কাকৈ ৰ বিষয়ে জানো আহক

আমাৰ পুৰণি সমাজৰ এবিধ দৈনন্দিন প্ৰয়োজনীয় আহিলা হ'ল মূৰ আঁচুৰিবলৈ ব্যৱহাৰ কৰা কাকৈ খন । আগতে মানুহে চুলিটাৰি আঁচুৰিবলৈ ব্যৱহাৰ কৰা কাঠ বা বাহঁৰ কাকৈখন আজিৰ আধুনিক ফণিখনৰ সৈতে ফেৰ মাৰিব নোৱাৰা বাবেই হয়তো হেৰাই যাবলৈ লৈছে।তথাপি বিহুৰ বতৰত আজিও নাচনীৰ খোপাৰ ই কপৌফুল, তগৰ ফুল বা গগনাৰ দৰে এটা অবিচ্ছেদ্য অংগ বুলিও পাৰি । আগৰ দিনৰ অসমীয়া নাৰীয়ে হাতীদাঁত, ম'হৰ শিঙৰ বা কাঠ বাহঁৰ কাকৈৰে কেশবিন্যাস কৰিছিল । হাতীদাঁত বা ম'হৰ শিঙৰ ফণি মূল্যবান হোৱাৰ লগতে এনে সামগ্ৰীৰে নির্মিত কাকৈৰ যথেষ্ট গুণ আছিল বুলি কোৱা হয় । জনবিশ্বাস আছে যে ম'হৰ শিঙৰে নির্মিত কাকৈৰে মূৰ আঁচুৰিলে মূৰৰ বিষ বা মূৰঘূৰণি নহয় আৰু সোনকালে চুলি নপকে বা নসৰে । ইয়াৰোপৰি আমাৰ লোকসংস্কৃতিত কাকৈৰ মাহাত্ম্য অপাৰ । কথিত আছে বিহুত বৰদৈচিলা হিল দল ভাঙি, আউলী বাউলী চুলিৰে মাকৰ ঘৰলৈ আহে । অসমীয়া মানুহে বৰদৈচিলা আহিলে চোতালত বৰপীৰা পাৰি তাতে কাকৈ ফণি এখন দিয়াৰ নিয়ম । এনে কৰিলে বৰদৈচিলা কিছু শাম কাটে বুলি বিশ্বাস আছে ।


Post a Comment

Previous Post Next Post