অব‍্যক্ত বেদনা -নীভা লয়িং

©Admin
0
হে! মোৰ বিধিৰ বিধান,
নাজানো মই অজানিতে কৰা
কি ভুলৰ শাস্তি বিহিলা?
আজি মই সকলো পায়ো,
কান্দি কান্দি হাৰি আছো,
পৰিয়ালৰ বাবে মই হৈ পৰিলোঁ
কুলক্ষণী নাৰী।
স্বামীৰ বাবে মই হৈ পৰিলোঁ
শৰবিদ্ধ পক্ষী।

নীলা আকাশৰ জোনবাইৰ লগত,
তৰাবোৰৰ সৈতে গঢ়ি উঠিছে
মোৰ আলসুৱা প্ৰেম।
কেনেকৈ বুজাম মই ,
মোৰো যে আছে এখন 
কোমল হৃদয় ।

এটি শিশুৰ হাঁহি-কোলাহলৰ বাবে
পণ গণিছো;
শব্দবোৰ হেৰাই যাব খোজে,
মোৰ শাহু আইৰ এটি শব্দ বানে
মই হেনো বাঁজী।
মোৰ বুকুৱেদি বৈ যায়
বিষাদৰ নদী।

তিক্ততা কেৱল তিক্ততা।
এই শব্দৰ খেলত যেন
হেৰাই যাব খোজে
যুদ্ধৰ ক্ষেপনাস্ত্ৰৰ গৰ্জনত
আঘাত প্ৰাপ্ত সৈনিকৰ
আৰ্তনাদ।
মোৰ জীৱনত ধোঁৱা-ধূসৰিত
আউসীৰ নিশা।

কেনেকৈ বুজাম মোৰ মনক
কেনেকৈ ফুলিব ফুল,
তোমাৰ -মোৰ বাগিচাত?
য'ত সপোনবোৰ হৈ পৰক
তুষাৰ আৰু শাওনৰ ধাৰাসাৰ বৃষ্টি।

এতিয়া প্ৰয়োজন মোক,
শান্তিৰ শুভ্ৰ পাৰ চৰাই।
কোনেও মোক নুবুজিলে,
মোৰ মনে সদায় বিচাৰে
জোনাকী ৰাতি----

হাজাৰটি অনাথ শিশুৰ মাজৰ
এটিক মাতৃত্বৰ-স্নেহ উপচাই দিম,
য'ত জোনাকী ৰাতিবোৰ হ'ব
সোণালী ৰ'দ।

আহাঁ আমি দুয়ো মিলি উজ্বল
কৰোঁ আমাৰ জীৱন।
কলীয়া ডাৱৰ আঁতৰাই
বেদনাৰ ঘৰত,
সেউজীয়া পৃথিৱীত
মানুহৰ নতুন ঘৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)