যুৱপ্ৰজন্ম: মাদকদ্ৰব্য সেৱন এক সামাজিক ব্যাধি - চিন্ময় ডেকা

©Admin
0
সাম্প্রতিক সময়ত যুৱসমাজৰ মাজত উচ্ছৃংখলতা পৰিৱেশে বিৰাজ কৰিছে। নিচাযুক্ত দ্ৰব্য সেৱনৰ আসক্তি দ্ৰুতগতিত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । ই, সমাজৰ বাবে এক ভয়াৱহ সংকট বুলিব পাৰি। কিয়নো, যুৱশক্তি হৈছে সমাজ তথা দেশ গঢ়াৰ মূল ভেটিস্বৰূপ। এই ভেটি সুদৃঢ় নহ’লে সমাজত শান্তি সম্ভৱপৰ নহয়। প্ৰচলিত নিচাযুক্ত দ্ৰব্যৰ ভিতৰত 'মদ' হৈছে এবিধ মাৰাত্মক স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক দ্ৰব্য। ই কেৱল শৰীৰ অনিষ্ট কৰাই নহয়, মানসিক স্বাস্থ্যৰ পক্ষে অতি হিতকৰ। মদ পান কৰিলে মানুহৰ সুস্থ মগজুৰ স্নায়ুতন্ত্ৰত বিশৃংখল ঘটে ফলশ্রুতিত ইয়াৰ মাত্ৰা অধিক হ’লে বিবেক আৰু হিতাহিত জ্ঞানশূন্য হয়। যিটো চিৰসত্য। এইবিধ দ্ৰব্য দীৰ্ঘদিন ধৰি সেৱন কৰাৰ ফলত স্মৃতিশক্তি, দৃষ্টিশক্তি, ধাৰণাশক্তি ক্ষীণ হোৱাৰ উপৰিও আমাৰ হাওঁফাওঁ, হৃদযন্ত্ৰ, স্নায়ুদুৰ্বলতা আৰু ৰক্তচাপ বৃদ্ধি কৰি অনাকাংক্ষিত ৰোগ সৃষ্টি কৰে। মাদকদ্ৰৱ্যৰ ব্যৱহাৰে সমাজত এক ব্যাধিৰূপে দেখা দিছে। বৰ্তমান সময়ত সমাজ, দেশ তথা ৰাজ্য খনত বিভিন্ন স্তৰৰ মানুহে এনেকুৱা কিছুমান দ্ৰব্য সেৱন কৰিবলৈ লৈছে, যাৰ ফলশ্রুতিত মানুহে নিজকে পাহৰি যায়। কেতিয়াবা মানুহৰ হিতাহিত জ্ঞানো নোহোৱা হৈ যায়৷ মানুহৰ জীৱনত এই আসক্তিকৰ বস্তুবোৰে ক’ব নোৱাৰাকৈয়ে আমাৰ দৈনন্দিন জীৱনত অপকাৰ সাধন কৰে৷ দৰাচলতে প্ৰতিদিনে বাতৰি কাকতৰ পৃষ্ঠা লুটিয়াই চালে, টি.ভি নিৰীক্ষণ কৰিলে দেখিবলৈ পাওঁ। বিশেষকৈ চহৰ-নগৰ, গাঁৱে-ভূঞে যেন নানা অশান্তি। তদ্ৰুপ চুৰি-ডকাইতি, হত্যা-লুণ্ঠন, বলাৎকাৰ, অপহৰণ, উগ্ৰবাদ, প্ৰৱঞ্চনা, দুৰ্ঘটনা ইতাদ্দিৰ বাহিৰেও নানা ৰোগ-ব্যাধিয়ে সৰ্বসাধৰণ মানুহক জুৰুলা-জুৰুলি পৰিৱেশৰ সৃষ্টি কৰি আহিছে। বিয়া-সবাহ, ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান, বনভোজস্থলী আদিত সঘনাই ঘটি থকা ঘটনাবোৰ সকলোৱে আমি হয়তো দেখি বা শুনি আহিছোঁ। যিটো প্ৰত্যক্ষ ভাৱে বিবেচনা কৰা নাযায়। এক কথাত গাড়ী, মটৰ, ৰে’ল আদিত ভ্ৰমণৰ ভয়-শংকাৰ পৰা আজিৰ দিনত আমি সম্পূৰ্ণ মুক্ত নহয়। বিশেষকৈ নাৰীৰ কথা বাৰু নকওঁৱেই, এই ক্ষেত্রত সকলোৱে অৱগত। যদি এনে পৰিস্থিতিয়ে বিৰাজ কৰে, কেনেদৰে বিকশিত হ'ব সমাজ। সমাজত নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্যসমূহ অবাধ প্ৰচলন ঘটা অৰ্থাৎ এইবোৰৰ নিয়ন্ত্ৰণ নোহোৱালৈকে বিকাশৰ পথ প্ৰশস্ত নহ'ব। নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্য বুলিলে সাধাৰণতে মদ, ভাং, বিড়ি, চিগাৰেট, ধঁপাত, পানমছলা, গুট্‌খা আৰু হেৰ’ইন আদি দ্ৰব্যসমূহক বুজায়। আমি সকলোৱে দেখি উপলব্ধি কৰিব পাৰোঁ। এই দ্ৰব্যবোৰ সেৱনৰ ফলত ব্যক্তিৰ জীৱন তথা শৰীৰিক, মানসিক, সামাজিক জীৱনত বহুতো বিশৃংখলতাই  ইংগিত বহন কৰে। লগতে ৰোগ সৃষ্টি কৰি আগতে উল্লেখ কৰি অহা ঘটনা, দুৰ্ঘটনা, অসামাজিক কাৰ্যৰ অধিকাংশই ইয়াৰে পৰিণতি। ইয়াক প্ৰতিৰোধ কৰি সমাজত শান্তি প্ৰতিষ্ঠা কৰিবলৈ হ’লে সকলো ধৰণৰ নিচযুক্ত বা ৰাগিয়াল দ্ৰব্যবোৰ নিয়ন্ত্ৰণ কৰাটো বাঞ্চনীয়। অন্যথা সমাজ-সংস্কৃতিৰ প্ৰতি অগাধ অৱনতি ঘটিবলৈ বেছি সময় নালাগিব, সজাগ হৈ এই ৰাগিয়াল দ্ৰব্যৰ সেৱনৰ পৰা নিজক বছাই ৰাখিবলৈ যুৱপ্ৰজন্ম‌ই নিজে প্ৰচেষ্টা হাতত ল'ব লাগিব। নহ'লে ভৱিষ্যৎ বিপদাপন্ন।


চিন্ময় ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)