অনুভৱ-গায়ত্ৰী কোঁৱৰ

মন যায় নিজক এই মায়া বজাৰৰপৰা মুক্ত কৰি দিবলৈ , পাহৰি যাবলৈ সকলো নিৰস বেদনা । বেদনা আকৌ কেনেকৈ নিৰস হ'ল ? ই দেখোন মৌৰ দৰেই মিঠা , মৌন আবেগেৰে ভৰা । ইয়াৰো দেখোন আছে ফুলৰ দৰে ফুলি সুবাসিত হ'ব পৰা গুণ , ইয়াৰো আছে আকাশৰ দৰে বিশালতা । তথাপিওঁ   বেদনাবোৰো যে কিয় আহে নষ্ট জীৱনৰ এটি বাট লৈ ! বাৰে বাৰে অপমানিত হ'বলৈ । বেদনাইটো শেষ নহয় ই সৃষ্টিৰ আৰম্ভণি হে সেয়ে বেদনা মোৰ অতি প্ৰিয় । আবেগৰ পোছাকেৰে সজ্জিত এই বেদনাৰ প্ৰাপ্তিয়েইটো প্ৰেম , যি প্ৰেমৰ আছে কেৱল আৰম্ভণি নাই কোনো পৰিসমাপ্তি । তথাপিওঁ মন যায় শান্তিৰে এবাৰ মায়া বজাৰৰ পৰা নিলগত তৃপ্তিৰে জিৰাবলৈ ।  বেদনা মিশ্ৰিত দলিচাত উঠি গুচি যাবৰ মন জীৱনৰ এখন জীয়া অথচ অলৌকিক যেন লগা সেই ছবি আঁকিবলৈ । কি নাম আছিল বাৰু ? কোনোৱে দেখোন তাক উপন্যাস বুলিহে কয় আৰু কোনোৱে কয় জীৱনৰ এখন জীৱন্ত ছবি । বাৰু তাৰ নাম যিয়ে নহঁওক মই কম তাক আবেগেৰে ভৰা প্ৰেমৰ ছবি , এখন এনে ছবি য'ত বাস্তৱতাই উৰা মাৰে সপোন প্ৰিয়াক বিচাৰি । মইও যাম  মোৰ প্ৰিয় আবেগৰ টোপোলাটো লৈ উপন্যাস নামৰ নাওখনত উঠি । গৈ থাকিম হৃদয়ৰ গোপন পথেৰে দিগন্তত উজ্জলি থকা অথচ চকুৰে নমনা তৃপ্তি বিচাৰি । কোন বাৰু সেই তৃপ্তি তাৰ নামেই বা কি আছিল ? তাৰো আছে নেকি মোৰ দৰেই আবেগৰ ৰঙেৰে ৰঙীণ হোৱা এক প্ৰেমৰ বাৰ্তা ! যদি আছে মোৰ সৈতে পাতিব জানো সেই কথা ! মোৰ দৰে সেই তৃপ্তি নিসংগ নহয় ছাগে , কিন্তু যদি হয় মোৰ সৈতে বন্ধুত্ব কৰিব জানো ? যদি কৰে মই মাতিম অনুভৱী প্ৰিয়া । ধেৎ এইটো আকৌ কি নাম ! বাৰু নামৰ শব্দটো পাছত ভাবিম । এইয়া কি নাওে দেখোন বহু দূৰ বাট বুলিলে , আন্ধাৰ অথচ মাজে মাজে ভুমুকি মাৰি থকা কিছু কাহিনীৰ বাটত । মই বাৰু পথভ্ৰষ্ট হৈ পৰিলোঁ নেকি ! কিয় ,,, কিয় ,,, মোক হাজাৰ খন  মুখে আগুচি ধৰিছে ! এইয়াও নেকি বেদনা মিশ্ৰিত এক মায়া ?

◾গায়ত্ৰী কোঁৱৰ

Post a Comment

Previous Post Next Post