কুলি-মধুকৃষ্ণা দেউৰী শিলপনীয়া

নেকান্দিবি নেকান্দিবি কুলি
তোৰ বিননি শুনিলে
মোৰ বুকুখন বৰকৈ বিষাদ ধৰে
কিবা যেন নুবুজা বেদনাত।

কিহৰ দুখত কান্দ কুলি
তয়োতো গাওঁ এৰি চহৰৰে হ'লি
কাগজ ফুলেৰে পতা বিহুক
     ভাল পাব শিকিলি
বিনিময় বিচৰা বিহুক
           আদৰি ল'লি।

কিহৰ দুখত কান্দ কুলি
যুগৰ লগত মিলি
তইয়ো একেই হ'ব বিচাৰিলি
ভয় হয়, 
 কেতিয়াবা তোৰ গাতো 
বগা হ'ব বুলি।

নেকান্দিবি কুলি,
কিহৰ দুখত কান্দ কুলি
অসমীয়াৰ মান ফুলাম বিহুৱানখনি সৌ সিদিনা
চিলাপথাৰত কোনোবাই
আই অসমীৰ বুকুত আঘাত সানি
ফালিছিল গছকি
সেই বাবেই নে;
কপৌ ফুলৰ থোকত মুখ গুজি,
বহাগ'ৰ বিলাই দেখি।

বিৰহ বিৰহিনীৰ সুৰ তুলি
নেকান্দিবি কুলি
তোৰ মাতটি জানিব পৰা
শুনিছোঁ আজিও একেই--
আধুনিকতাত পৰি
ঢোল,পেঁপা,গগনাইও সলালে মাত ।
যুগৰ মানৱতাৰ পৰশ পাই
ৰঙা গোলাপেও সলালে ৰং
হালধীয়া, নীলা, বেঙুনীয়া পাহি
তাকে দেখি ,শুনি তই আকৌ নসলাবি মাত--
 
মোৰ হৃদয় বিদাৰি যোৱা
পৰাণ ভৰাই তোলা
তোৰ সুৰীয়া মাতটি 
একেই থাকিব দিয়া
ভয় হয় মোৰ হেৰুৱা বেদনাত।
তইনো কি বুজিবি,পায় হেৰুৱা বেদনা
আজি আহিছ,কাইলৈ যাবিগৈ উৰি
এৰি থৈ সুৰটি বুকুত গুজি।

Post a Comment

Previous Post Next Post