰ পঢ়া টেবুলত আছে মা।

জুইশলাটো বা ক'ত আছে?

মই লগতেই থৈ দিছোঁ।

পাৰিবিনে লেমটো জ্বলাব?

মোৰ ভয় লাগে।তাই মোৰ ডিঙিত সাৱটি ধৰিলে।

চাওঁ দুয়োটাই বহি থাক।মই লেমটো জ্বলাই আনো।
খুব সাৱধানে মই খেপিয়াই খেপিয়াই আগবাঢ়িছোঁ।কিবা এটা চৰচৰাই গৈছে।আন্ধাৰতে মোৰ চকুত ধৰা দিছে, ওলমি যোৱা স্বামী দেহাটো মই চুচৰাই নিছোঁ।মোৰ শাৰীৰ আঁচলটো চুচৰি গৈছে। বুকুখন ধপধপাই উঠিল।ঘৰ্মাক্ত দেহাটোত কঁপি থকা হাতখনে স্পৰ্শ কৰি চালোঁ। মই ঠিকেই আছোঁ নে?

মা, আমাৰ ভয় লাগিছে।

ভয় নকৰিবি । মই গৈছোঁ। সেপঢুকি কথাষাৰ কলোঁ।যদিও মোৰ মাতষাৰ সিহঁতৰ কাণত নুসোমাল।বাৰে বাৰে মা, মা বুলি দুয়োটোই চিঞৰি থাকিল।জুইশলাটো হাতত তুলি লৈ লেমটো জ্বলাই ৰুমৰ ভিতৰত থকা প্ৰতিটো বস্তু নিৰীক্ষন কৰিলোঁ।
নাই একো নাই।ল'ৰা ছোৱালী দুইটাই সাৱটি বহি আছে।সিহঁতৰ মনত ভয়ৰ ভাৱ সোমাই গৈছে।

কি হ'ল ইমান ভয় কিয় ? তোমালোকৰ বয়সৰ ল'ৰা ছোৱালীয়ে অকলে অকলে ৰাতি বাহিৰত ঘূৰি থাকে।নিজৰ ঘৰখনতেই ভয়।

ল'ৰাটোৱে তপকৈ মাত দিলে।আমাৰ দেউতা ঘৰতেই আছে। তুমি মোক মিছা কথা কৈ আছা।মই দেউতাক দেখিছোঁ।

সেইটো দেউতা নহয় ৰাক্ষস।আমাৰ দেউতাই বেলেগ মাইকী লৈ আমাক এৰি গুছি গৈছে।ছোৱালীজনীয়ে ল'ৰাটোক কোৱা কথাষাৰে মোক ভবাই তুলিলে। এয়া তাই মাকে তাইক কোৱা কথা।

মোৰ দেউতা ভাল। তুমি মিছা কথা কৈ নাথাকিবা।

সিহঁতৰ কথাত মই বোবা হৈ গৈছোঁ।

লেমটো জ্বলি থকা দৰেই মোৰ দেহাটো জ্বলি আছে। মৃত্যুৰ পিছতো মোৰ সন্তানক অনিষ্ট কৰিব বিচৰা মোৰ স্বামীৰ প্ৰেতাত্মাটোৰ পৰা মই কেনেকৈ মোৰ সন্তানক ৰক্ষা কৰিম।কথাবোৰ ভাবি ভাবি চিলমিলকৈ টোপনি আহিছিল।

মা, মা ল'ৰাটোৰ মাতত সাৰ পাই গ'লোঁ। বুকুৰ মাজত সোমাই শুই থকা ল'ৰাটো নাই।জাপ মাৰি উঠি লেমটো হাতত লৈ মাইনা, মাইনা কৈ উধাতু খাই সেই সুৰংগ থকা ৰুমটো ফালে দৌৰি দৌৰি গৈছো।পাছে পাছে ছোৱালীজনী। তাই কৃষ্ণ কৃষ্ণ কৈ চিঞৰি গৈছে।সুৰংগ বন্ধ দুৱাৰখনত ধৰি ল'ৰাটোৱে মা, মা বুলি কান্দি আছে।

মই আছো মাইনা। ভয় নকৰিবা।মোৰ মাত অস্পষ্ট । ল'ৰাটো বুকুত সাৱটি উভতি নোচোৱাকৈ আঁতৰি আহিলোঁ।সেই দিনাই মই সিদ্ধান্ত লৈ পেলালোঁ।সন্তানৰ সুৰক্ষা বাবে মই বহু দূৰলৈ আঁতৰি যাম।
মই মোৰ পৰিচয় সলনি কৰা সিদ্ধান্ত ললোঁ।আগলৈ,,,,,,,,।

বিটুমনি কোঁছ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)