মোবাইল ফোনে শিশু সকলোৰ মস্তিষ্ক বিকাশত অধিক ক্ষতি সাধন কৰে-কনমণি নাথ

Rinku Rajowar
0
বৰ্তমান আমাৰ সমাজ ব্যৱস্থাত প্ৰায় সকলোবোৰ দিশে উন্নতিৰ শিখৰত উঠিছে। ইয়াৰ ভিতৰত মোবাইল ফোন অন্যতম বুলি ধৰিব পাৰি। কিয়নো মোবাইল ফোন বৰ্তমান খুবেই জনপ্ৰিয়তাৰ শীৰ্ষত থাকি
আমাক ভিন্ন দিশত ভিন্ন ধৰণেৰে সুবিধা প্ৰদান কৰি পৃথিৱীখন হাতৰ মুঠিত থকা যেন অনুভৱ কৰিব পাৰি। কিন্তু তাৰ সমান্তৰাল ভাবে বৰ্তমান মোবাইল ফোনে বহু ক্ষতি কৰি আছে বিশেষকৈ আমাৰ সমাজৰ শিশু সকলক।কিয়নো শিশু এটা জন্ম হোৱাৰ পিছৰে পৰা অভিভাৱক অৰ্থাৎ মাকগৰাকীয়ে সন্তানক মোবাইল ফোন হাতত তুলি দিয়ে বা কোনো খাদ্য খোৱাৰ সময়ত মোবাইলৰ জৰিয়তে নিচুকণি দিয়ে। কিন্তু তেনে আচৰণে সন্তানজনৰ পিছলৈ অভ্যাসত পৰিগণিত হৈ মোবাইল ফোন অবিহনে কোনো খাদ্য নোখোৱা হৈ পৰে! মোবাইল নিচা সদৃশ হৈ পৰে।
ইয়াতে কথা এটা সংযোজন কৰিব বিছাৰিছো যে, সকলো অভিভাৱকৰ ক্ষেত্ৰত এনে পদ্ধতি বা ধাৰণা নহয়। কোনো পৰিয়ালৰ অভিভাৱকে কামৰ তাগিদা বা ভিন্ন সমস্যাৰে জৰ্জৰিতহৈ উপায়হীনহৈ সন্তানক মোবাইল হাতত তুলি দি এনেকৈ নিচুকনি দিবলৈ বাধ্যৰ সন্মুখীন হোৱা দেখা যায়। কিন্তু পৰাপক্ষত নিজৰ সন্তান জনক জনা নোহোৱালৈকে মোবাইল হাতত তুলি দিয়াৰ যুক্তি নাথাকে বুলি ভাবো কিয়নো  ২ ৰ পৰা ৬ বছৰ বয়সৰ শিশুৰ হাতত মোবাইল তুলি দিলে মোবাইলৰ প্ৰতি অধিক আকৃষ্টহৈ পৰে ফলত শিশু সকলৰ মস্তিষ্কই বহু কষ্ট পাই বা খেলি মেলি হোৱাৰ  সম্ভাৱনা থাকে কাৰণ আজি কালি মোবাইল হাতত তুলি দিয়াৰ পিছত ইণ্টাৰনেটৰ জৰিয়তে শিশুক আকৰ্ষিত কৰি তুলিব পৰা নানা কথা বা ভিডিঅ' চায় কিন্তু তেনে কথা বা ছবিয়ে সেই বয়সৰ শিশু সকলৰ ব্ৰেইন বা মস্তিষ্কই ঢুকি নাপায়। ফলত কেতিয়াবা শিশু সকল ডাঙৰ হোৱালৈকে শিশু সুলভ আচৰণ সমূহ থাকি যোৱাৰ আশংকা থাকে। সেয়েহে
২ ৰ পৰা ৬ বছৰ বয়সৰ শিশু সকলক এই দিশত মাতৃ গৰাকীৰ অপৰিসীম দায়িত্ব সন্নিবিষ্ট হৈ থাকে। খাদ্য খোৱাৰ সময়ত যদি সন্তানে খাবলৈ অমান্তি হয় তেতিয়া তাহানিৰ নিচুকনি গীতৰ মাজেৰে সন্তান সকলক খাদ্য বস্তু খোৱাৰ অভ্যাস কৰিলে পিছলৈ তেনে ধাৰা অব্যাহত থাকিব আৰু ইয়াৰ জৰিয়তে শিশু সকল বহু  উপকৃত হ'ব পাৰিব।
(১) নিচুকণি গীতৰ জৰিয়তে শিশু সকলৰ মস্তিষ্ক সুৰক্ষিতহৈ থাকিব।
(২) তেনে ধাৰণাৰ দ্বাৰা নিচুকণি গীতৰ পৰম্পৰা অক্ষুণ্ণ থাকিব।
(৩) নিচুকণি গীতে শিশু সকলক অভিজ্ঞতা আহৰণ কৰাৰ উপৰি হাঁহি, ফূৰ্তিৰে জীপাল কৰি ৰাখিব পাৰে।আৰু নিচুকণি গীতৰ বিষয়ে বুজি উঠিব।

পৰিয়াল এটা চলিবলৈ হ'লে খুব বেছি সা-সম্পত্তিৰ প্ৰয়োজন নাথাকে যদি নিজৰ সন্তান জনক সময় দিব নোৱাৰি মাত্ৰ টকা-পইচা, সা- সম্পত্তিৰ পিছত দৌৰি কোটিপটি নহওঁক কিয় যদি নিজৰ সন্তান জনক ভাল মানুহ ৰূপত গঢ়ি তুলিব নোৱাৰি তেতিয়া তেনে কোটি টকা বা সা-সম্পত্তি বোৰ কিবা কামত আহিব বুলি বিশ্বাস কৰিব পাৰি নে?
গতিকে আমি অধিক টকা-পইছাৰ পিছত দৌৰাতকৈ প্ৰথমে নিজৰ সন্তান জনক অধিক সময় দি পঢ়া পাতি আদিকে ধৰি সকলো দিশত অধিক মনোযোগেৰে আগুৱাই নিয়া দিশত তীক্ষ্ণ দৃষ্টিত আৱদ্ধ কৰি ৰখা উচিত।
সৰুৰ পৰা শিশু সকলক হেলা বা বিৰক্তি অনুভৱ কৰি মাতৃ গৰাকীয়ে নিজৰ সুবিধাৰ কাৰণে মোবাইল ফোনটো হাতত তুলি দি নিজকে দায়িত্ব শেষ বুলি ফূৰ্তি কৰা ধাৰণাটো সকলোতকৈ ডাঙৰ ভুল। কিয়নো সেই এদিন বা দুদিনৰ কষ্টৰ কাৰণে বিৰক্ত অনুভৱ কৰা কাৰ্যটো পিছলৈ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা থাকে। আমি ভৱিষ্যতৰ কথা ক'ত কি হ'ব কোনেও নাজানো যদিওঁ সদায় সতৰ্কতা অৱলম্বন কৰি যোৱাটো নিতান্ত্যই প্ৰয়োজন বোধ কৰা উচিত। শিশু সকল হ'ল আমাৰ দেশৰ ভৱিষ্যত গতিকে আমি শিশু সকলৰ ক্ষতি হোৱা কোনো কামেই কৰিব নালাগে বা কোনেও নিজৰ সন্তান জন বিপথে পৰিচালিত হোৱা আশা বা কাম্য নকৰোঁ।
মোবাইল ফোনে আমাৰ শিশু সকলৰ মস্তিষ্ক বিকাশত কেনেকৈ প্ৰভাৱ পেলায়,,,,,?
হয় মোবাইল ফোনে শিশু এটাৰ মস্তিষ্ক বিকাশত অধিক ক্ষতি সাধন কৰে কিয়নো সৰুৰ পৰা শিশু এজনক মোবাইল ফোন হাতত তুলি দিলে সেই শিশুটোয়ে ভিন্ন ধৰণৰ ছবি, দৃশ্য দেখি আকৃষ্ট হৈ পৰে ফলত শিশুটি মোবাইলৰ প্ৰতি আকৃষ্ট হৈ শিশুসুলভ আচৰণ বোৰ ক্ৰমান্বয়ে পাহৰি থাকে মাথোঁ প্ৰতি ক্ষণতে মোবাইলৰ লগত সময়বোৰ অতিবাহিত কৰি তাহানিৰ শ্ৰীকৃষ্ণৰ শিশুৰ আচৰণ পৰা ফালৰি কাটি অন্য এখন ক্ষেত্ৰত সোমাই পৰে। ইয়াৰ ফলত শিশুটি শৈশৱৰ মধুৰ আমোদৰ পৰা ফালৰি কাটি যোৱাৰ উপৰি মস্তিষ্কৰ ক্ষতি হোৱাৰ খুবেই আশংকা থাকে।গতিকে আমাৰ শিশু সকলৰ ভৱিষ্যতৰ ওপৰত নিৰ্ভৰকৰি শিশু সকলক মোবাইল ব্যৱহাৰ কৰা বা হাতত তুলি দিয়া দিশৰ পৰা সদায় আঁতৰত ৰাখি শিশু সকলক শিশুৰ দৰেই আচৰণ কৰা দিশত অধিক মনোযোগেৰে গঢ় দিয়া উচিত বা প্ৰয়োজন আছে বুলি ধাৰণা কৰোঁ।

   
             ✍🏻কনমণি নাথ,
                বি'ব্লক বাক্সা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)