একো হেৰুওৱা নাই-নিবিৰ শৰ্মা

সুখৰ ভোকত ক'লা পৰা কলিজাখনত
ৰঙা আবিৰ সানি দিছো
দুখবোৰনো কি? 
আহে আৰু যা‌য়..
হাঁহিৰ আৱৰণ এখন পিন্ধি লৈ
নিসংগতাক হাতেৰে মোহাৰিছোঁ।
কাঁইটে বিন্ধা শেতাঁ হাতত 
সজীৱ গোলাপ 
একেইতো আছে সকলো..

একো হেৰুওৱা নাই।।


✍️নিবিৰ শৰ্মা
    মৰিগাঁও




Post a Comment

Previous Post Next Post