পৰীক্ষাৰ ফলাফল -তানিয়া মধুকল্য

Aditi Tanti
0
আজি পুৱা ন বজাত অভিনৱৰ 
মেট্ৰিকৰ ফলাফল ঘোষণা হ'ব। অভিনৱ পঢ়াত বৰ চোকা নাছিল। সেয়েহে অভিনৱৰ মাক বৰ চিন্তিত হৈ পৰিছিল। দেউতাকে তাৰ পঢ়া-শুনাৰ কথা অলপো চিন্তা কৰা নাছিল।

      সময় ঠিক ন মান বাজিল। মুকলি হ'ল ফলাফল। অভিনৱে ডিষ্টিংছন পালে। সি তাৰ ৰিজাল্টৰ কথা দেউতাকক জনালে। দেউতাকৰ চকুত চকুপানী বিৰিঙি উঠিল। দেউতাকে তাৰ হাতত ১০,০০০ টকা এটা তুলি দি ক'লে - "তুমি এই টকাকেইটাৰে এটা ভাল ম'বাইল ফোন কিনি ল'বা।" 

        ঠিক পিছদিনাই অভিনৱ এখন ম'বাইলৰ দোকানলৈ গ'ল। দোকানখনৰ বাহিৰতেই এগৰাকী অসহায় বৃদ্ধ মহিলা বহি আছিল। তেওঁ অভিনৱক দেখি ক'লে - "বোপাই মোক অলপ সহায় কৰিবানে?" সি ক'লে - "মই পাৰিলে নিশ্চয় কৰিম।" তেতিয়া তেওঁ ক'লে - "মোক চিকিৎসাৰ বাবে অলপ টকাৰ প্ৰয়োজন হৈছে। তুমি মোক সহায় কৰিবানে?" সি ক'লে - "নিশ্চয় পাৰিম।" তেতিয়া সি তাৰ দেউতাকে ম'বাইল কিনিবলৈ দিয়া টকাকেইটা মহিলা গৰাকীক দি দিলে। তেওঁ ক'লে - "ঈশ্বৰে তোমাৰ মংগল কৰক!"

        সি ঘৰলৈ ওভতি আহিল। সি মাক - দেউতাকক সম্পূৰ্ণ ঘটনাটোৰ বিষয়ে ক'লে। তেতিয়া তাৰ মাকে তাক সাৱতি ধৰিলে। 

        সন্ধিয়া অভিনৱৰ শিক্ষক ৰমেন বৰুৱা ছাৰ সিহঁতৰ ঘৰত আহি উপস্থিত হ'লহি আৰু অভিনৱক অভিনন্দন জনাই ক'লে - "তোমাৰ পঢ়া-শুনাৰ সকলো দায়িত্ব আজিৰে পৰা  মই বহন কৰিম। তোমাক এখন ভাল কলেজত মই নামভৰ্তি কৰাই দিম।" সেইবুলি কোৱাত অভিনৱ আনন্দত উৎফুল্লিত হৈ পৰিল। সি ৰমেন বৰুৱা ছাৰৰ আশীৰ্বাদ বিচাৰিলে। 

       ঠিক এমাহৰ পিছতেই অভিনৱৰ নামভৰ্তি এখন ভাল কলেজত হ'ল। সি এতিয়া অসমৰ এখন আগশাৰী কলেজৰ কলা শাখাৰ ছাত্ৰ। সি এতিয়া পঢ়া-শুনাতো বেচ ভাল হৈ পৰিল। এতিয়াৰ পৰা অভিনৱে এটা নতুন জীৱন পালে।
    
◾তানিয়া মধুকল্য
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)