বেল চাইজৰ কণ বিলাহী-দেৱ দাস

©Admin
0
“ এইকেইটা ভালকৈ পেকিং কৰি দিবচোন”
   “ কি সেইকেইটা ? ” ‌ “ এই কেইটা অʼ! ভালকৈ পেকিং কৰি দিয়ক যাতে চেপাখাই পেটু নোলায়। মুনিৰ হাতত গুৱাহাটীৰ বাইদেউ হঁতলৈ দি পঠাওঁ ”।
  দেখোঁ যে, চালনি এখনত এক কিলো মান এইমাত্ৰ গছৰ পৰা চিঙিঅনা ফ্ৰেছ ফ্ৰেছ কণ বিলাহী আৰু এমুঠি কচু শাক । খবৰ কাগজ খন পেলাই থৈ পুত্ৰ-কন্যা হঁতলৈ অনলাইনত প্ৰতিদিনে কিবা নহয় কিবা অহা,ভিতৰৰ বস্তু ৰাখি, যʼতে তʼতে পেলাই থোৱা বিভিন্ন চাইজৰ কাৰ্টুন বোৰৰ মাজৰ পৰা, বজাৰত ভাল মাছ বিচৰা দি বিচাৰি এটা বাচনি কৰি লৈ তলে ওপৰে কাগজ দি, চেলʼটেপ লগাই সুন্দৰকৈ পেকিং কৰি দিলোঁ। 
    একেটা বিভাগতে একে কাম কৰা বৰ জীয়ৰী আৰু পুত্ৰ গুৱাহাটীত দুদিনীয়াকৈ প্ৰশিক্ষণ ল'বলৈ যাব। জিলা খনৰ পৰা যাব লগা ওঁঠৰ জনে প্ৰশিক্ষণৰ আগদিনাই আবেলি একেলগে যাবলৈ আৰু শেষত সকলো একেলগে আহিব পৰাকৈ গুৱাহাটী লাইনৰ বাছ এখন ভাড়া কৰিছিল। গতিকে শ্ৰী মতীয়ে বায়েকলৈ বাৰীতে হোৱা সাৰ নিদিয়া বস্তু দুপদ দি পঠাব। আইৰো যাত্ৰা গঙ্গাৰো বাৰ্তা । ‘গাড়ীয়েহে নিব,দাঙি কঢ়িয়াই ফুৰিব নালাগে নহয়।’
     ল'ৰা-ছোৱালী হঁত খানাপাৰা প্ৰশাসনিক প্ৰশিক্ষণ কলেজ গৈ পাওঁতে,ৰুম লওঁতে ৰাতি হ'ল। সেইদিনা দিবলৈ যোৱা নহʼল। পিছদিনা ন‌ বজাৰ পৰা প্ৰশিক্ষণ থকাৰ বাবে আৰু সোনকালে বিছনা এৰা অভ্যাস নথকাৰ বাবে পিছদিনা পুৱাও দিবলৈ যোৱা সম্ভৱ নহল, কাৰণ জেঠায়েকহঁতৰ ঘৰ খাৰঘুলীৰ পাহাৰৰ ওপৰত । বেলতলাৰ পৰা দূৰ আছে। ৰুম এছাইনমেণ্ট সম্পূৰ্ণ কৰিব লগা বাবে সন্ধিয়াও দিবলৈও সময় নহ'ল। সিহঁতৰ ঘৰৰ কাৰোবাক মাতি পঠাবলৈও বেয়া লাগিছিল। সেইবাবে ট্ৰেইনিং শেষ কৰি এৰাতি জেঠায়েকৰ ঘৰত থকাও হ'ব আৰু বস্তু দুটাও দিয়া হ'ব বুলি পুত্ৰই সিদ্ধান্ত ললে। ঘৰৰ সাৰ নিদিয়া খেতিৰ ফচল দুদিনত বেয়া নহয়। ‘মাঁকৰ অভয় বাণী।’
     শ্ৰী মতীয়ে বায়েকৰ ঘৰলৈ গৈ ঘূৰি আহোঁতে নাৰিকল, নেমু, ভোট জলকীয়া, ৰঙালাউ, তামোল, ফুলৰ পুলি আদি লৈ অহা দেখিছোঁ কিন্তু তেখেত লোকৰ ঘৰত দুজোপা মান তামোল গছ আৰু টাবত থকা কেইডাল মান ফুলৰ বাদে অইন একো গছ বা খেতি হলে চকুত পৰা নাছিল। এবাৰ আধা পেকেট খোলা পাপৰ আৰু ফলামগু এক কিলো মান আৰু এবাৰ এক কিলো মান তেতেলীও লৈ আহিছিল। ‘কিনা বস্তু কিয় আনিব লাগে ?' বুলি সোধাত ‘বাইদেৱে বেগত / গাড়ীৰ ডিকিত নিজেই ভৰাই দিছে, মই কি কৰিম’ ? বুলি গা এৰা দিছিল। ময়ো সেইবোৰ ‘বস্তু’ নহৈ বায়েকৰ ভনীয়েকলৈ ‘মৰম’ বুলি সহজে লৈছিলোঁ । 
    চাৰি দিন গুৱাহাটীত থাকি আজি বেটা-বেটী ঘৰ পালেহি। মই অজীণ পাতকীয়ে এল পি স্কুলৰ অংক মাষ্টৰে মূখতে সাজি দিয়া মৌখিকৰ দৰে অংক এটা ভাবিলোঁ- এশ টকা (মান)ৰ কণবিলাহী আৰু কচু শাক দিবলৈ বেলতলাৰ পৰা ওপৰ খাৰঘূলীলৈ আহোঁতে কেবৰ ভাড়া ৩০০/-টকা; কোনোবাই বগা কোনোবাই ৰঙা নোখোৱা বাবে নিমখীয়া সহ দুবিধ মিঠাই ৪০০/-টকাৰে কিনি লৈ গৈছিল। বহুদিনৰ মূৰত তেজপুৰৰ পৰা ভাগিনহঁত আহিছে গতিকে ভালকৈ এসাজ খুৱাবলৈ ,লোকেল মূৰ্গী আৰু লোকেল বাহু মাছ আনোতে শ্ৰীমতীৰ অৱসৰপ্ৰাপ্ত ভিনিহীয়েকৰ গ'ল ৯৮০/-টকা। বিহু বুলি ল'ৰাক দিলে ৭০০/-টকাৰ চাৰ্ট এটা । এতেকে এক কিলো ফ্ৰেছ সাৰ নিদিয়া কন বিলাহী দিওঁতে থওঁতে যদি ২৩৮০/- টকা পৰেগৈ তেনেহলে বিলাহীৰ চাইজ কিমান ডাঙৰ হ'ব? 
********
     মোৰ কণিষ্ঠ কন্যাৰ এটা গুণ এনেকুৱা যে ককায়েক-বায়েক কৰবাৰ পৰা আনকি অফিচৰ পৰা আহিলে তাইলৈ ‘কিবা’ আনিব লাগিবই। দৰকাৰ হ'লে বেগ তালাছি হৈ যাব। আজিও হ'ল। ‘ মোলৈ (মোৰলৈ) কি আনিছ বুলি বেগ তালাছিত একো নাপাই চিঞৰিয়ে দিলে।
  “ একো আনিব নোৱাৰিলি?
    “ কেৰি বেগটোত নেচাৱ কিয় কাণী?
    “ সেইটো আগতেই চালোঁ । তাতচোন কণ বিলাহী এসোপাহে আছে!”
     “হাঁ ??? হাঁ ????.......
*********""
উপসংহাৰ
**********
 ভনীয়েকলৈ বুলি কিনা মিঠাই টুপুলাটো সহ দুই টুপুলা মিঠাই ভুলতে জেঠায়েকৰ হাতত দিছিল। কিন্তু কোনেও খুলিহে নেচালে ।ঘৰৰ বিলাহী বেলৰ চাইজ লৈ ঘৰ পালেহি।
লেখকঃ দেৱ দাস 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)