বর্হমথুৰি ৰ গুণাগুণ

Rinku Rajowar
0
ব'হাগৰ বতৰত চেনাই আৰু বহনাৰ প্ৰেমৰ প্ৰতীক বর্হমথুৰি । এইয়া অতীজত গাভৰুসকলে বিহুৰ বতৰত ওঠঁত বুলোৱা প্ৰাকৃতিক লিপষ্টিক । ইয়াৰ ৰঙটো কিন্তু ক'লা । বর্হমথুৰি হৈছে বহুবর্ষজীৱী উদ্ভিদ।পাতৰ আকাৰ ডাঙৰ।বৰথেকেৰাৰ পাতৰ স'তে কিছু সাদৃশ্য দেখা যায় । গছৰ কাণ্ড অংশ মসৃণ হোৱা দেখা যায় যদিও বয়সভেদে তাৰতম্য ঘটে । সাধাৰণতে চ'তৰ শেষৰ পৰা জেঠলৈকে এই গছৰ থুৰি হয় । যি থুৰিক আমি বর্হমথুৰি বুলি কওঁ । এই থুৰিটো বৰ মৰমলগা । এই বর্হমথুৰি অৰণ্যাঞ্চলত থাকিলেও সাধাৰণতে গাওঁবোৰতো আজিকালি সতকাই চকুত নপৰে । বর্হমথুৰি এজোপা সাধাৰণতে ১৫ মিঃ ৰ পৰা ২৫ মিঃ পর্যন্ত ওখ হয় । বর্হমথুৰি পৰিয়ালৰ আন উদ্ভিদ ভাৰতৰ অৰণ্যৰ লগতে আন ৰাষ্ট্ৰতো পোৱা যায় যদিও আমাৰ অসমত পোৱা বর্হমথুৰিৰ দৰে মৰমলগা ইবোৰত পোৱা নাযায় । অংগৰাগৰ সামগ্ৰী যদিও ইয়াৰ ঔষধি গুণো আছে । বর্হমথুৰি খালীকৈ বা তামোলৰ লগত চোবাই খালে দাঁতৰ সকলোধৰণৰ অসুখ প্ৰতিৰোধ কৰে । এইবিধ গছৰ পাত চোবাই বা পিহি ৰস উলিৱাই খালে পেটৰ অসুখ অশান্তি নহয় বুলি কোৱা হয় । অতীজত গৰু বিহুৰ দিনা ঘৰৰ জ্যেষ্ঠই বর্হমথুৰি আনি মিহিকৈ কাটি কাটি ঘৰৰ সকলোকে খাবলৈ দিছিল যাতে দাঁতৰ কোনোধৰণৰ অসুখত ভুগিবলগা নহয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)