উত্তৰে ধানুৱা, দক্ষিণে ৰাঙাপানী, পূৱে টেপৰপাৰা আৰু পশ্চিমে কান্দাপাৰা, কুটিৰঘাট এই বিশাল অঞ্চল সামৰি বৃহত্তৰ কালাপানী অঞ্চল। একেখন গ্ৰাম্য পঞ্চায়ত হিচাপে পৰিচয় বহন কৰা বৃহত্তৰ কালাপানী অঞ্চলটো প্ৰশাসনিক সুবিধাৰ নামত পাঁচটা গাঁও পঞ্চায়তত বিভক্ত হয়। তাৰে বেঙেৰভিটা গাঁও পঞ্চায়তখন নিজ চিৰাখোৱা, চিৰাখোৱা মলামাৰি, চিৰাখোৱা কুটিৰঘাট আৰু বেঙেৰভিটা গাঁওখনক লৈ গঠিত। নিজ চিৰাখোৱা গাঁওৰ আৰ্থ-সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক দিশৰ ওপৰত আলোকপাত শীৰ্ষক পাঠটি উপস্থাপন কৰাৰ মানসেৰে বিভিন্ন মহলৰ সহযোগিতাত এই পাঠটি যুগুত কৰিলোঁ।
নিজ চিৰাখোৱা গাঁওৰ নামাকৰণ:- ভূৰখা মহলৰ মতে আনুমানিক ১৮৮০ চনৰ পৰা ১৯১০ চনৰ ভিতৰত এই এলেকাটোত জনবসতি যথেষ্ট কম আছিল। সেই সময়ত ঝালেৰ চৰ, ঝাউডাঙ্গা অঞ্চলৰ পৰা নিজ চিৰাখোৱা গাঁওৰ গাতে লাগি থকা পাহাৰৰ পৰা বাঁহবেত, কাঠ আদি সংগ্ৰহ কৰিব অহা অথবা নিজ চিৰাখোৱা গাঁওৰ দক্ষিণে বিশাল চৰণীয়া পথাৰত গৰু চৰাবলৈ অহা মানুহ বিলাকে কেইবাখন ঘৰৰ বসতি থকা গাঁওখনৰ ঘৰত আহি চিৰা, মুৰি, পানী খাই অলপ জিৰণি লৈছিল। কালক্ৰমত ঝাউডাঙ্গা, ঝালেৰ চৰ অঞ্চলৰ মানুহৰ মুখে বাগৰা কথা " চিৰা খাওৱা জায়গা"ৰ পৰা নিজ চিৰাখোৱা গাঁওৰ নামৰ উৎপত্তি হৈছে বুলি ধাৰণা কৰা হৈছে।
নিজ চিৰাখোৱা গাঁওখনত আদি অৱস্থাৰ পৰা বসবাস কৰা ব্যক্তি সকল আছিল ভগল সেখ, নেফাজ উদ্দিন মণ্ডল, দৰবাৰ দেওৱানী, ছৰমত দেওৱানী, জামাত দেওৱানী, ছিবাত সেখ, নসি সেখ, আব্দুৰ ৰহমান ( দাৰোগা সাহেব ), ছফেৰ মণ্ডল, ময়নুদ্দিন দেওৱানী, আমুদ্দি পাকৱানী, গেন্দা সেখ, মেন্দা সেখ, কাশিম চকীদাৰ, সাহেব উল্যা, গৰীব উল্যা আৰু সদাগৰ দেওৱানীকে আদি কৰি কেইজনমান অজ্ঞাত ব্যাক্তি। জমিদাৰী প্ৰথা প্ৰচলিত থকা সময়ত নেফাজ উদ্দিন মণ্ডল আৰু দৰবাৰ দেওৱানীয়ে এই অঞ্চলৰ জোদ্ধাৰ হিচাপে দায়িত্ব পালন কৰিছিল। পৰৱৰ্তী সময়ত অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ পূৰ্বেই মানিক গঞ্জকে আদি কৰি বিভিন্ন ঠাইৰ মানুহ আহি ইয়াত বসতি কৰিছিলএকে সম্প্ৰদায়ৰে মানিক গঞ্জা, ৰফাদানী খান, মোল্লা, বাইৰবন্দী আৰু ভাষাৰ সামান্য পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি নাম পোৱা উজানি আৰু ভাটিয়া মানুহৰ পবিত্ৰ মিলন ভূমি হৈছে নিজ চিৰাখোৱা গাওঁখন।
নিজ চিৰাখোৱা গাঁওৰ আৰ্থ-সামাজিক দিশটো বিশেষ উন্নত নহয়। ইয়াৰ ৯০ শতাংশ মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল। স্বাধীনতাৰ ৭৫ বছৰ পিছতো ৰাস্তা ঘাটৰ বিশেষ উন্নতি নোহোৱাত ব্যৱসায়িক দিশত মানুহবিলাক যথেষ্ট পিছপৰি আছে। আধুনিক কৃষি পদ্ধতিৰ জৰিয়তে বৰ্তমান যদিও মানুহবিলাকে খেতি বাতি কৰিবলৈ লৈছে, পাহাৰৰ পৰা নামি অহা বাৰিষাৰ ঢলে বিভিন্ন সময়ত ধাননি পথাৰৰ ওপৰেদি যোৱাত কৃষক সকলে আৰ্থিক দিশত স্বাৱলম্বী হ'ব পৰা নাই।
শৈক্ষিক দিশত নিজ চিৰাখোৱা গাঁওখন যথেষ্ট পিছপৰা আছিল। স্বাধীনতাৰ বহু পিছত এইখন গাঁওৰ কেইবাজন বিশিষ্ট ব্যক্তিৰ আশাসুধীয়া চেষ্টাৰ ফলত নিজ চিৰাখোৱা গাঁৱত ১৯৬৭ চনত এখন এম. ভি. স্কুল প্ৰতিষ্ঠা হৈছিল। এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল মফিজ উদ্দিন কবিৰাজ, আফছাৰআলী খান, আলহাজ ৰহম আলী দেওৱানী, আব্দুল ৰেজ্জাক সৰকাৰ, কোব্বাছ আলী মুন্সী, কাজিম উদ্দিন মণ্ডল, ছফেৰ মণ্ডল, হাসেম আলী খান, আব্দুল লতিফ কবিৰাজ, আব্দুল আজিজ দেওৱানী, ৰহমত আলী দেওৱানী, আইজুদ্দিন বেপাৰী, ময়েন উদ্দিন দেওৱানী, বাটুৰ উদ্দিন দেওৱানী, আৰু স্কুলখনৰ মাটি দাতা হিচাপে মুছলেম আলী মণ্ডলৰ নাম বিশেষভাবে উল্লেখযোগ্য। বিভিন্ন এলেকাৰ পৰা শিক্ষক আনি তেখেত সকলৰ থকা মিলাৰ ব্যৱস্থা কৰি দি চিৰাখোৱা (২) এম. ভি. স্কুলখন প্ৰতিষ্ঠা কৰাত এই মহান ব্যক্তি সকলে যৎপৰোনাস্তি চেষ্টা কৰিছিল। এইখন বিদ্যালয়ত অধ্যয়ন আৰম্ভ কৰি নিজ চিৰাখোৱা গাঁওৰ পৰা প্ৰথম বি. এ. পাছ কৰে সাহেৰ আলী মণ্ডল, প্ৰথম আয়ুৰবেদিক ডাক্তৰ হিচাপে খ্যাতি অৰ্জন কৰে প্ৰয়াত ময়নাল হক চাহাব, প্ৰথম পশু চিকিৎসা বিভাগত ডিপ্লমা পাছ কৰে চান্দ মিয়া, চাহাব, প্ৰথম এম. এ. পাছ কৰে আব্দুল গণি সেখ, প্ৰথম এল. এল. বি. লুটফৰ ৰহমান, প্ৰথম মৌলানা পাছ জামাল উদ্দিন ছালাফী চাহাব আৰু প্ৰথম মহিলা মেট্ৰিক পাছ সহেৰা চুলতান। নিজ চিৰাখোৱা গাঁওৰ পৰা ব্ৰিটিছৰ শাসন কালত ইণ্টাৰ মেডিয়েট পাছ কৰি আব্দুৰ ৰহমান চাহাবে ব্ৰিটিছ আৰক্ষীৰ দাৰোগা পদত আৰু আব্দুল কুদ্দিছ চাহাবে উচ্চ প্ৰাথমিক শিক্ষা সমাপ্ত কৰি ব্ৰিটিছ চৰকাৰৰ চুতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰিছিল। মহান ত্যাগৰ বিনিময়ত যিসকল ব্যক্তিয়ে চিৰাখোৱা (২) এম. ভি. স্কুলখন প্ৰতিষ্ঠা কৰিছিল, সেইসকল মনিষীৰ নাম আজিৰ বা ভৱিষ্যত প্ৰজন্মৰ মনত চিৰস্মৰণীয় হৈ থাকিব।
পশ্চিমীয়া সংস্কৃতিয়ে আমাৰ সমাজখনক ছানি ধৰাৰ আগতে নিজ চিৰাখোৱা গাঁওৰ মনোৰম সাংস্কৃতিক পৰিবেশে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ৯০ ৰ দশকলৈকে এই গাঁওখনত প্ৰচলন থকা ধোৱা গীত, জাৰি গীত, কিতাপ পঢ়া, যাত্ৰা পালা, মাঘ বিহুত গৰুৰ গাত ৰং সানিমৈ দিয়া খেল আদি অনুষ্ঠান সমূহৰ আয়োজন কৰি মানুহে আনন্দ লাভ কৰিছিল। নিজ চিৰাখোৱা গাঁওৰ মজিবৰ ৰহমান আৰু কছৰ উদ্দিন দেওৱানীয়ে ৪০/৫০হাত খেলৰ নাওঁ সাজি এই অঞ্চলৰ ৰাইজক মনোৰঞ্জন দিয়াৰ লগতে মানুহৰ মাজত সমন্বয় গঢ়ি তুলিছিল। আপ ফাৰ আলী আৰু আব্দুল মজিদ চাহাবে কিতাপ পঢ়ি ৰাতি দুপোহৰ লৈকে মানুহক মচগুল কৰি ৰাখিছিল। কিতাপ পঢ়াৰ মাজে মাজে কিছুমান সংলাপ কৈছিল- " হায়ৰে ঘোৰাতে উঠিয়া মৰ্দ হাটিয়া চলিল, ছয় মাসেৰ ৰাস্তা মৰ্দ এক দিনে গেল।" যিবোৰ সংলাপ শুনি মানুহে মন উজাৰি হাঁহিছিল। জাবেৰ আলী মণ্ডল, নুৰ মহম্মদ, আবুল কাশেম, আইজুদ্দিন বেপাৰী, কাদেৰ দেওৱানী, আৰু জয়নাল আবদীন আদি ব্যক্তি সকলে - "আলমতি", সখী শুনা, কমলাৰ বনবাস, ইমান যাত্ৰা ইত্যাদি যাত্ৰা পালা অনুষ্ঠিত কৰি সাংস্কৃতিক মনোভাৱৰ পৰিচয় দি থৈ গৈছে। কালৰ সোঁতত আমাৰ এই পুৰণি ঐতিহ্য বিলীন হোৱাৰ পথত। যুৱ প্ৰজন্মই আমাৰ এই পিতৃ পুৰুষীয়া সংস্কৃতি চৰ্চা বা সংৰক্ষণ নকৰিলেই আমাৰ উত্তৰ পুৰুষে আমাৰ ঐতিহ্য সম্পৰ্কে অজ্ঞ হৈ থাকিব।
নিজ চিৰাখোৱা গাঁওৰ গাতে লাগি থকা এখন ইতিহাস প্ৰসিদ্ধ ঠাই - " কাছাৰী ঘাট"। বিজ্ঞ মহলৰ মতে ১৭৪০ চনৰ পৰা ১৮১৫ চনলৈ বৃহত্তৰ কালাপানী অঞ্চলৰ কোচ ৰজা মহেন্দ্ৰ নাৰায়ন চৌধুৰীৰ শাসনৰ অধীনত আছিল। সেই সময়ত নিজ চিৰাখোৱা গাঁওৰ লগত সংলগ্ন পাহাৰৰ দাঁতিত নাও চপোৱা ঘাটত ৰজা মহেন্দ্ৰ নাৰায়ন চৌধুৰীৰ বিষয়া কৰ্মচাৰীয়ে অফিচ পাতি বিভিন্ন কাম - কাজ চলাইছিল বাবে সেই ঠাইখনৰ নাম হৈছে - " কাছাৰী ঘাট"। ( সংগ্ৰহ :- উপেন্দ্ৰহাৰী কোচ)
নিজ চিৰাখোৱা গাঁওৰ আৰ্থ-সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক দিশৰ ওপৰত আলোকপাত শীৰ্ষক পাঠটিৰ জৰিয়তে নৱ প্ৰজন্মক অতীতক সুৱৰি বৰ্তমানৰ পটভূমিত এখন আদৰ্শ সমাজ গঢ়াৰ বাবে আহ্বান জনাই সামৰিলোঁ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ