এটি কবিতা-ৰেণু শৰ্মা

"হৃদয়ৰ পদূলিতে"
তুমি নাথাকিলে মোৰ  
বকুলবনৰ চৰাইজনীয়ে
নিৰৱে উচুপি থাকে
তুমি নাথাকিলে
দূৰ দিগন্তত, বেলি ,লহিওৱাৰ পৰত
দুচকু আকুল কৰা
সোণ হালধীয়া
পথাৰখনিত 
জুই জ্বলে। 
তুমি যদি কাষত নাথাকা, মাজনিশা
ৰেলৰ উকিটোৱে মোক
শিৱৰ পিনাক হৈ খোঁচে। 
তুমি গুচি গ'লে
মোৰ দেহবল্লৰীত প্ৰবাহিত
গংগা যমুনা ৰ দুটি ধাৰা
স্তব্ধ হৈ মোৰ বুকুৰ ঢপঢপনি শুনে, 
সেয়ে মই ৰৈ আছোঁ
ৰৈ থাকিম অনন্ত কাল
হৃদয়ৰ পদূলিতে।।

ৰেণু শৰ্মা

Post a Comment

Previous Post Next Post