ৰঙালীৰ ৰং-দীপাঞ্জলী গড়

©Admin
0
প্ৰকৃতিক এক ঐশ্বৰিক ৰূপত সজাবলৈ,
    বসন্ত ঋতু আহি মৰ্ত্তত বিৰাজমান হ'ল। 
বহু উৎকন্ঠা লৈ ব'হাগ মাহ ও আহিলে ধাপলি মেলি,
      জীৱকুলৰ ওচৰত।
এয়া...কি যে এক মনোৰম দৃশ্য,
        দুয়োৰে মিলনত।।
অসমক সোনতে শুৱগা কৰি
         এক নতুন পৰিৱেশ গঢ়িবলৈ নামি আহিল,,
অসমীয়াৰ বাপতি সাহোন ৰঙালী।
         পৰিধান কৰিলে সেউজ সাজ সজ্জা,
 প্ৰকৃতিয়ে নিজ বৰণ সলায়।
চহকী হৈ পৰিল ফল -ফুলে আমাৰ এই ধৰা,
           কুলি কেতেকী চৰাইয়েও মন ভুলোৱা শুৱগা মাতেৰে কৰিলে প্ৰতিধ্বনি।
সুগন্ধিত কৰি তুলিলে বননি কপৌ ফুল জোপাইয়ো,
ৰজনজনাইছে ,বাট পথ আৰু চোতাল
        চৌদিশৰ ঢোল, পেপা আৰু তালৰ দেহ মন নাচি উঠা সংমিশ্ৰিত ধ্বনিৰে।
মন প্ৰাণ জীপাল কৰি তুলিছে,
         গগনা আৰু বাঁহীৰ সুৰে।

  মতলীয়া হৈ নাচি আছে নাচনী সকল,
  পথাৰৰ মাজত ককাল ঘূৰাই ঘূৰাই।
     খমখমীয়া বিহুৱান লৈ শ্ৰদ্ধা আৰু চেনেহ যাঁচিছে আপোনজনক,
মুখৰিত হৈ পৰিছে আকাশ বতাহ 
       ৰঙালী বিহুৰ ৰঙ আৰু স্ফুৰ্তিৰে।
বিহুৰ সমাহাৰে বিয়পালে
         ন-ন উচ্ছাস উদ্দীপনাৰ বাৰ্তা।
অসমীয়া নৱবৰ্ষৰ এই সুন্দৰ মূহুৰ্তত 
         জনালো সকলোকে বিহুৰ শুভেচ্ছা।।

দীপাঞ্জলী গড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)