সন্ধ্যা পৃথিৱীখনকে চাওঁ বুলি ওলাই আহিলোঁ ।লাহে লাহে চিগাৰেটৰ ধোঁৱাৰ দৰেই আবেলিটো মিলি গ'ল কৰবাত।এনেকুৱাইটো হয় সাধাৰণতে, আমি দেখা পোৱা, বুজি পোৱাৰ আগতেই কোনোবা কৰবাত হেৰাই যায়।বহু দিনৰ মূৰত আমি মনত পেলাবলৈ চেষ্টা কৰোঁ।মনৰ মাজত কিন্তু সি বিবৰ্ণ হৈ পৰে।স্মৃতিৰ এক পাতল চামনী থাকি যায়, ঠিক ভেঁকুৰৰ দৰে সেউজীয়া অথচ উদ্ভিদ নহয়।
চিগাৰেটটো জ্বলাই বিশেষ এক ভংগীমাত ধোঁৱা উৰুৱাই সৰু লুঙলুঙীয়া বাটটোৱে মই আগবাঢ়ি গৈ আছোঁ।মহানগৰৰ নিয়ন লাইটবোৰ জ্বলি থকা নাই।ইয়াত গাড়ী মটৰৰ পে পু শব্দ নাই।বিদেশী গাড়ীবোৰৰ দৰেই দৌৰি আহিছে সন্ধ্যা।চিগাৰেটৰ কুণ্ডলীবোৰ ক্ৰমাৎ নাইকিয়া হৈ পৰিছে।
হঠাৎ এখন সৰু দৰ্জাত মোৰ আঙুলিৰ টোকৰ পৰিল।লগে লগেই খোলা দৰ্জাৰ ফাকেৰে সৰকি ক্ষীণ অকনমান পোহৰে মোক আলিংগন কৰিলেহি।
আৰে দোস্ত ।কোনো খবৰ নাই।এনকৈ এইদৰে,,,,,,।
তোমাৰ সান্নিধ্যত কটাবলৈ আহিছোঁ এটা নাষ্টালজিক ৰাতি।আৰু সেইবাবে ওলাই আহিছোঁ ।
তথাপিওঁ এটা খবৰ।তুমিটো জানা নিঃকিন কবিৰ গৃহত তোমাক আপ্যায়ন কৰিব পৰাকৈ একো নাই।
য'ত আপোন আছে।মৰম, বিশ্বাস আছে।সেই ঠাইত অকনমান চাকিৰ পোহৰটো স্বৰ্গ জ্যোতি বিকিৰণ হয়।বুজি পালানে কবি বন্ধু।তোমাৰ অকনমান সান্নিধ্যত মোৰ সুখ আছে।
হাঁ হাঁকৈ হাঁহিব ললে মোৰ প্ৰিয় বন্ধু সিদ্ধাৰ্থই।
জোনাকৰ চোতালত দুখন বেতৰ চকী।মই লগত লৈ যোৱা বিলাসী সুৰা ভৰ্ত্তি দুটা গিলাচৰ সাক্ষী হৈ ৰ'ল।এটা পিতলৰ চাকি।সাধাৰণ এটা জধলা ৰূপৰ মোৰ বন্ধু সকলোৱে ভবা দৰে মোৰ বাবেও অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী।সিদ্ধাৰ্থ হাতৰ আঙুলিত আছে যাদু আঁকিব পাৰে সুন্দৰ ছবি।আৰু মধুৰ সুৰৰ অধিকাৰী।যাৰ কণ্ঠৰ সুমধুৰ কবিতা শুনিবলৈ মোক চুম্বকৰ দৰে এই ঠাইলৈ আকৰ্ষণ কৰে।
গিলাচটো মুখলৈ আগবঢ়াই নি সিদ্ধাৰ্থই এফাঁকি কবিতা আওঁৰালে ।
জোন গলা এই ৰাতি
পান কৰোঁ প্ৰেয়সীৰ
কাণ কটা তেজ।
চিৰিংকৈ মনত পৰিল।কলেজৰ সেই বিশেষ দিনটোৰ কথা।স্মাৰ্ট বয় বুলি সকলোৱে পৰিচিত মই সেই দিনা কিবা কাৰণত দেৰিকৈ ক্লাছ ৰুমত সোমাব লগা হোৱাত ক্লাছৰ একেবাৰে জধলা বয় বুলি পৰিচিত সিদ্ধাৰ্থৰ লগত মনে মনে বহি পৰিলোঁ।ক্লাছ আৰম্ভ হৈছিল।সিদ্ধাৰ্থৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া মই দেখা পোৱা নাছিলোঁ।সি ছবি অঁকাত ব্যস্ত।কিনো আঁকিছে মই মোৰ ডিঙিটো দীঘল কৰি চালোঁ।এজনী ছোৱালী পৰি আছে।আৰু কাষতে এটা ল'ৰাই তাই কটা কাণৰ পৰা নিগৰি ওলাই অহা তেজ চেলেকি আছে। অদ্ভূত এটা দৃশ্য অংকন কৰিব পৰা এই জধলা বুলি সকলোৱে ভবা ল'ৰাটোৰ গাত যে অসাধাৰণ গুন আছে।মই বুজি পাইছিলোঁ।সেইদিনাৰ পৰাই সিদ্ধাৰ্থ য'ত মই ত'ত।বন্ধুত্বৰ এডাল এনাজৰী গঢ়ি উঠিল আমাৰ মাজত।সময়ত মই এজন চৰকাৰী বিষয়া।আৰু সিদ্ধাৰ্থ হৈ পৰিল কাব্য ঋষি সিদ্ধাৰ্থ।
কি হ'ল?মৌন হৈ গ'লা যে।
নাই।বহুবাৰ এটা প্ৰশ্ন সুধিম বুলি ভাবিও থমকি ৰওঁ।জানোচা তুমি বেয়া পোৱা।
ফটা কামিজৰ সুৰুঙাৰে হৃদয় খন দেখিলা তেনেহ'লে।
তুমি ছবিত অঁকা কাণ কটা সেই ছোৱালীজনী কোন ?
অ'সেইয়া মোৰ প্ৰেম।সেইয়া মোৰ কবিতা।
ৰসহ্য কি? বুজি নাপালোঁ।
প্ৰতি পল দুখৰ বন্যা বৈ আহিব পাৰে বন্ধু
হৃদয়খন যে পৰিপূৰ্ণ এমুঠি যান্ত্ৰনাত।
সেইয়া বহু কথা। শৈশৱৰ লগৰী মইনা ।আমি দুয়ো একেলগে ডাঙৰ হৈছোঁ।স্কুল গৈছোঁ। ক্লাছ নাইনৰ কথা।এদিন মোৰ চাইকেলখনত উঠি তাই মোৰ লগত স্কুল গৈছিল।সিফালৰ পৰা প্ৰচণ্ড জোৰে আহি থকা এখন বাইকে আমাক মহতিয়াই লৈ গ'ল।চাইকেলৰ সৈতে আমি উফঁৰি পৰিলোঁ।মই ভৰিত বেয়াকৈ দুখ পালোঁ।আৰু মইনাৰ এখন কাণ চিগি গ'ল।তাই মোৰ ওচৰত আহি লুটিখাই পৰি অজ্ঞান হৈ পৰিল।মই সকলো ধোঁৱা ধোঁৱা দেখিবলৈ পালোঁ।মইনা কাণৰ পৰা তেজৰ সুত বৈ গৈছে। এজাক মানুহে মইনাক আগুৰি ধৰিছে।মোৰ প্ৰেয়সী মইনাক মোৰ পৰা বহু দূৰলৈ আঁতৰাই নিয়া হ'ল।
বোবা যান্ত্ৰনাত মই লাহে লাহে পঙ্গু হৈ পৰিলোঁ।আগৰ উৎসাহ উদ্দিপনা সকলো হেৰুৱাই অকলশৰীয়াকৈ থাকি ভাল পোৱা হ'লোঁ।এখন ছবি মনৰ মাজত ৰৈ গ'ল।মাইনা মোৰ মনৰ মাজত আজীৱন প্ৰেয়সী হৈ পৰিল।কবিতা আৰু ছবিৰ কথাৰে মোৰ অনুভৱ ফুটাই তোলোঁ।
মই জানোঁ বন্ধু।তুমি সুখী নোহোৱা।সুখী মানুহৰ মন আৰু মগজুৱে এক অনামী শোভা বিকিৰণ কৰে।সিদ্ধাৰ্থ মৌন হৈ পৰিল।
মই আশ্বাস দি ক'লোঁ।চোৱা মোৰ সকলো আছে।পৰিয়াল সা-সম্পৰ্তি চাকৰি।কিন্তু বিদায় বেলাত এটুপি চকুলোঁ মোৰ বাবে কাৰো নাই।তোমাৰ পৰিয়াল সা-সম্পত্তি একো নাই।কিন্তু এখন সমাজ পৰিৱৰ্তন কৰিব পৰাকৈ তোমাৰ কবিতাত শক্তি আছে।হাজাৰজন দুখী মানুহক সুখী কৰিব পৰাকৈ তোমাৰ কণ্ঠত সুৰ আছে।তুমি মৃত্যুক জয় কৰিছা বন্ধু।
এচাটি শীতল বতাহ বৈ আহি আমাক চুব নোৱাৰিলে।জলফাই ৰঙী ধুমুহাজাকে বাধা দিলে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ