জীৱন প্ৰত্যাশা-মনস্বিনী শৰ্মা

Rinku Rajowar
0
সন্ধিয়াৰ সময়।ষ্ট্ৰীট লাইটৰ হালধীয়া পোহৰে চহৰৰ দুইমূৰ সংযোগ কৰা পকী দলংখন পোহৰাই ৰাখিছে।দলংখনৰ তলেৰে বৈ যোৱা নদীখনত আকাশত উজ্জ্বলি থকা পূৰ্ণিমাৰ জোনৰ পোহৰে জলকেলি খেলিছে।দলঙৰ বুকুত ব্যস্ত মানুহৰ ব্যস্ততাৰ খোজ।এখনৰ পাছত আন এখনকৈ যান-বাহন অহা যোৱা কৰি আছে।
          দলঙখনৰ ৰেলিঙত দুহাতেৰে ভেজা দি গৌতমে নদীখনৰ পানীখিনিলৈ একেথৰে চাই আছে।তাৰ কান্ধত এটা চামৰাৰ বেগ।বেগটোৰ চেইন এডাল ছিঙি সৃষ্টি হোৱা সুৰুঙাটোৰে বেগটোত থকা কিছুমান নথি-পত্ৰই উন্মুক্ত হৈ বাহিৰলৈ চাই আছে।অনেক পৰ সি তেনেকৈ ৰৈ থকাত বাটৰ বাটৰুৱাই তালৈ দৃষ্টি নিক্ষেপ নকৰা হয়।পূৰ্বতে এইখন দলঙৰ ৰেলিঙৰ পৰা জঁপিয়াই ছুইচাইড সংঘটিত হৈছে।গতিকে বাটৰুৱা কিছুমানেও হয়তো সেইবোৰ কথা ভাবিয়েই গৌতমৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে।
          গৌতমৰ মন-মগজুত অনেক কথাৰ পাকঘূৰণি খাই আছে।অনেক অংক চলি আছে তাৰ মনত।ইয়াৰে কিছুমানৰ উত্তৰ সি পাইছে যদিও আন কিছুমান অংকচোন জটিলৰ পৰা জটিল হৈ গৈ আছে।গৌতম এজন সাতাইশ বছৰীয়া যুৱক।গৌতমৰ জীৱনত সি আশা কৰা মতে একো সফলভাৱে হোৱা নাই।প্ৰত্যাহ্বানসমূহ নেওঁচি যিমানেই সি জীৱনটো আশা কৰা মতে সজাবলৈ চেষ্টা কৰে সিমানেই আউল লাগে।শৈশৱত ৰং-ধেমালি কৰাৰ সলনি সি জীৱনৰ প্ৰত্যাহ্বানবোৰৰ সৈতে যুঁজ  দিবলৈহে শিকিবলৈ বাধ্য হৈছিল।লাহে লাহে সি হতাশাত ভুগিবলৈ লৈছে।মনটোত গুজৰি-গুমৰি থকা কথাবোৰে তাৰ কেতিয়াবা ডিঙিটো চেপা মাৰি ধৰা যেন লাগে।
         হঠাৎ গৌতমৰ তাৰ কান্ধত কোনোবাই হাত এখন ৰখা যেন অনুভৱ হ'ল।সি তৎক্ষণাত উভতি চাই দেখে তাৰ কান্ধত ৰখা হাতখনৰ গৰাকী নীলাক্ষী চলিহা।পিন্ধনত নীলা জিনচ্‌,টি ছাৰ্ট আৰু কোট,দুচকুত ডাঙৰ ফ্ৰেমৰ চশ্‌মা আৰু ওঁঠত টিকটিকিয়া ৰঙা লিপষ্টিকেৰে নীলাক্ষী চলিহাক দেখিবলৈ বৰ অপূৰ্ব লাগিছে।তেখেতৰ সাজ-সজ্জাৰ দিশে তেখেতৰ দুকুৰি বছৰক কিন্তু প্ৰকাশ হ'বলৈ দিয়া নাই।বাইদেউ হঠাত আপুনি ইয়াত যে?-গৌতমে অলপ কঁপা মাতেৰে ক'লে।  ঃমোৰ কথা বাদ দিয়া।তুমি ইয়াত অকলে অকলে কি কৰি আছা?আট্‌চা আই ন' আজি তুমি দিনত হোৱা ইনচিডেণ্টটোৰ কথা ভাবি আছা ন'?বহুত হাৰ্ট হৈছা তুমি। ফৰগেট ডিজ।-নীলাক্ষী চলিহাই গৌতমৰ মনৰ কথাষাৰ কৈ দিয়াত সি হা না কি উত্তৰ দিব ভাবি নাপালে। ঃব'লাচোন এফালে যাওঁ।কথা অলপ পাতিম।তোমাৰো মনটো ফ্ৰেচ লাগিব।-এইবুলি নীলাক্ষী চলিহাই গৌতমক হাতত ধৰি তেখেতৰ গাড়ীলৈ লৈ গ'ল।কথাৰ মাজে মাজে ইংৰাজী শব্দ প্ৰয়োগ কৰাটো নীলাক্ষীৰ এক অভ্যাস।    নীলাক্ষী চলিহা আৰু গৌতমৰ চা-চিনাকী হৈছিল ফেচবুকৰ মাধ্যমেৰে।মনৰ কথা-বতৰা এজনে আনজনৰ লগত আদান-প্ৰদান কৰাৰ মাজেৰে দুয়োৰে সম্পৰ্ক বায়েক-ভায়েকলৈ ৰূপান্তৰ হৈছিল।শিৱসাগৰ চহৰখনৰ বাসিন্দা নীলাক্ষী চলিহা।সংস্থাপনৰ পথ বিচাৰি ফুৰা গৌতমক নীলাক্ষীয়ে তাই কৰি থকা কোম্পানীটোত খালী হোৱা একাউণ্টেট পদটোত আৱেদন কৰিবলৈ কৈছিল।সেই সূত্ৰে গোলাঘাটৰ পৰা ৰাতিপুৱাতে গৌতম আহি পদটোৰ বাবে সাক্ষাৎকাৰত বহিছিল।কিন্তু কোম্পানীটোৰ মালিকজন মহা ঘোচখোৰ।সাক্ষাৎকাৰত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পাছত গৌতমক মালিকে সত্তৰ হাজাৰ টকাৰ ঘোচ বিচৰাত গৌতমৰ খঙে চুলিৰ আগ পালেগৈ।মালিকৰ সৈতে গৌতমৰ অলপ তৰ্কা-তৰ্কি হোৱাত সকলো কৰ্মচাৰীৰ সন্মুখত মালিকজনে গৌতমৰ স্বাভিমানক আঘাত কৰাৰ কথা কৈ তিৰস্কাৰ কৰিলে।নীলাক্ষী চলিহাই এই সকলোবোৰ ঘটনা দেখি মালিকজনক অলপ অনুৰোধ কৰিলে যদিও নীলাক্ষীও তিৰস্কাৰৰ সন্মুখীন হ'ল।       
      নীলাক্ষীৰ গাড়ী আহি চহৰখনক সৌন্দৰ্যবৰ্ধন কৰা বৰ পুখুৰীটোৰ পাৰত ৰ'লহি।দুয়ো বৰপুখুৰীৰ কাষতে বহিলহি। কিছু সময়ৰ মৌনতাৰ পাছত নীলাক্ষীয়ে ক'লে, 
ঃৰাতিৰ আন্ধাৰতো পুখুৰীটোৰ পানীখিনি আজি কিয় জিলিকি আছে?
ঃআজি পূৰ্ণিমা।জোনৰ জোনাকেৰে পুখুৰীটোৰ পানীখিনিও জিলিকাই ৰাখিছে।-গৌতমে কয়।
ঃতেন্তে অমাৱশ্যাৰ সময়খিনিত পুখুৰীটোৰ পানীখিনি অন্ধকাৰত কেনেকৈ থাকে?
ঃদিনৰ সূৰুযৰ পোহৰক স্মৰণ কৰি নতুবা পুনৰ পূৰ্ণিমা হোৱাৰ দিনটোৰ অপেক্ষা কৰি। 
 ঃহুমম্‌।তেন্তে আমি মানুহবোৰে জীৱনৰ অমাৱশ্যাৰ সময়খিনিত পূৰ্ণিমালৈ আশা কৰিব নোৱাৰো কিয়?আন্ধাৰৰ পাছত পোহৰ আহিব বুলি জানিও সেই পোহৰলৈ আশা হেৰুৱাও কিয়?       
    নীলাক্ষী চলিহাৰ প্ৰশ্নত গৌতমে কিছু সময় ভাবুক হৈ ৰ'ল।নীলাক্ষীৰ সৈতে একাত্ম সম্পৰ্ক গঢ়ি উঠাৰ পিছৰে পৰা এজনে আনজনক জীৱনৰ বহু কথাই কৈছিল।গৌতমৰ দেউতাক এজন প্ৰাইভেট চাকৰিয়াল আছিল।তেওঁ বৰ মদপী মানুহ আছিল।নিচাসক্ত হৈ ঘৰ-সংসাৰৰ ফালে পিঠি দিছিল।মদ খোৱাৰ প্ৰকোপত তেওঁ চাকৰিটো হেৰুৱাইছিল।দেউতাকৰ এই স্বভাৱৰ ফলত সিহঁতৰ পানীত হাঁহ নচৰা অৱস্থা হৈছিল।মাকে কষ্ট কৰি দুই-এটকা উপাৰ্জন কৰি ঘৰখন চলাইছিল।মাকৰ কষ্ট দেখিও দেউতাকে চকু মুদা কুলি হৈ দিন পাৰ কৰিছিল।গৌতম আৰু ভনীয়েক গীতাক মাকে পঢ়া-শুনাত অলপো বাধা পৰিবলৈ দিয়া নাছিল।গৌতমে সদায় এটা কথাই ভাবে যাতে সি সোনকালে নিজৰ পঢ়া-শুনা সামৰি চাকৰি এটা যোগাৰ কৰি মাকৰ কষ্টৰ উপশম ঘটাব পাৰে।গৌতম পঢ়া-শুনাত মেধাৱী আছিল।মদ খোৱাৰ মাত্ৰা বাঢ়ি গৈ থকাত দেউতাকৰ লিভাৰ আৰু বৃক্ক বেয়া হ'বলৈ ধৰিলে।গৌতমৰ মাক আৰু খুৰাকে দেউতাকৰ যিমান পাৰে চিকিৎসা কৰালে যদিও এদিন দেউতাকৰ মৃত্যু হ'ল। দেউতাকৰ মৃত্যুৰ পাছত মাকে আৰু দুগুণ কষ্টৰে ল'ৰা-ছোৱালীহালক ডাঙৰ-দীঘল কৰিলে।কিন্তু জীৱনত সদায় আশা নকৰাবোৰহে বেছিকৈ ঘটে।কলেজীয়া জীৱনত ভৰি থৈ যৌৱনৰ প্ৰেমৰ সাগৰত হাবু-ডুবু খাই গীতাৰ এদিন এজন ল'ৰাৰ সৈতে বদনাম ওলাল।গীতা গৰ্ভৱতী হ'ল।ল'ৰাজনে গীতাক গ্ৰহণ কৰিবলৈ অমান্তি হ'ল।সমাজে গৰিহনা দিয়া গীতা দুখত ভাঙি পৰিল।গীতাৰ লগতে গৌতমৰ ঘৰখনো খং-দুখত ভাঙি পৰিল।মাক গীতাক দুখতে অনেক গালি-গালাজ কৰিলে।ককায়েক হিচাপে গৌতমে গীতাক সকলো পাহৰি নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ ক'লে।কিন্তু গীতায়ে এদিন সকলো সাহস , জীয়াই থকাৰ আশা হেৰুৱায় আত্মহত্যা কৰিলে।গীতাক হেৰুৱাই মাকো মানসিকভাৱে লাহে লাহে ভাঙি পৰিল।বৰ্তমান তেওঁ এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা।খুৰাকে ককায়েক ঢুকোৱাৰ পাছত গৌতমহঁতৰ ফালে পিঠি দিবলৈ ধৰিলে। গৌতমহঁত থকা ঘৰটোও ছলনাৰে খুৰাকে নিজৰ নাম কৰিলে আৰু মাক আৰু গৌতমক সোনকালে ঘৰ এৰি যাবলৈ ক'লে।গৌতমৰ কাকূতি-মিনতিয়েও খুৰাকৰ অন্তৰ গলাব নোৱাৰিলে।মাকে বাহিৰৰ জগতৰ কথা একো গম নোপোৱাৰ সময়ত গৌতমে সকলো জটিল প্ৰত্যাহ্বান গ্ৰহণ কৰিব লগা হৈছে।সৰু-সুৰা ইটো-সিটো কাম কৰি সি ভাতমুঠি যোগাৰ কৰে।বিভিন্ন ঠাইত চেষ্টা কৰিও চাকৰি এটা যোগাৰ কৰিব পৰা নাই।বেচেৰী মাকৰ উন্নত চিকিৎসা কৰিবলৈ তাৰ সামৰ্থ নাই।কি ভাবিছিল জীৱনটোক লৈ কি হৈ গৈ আছে জীৱনটোত সি একো তত্‌ ধৰিব পৰা নাই।
ঃকি ভাবিছা?এৰি অহা দিনবোৰ?-নীলাক্ষীৰ কথাত গৌতমৰ ভাৱনাত যতি পৰিল। ঃউমম্‌ ভাবিছো জীৱনৰ পথটো আশা কৰাৰ দৰে নহয় কিয়?পোন পথ বুলি খোজ দিওঁতে ভৰি গৈ গাঁততহে পৰে। গাঁতটোৰ পৰা উঠি আহিবলৈ বৰ কষ্ট। 
ঃজীৱনে কোনো মানুহক আশা কৰা মতে সকলো নিদিয়ে।ঃমিছা কথা।পৃথিৱীত এনে কিছুমান মানুহ আছে যিয়ে জীৱনত আশা কৰা মতে সকলো পাইছে।আপুনি নিজলৈকে নাচায় কিয়?    -গৌতমৰ কথাত নীলাক্ষীয়ে হাঁহি এটা মাৰি কয়, 
ঃতুমি মোৰ জীৱনৰ কিছু সত্য নাজানা।মই ধনী মানুহৰ ঘৰৰ সন্তান আছিলো।মোৰ হাজবেণ্ডো এজন সফল ব্যৱসায়ী আছিল।মোৰ বিয়াৰ পাছত মা-দেউতাৰ মৃত্যু হোৱাত দেউতাৰ সকলো সা-সম্পত্তি,কাৰবাৰ দাদাই চম্ভালিলে। বিয়াৰ দুই বছৰ পিছত গম পালো যে মোৰ হাজবেণ্ডৰ এক্সটা মেৰিটেল এফেয়াৰ চলি আছে।এই লৈ আমাৰ অনেক কাজিয়াৰ সূত্ৰ-পাত হয়।দাদাক এই বিষয়ে কোৱাত সি ভালদৰে ৰেচপন নকৰিলে।আচলতে সি ভয় খাইছিল মই কেনেবাকৈ ডিৰ্ভোচ লৈ তাৰ ওপৰত বোজা হিচাপে পৰো বুলি।এদিনাখন হাজবেণ্ড আৰু মোৰ কাজিয়া বহুত বাঢ়ি যোৱাত মই খঙেৰে মোৰ কাৰখন ড্ৰাইভ কৰি ঘৰৰ পৰা ওলায় আহিছিলো।হঠাত মোৰ এক্সিডেণ্ট হ'ল।এক্সিডেণ্টত মোৰ ভৰি এটা ছিঙিল।সেই ঠাইত কাঠৰ ভৰি  এটা লগোৱা হ'ল।মোক শুশ্ৰূষা কৰিবলৈ অমান্তি হৈ মোৰ হাজবেণ্ডে বিদেশলৈ বিজনেচৰ কামত গুচি গ'ল আৰু ঘৰলৈ নহা হ'ল।দাদাই মোৰ যতন ল'বলৈ মানুহ এজনী বন্দৱস্ত কৰি দিছিল।লাহে লাহে মই সুস্থ হ'লো।খবৰ পালো হাজবেণ্ডে বিদেশত নতুনকৈ সংসাৰ আৰম্ভ কৰিছে।আমাৰ ডিৰ্ভোচ হ'ল।সৰুৰে পৰা লাহ-বিলাসত ডাঙৰ হোৱা মই কেতিয়াও চাকৰি কৰিম বুলি ভবা নাছিলো।দাদাক অসুবিধা নিদিওঁ বুলি ভাবি মই সম্পূৰ্ণ সুস্থ হৈ এই কোম্পানীটোত সোমালো।এতিয়া লাইফৰ সকলো চেলেঞ্জ হাঁহিমূখে গ্ৰহন কৰিব পৰা হ'লো। ঃবাইদেউ সঁচাকৈ আপুনি বহুত সাহসী।
ঃতুমি কিয় ভাঙি পৰিছা।আমি লাইফত কোনেও আশা কৰা মতে সকলোবোৰ নাপাওঁ।কিন্তু আমি তুলনামূলকভাৱেহে এজনে আনজনৰ তুলনাত কম-বেছি পৰিমাণে আশা কৰা মতে জীৱনৰ পৰা সুখ- আনন্দবিলাক লাভ কৰো।এণ্ড ৰিমেমবাৰ তুমি আশা কৰা কিবা এটা নাপালেও নেক্সট টাইমত তুমি আশা কৰাটোতকৈ আশা নকৰাকৈ বহুত ভাল কিবা এটা পাবা।লাইফৰ পৰা আশা কৰিবা।বাত সেই আশা চাক্সেচ হ'ব বুলি অভাৰ কনফিডেন্স নাৰাখিবা।লাইফৰ প্ৰতিটো ভাল মমেণ্ট এনজয় কৰা আৰু বেয়া মমেণ্টবোৰৰ সৈতে যুঁজ দিয়া। 
     ব'লা এতিয়া পানীপুৰি খাওঁগৈ।বহুদিন হ'ল পানীপুৰি নোখোৱা।- নীলাক্ষীয়ে স্মাৰ্টলি কোৱা কথাবোৰে গৌতমৰ ভাঙি পৰা মনটোক বহুত সাহস দিলে।দুয়ো বৰপুখুৰীৰ পাৰৰ পৰা উঠি গৈ চানাৱলাৰ ওচৰ পালেগৈ। ক'ৰবাৰ পৰা জুবিনদাৰ "যদি আশাৰ চাকিটি উমি উমি জ্বলে....তথাপিতো বন্ধু মনোবল ৰাখিবা....শেষত সকলো পাবা" গীতটিৰ সুৰ ভাঁহি আহি  গৌতমৰ কাণত পৰিলহি।
   
            
✍🏻মনস্বিনী শৰ্মা,           
স্নাতক ষষ্ঠ ষান্মাসিক,
শিৱসাগৰ ছোৱালী কলেজ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)