নাৰী,সৃষ্টিৰ এক অনবদ্য নাম, প্রকৃতিৰ এক আটকধুনীয়া ৰচনা। যিগৰাকীৰ হৃদয় সাগৰৰ সমান গভীৰ আৰু আকাশৰ সমান বিশাল। ত্যাগ আৰু বলিদানৰ এক জ্বলন্ত উদাহৰণ “নাৰী”
সমাজত... কি বাৰু ইয়াৰ সংজ্ঞা .... কি অস্তিত্ব?
মহান সৃষ্টিকর্তাৰ মাটিৰ পুতলী সদৃশ আমিবােৰেই হ’লো সমাজ বা সমাজৰ
সংজ্ঞা। পুৰুষ-নাৰীৰ সমান্তৰাল গতানুগতিক জীৱনশৈলী আৰু ইয়াৰ লগত
জড়িত কাৰ্য্যকলাপকে সমাজ আখ্যা দিয়া হয়। তথাপিওঁ কোৱা হ’ল “আমি
পুৰুষ প্রধান সমাজৰ নাগৰিক কিয় ?
সৃজনী শক্তিৰ আধাৰত যি নাৰীক দেৱী ৰূপত পূজা কৰা যায়, আৰতি কৰা যায়, সেই একেখন সমাজতে নাৰীয়ে সীতাৰ ৰূপত অগ্নিপৰীক্ষা দিবলগীয়া হয়। ইতিহাসৰ বেটুপাতত নাৰীৰ হিয়াভৰা কল্লোল, আর্তনাদ আৰু
নাৰীৰ বিভিষিকাৰে পৰিপূৰ্ণ হৈ আছে। বনকৰা ছােৱালীৰ পৰা আৰম্ভ কৰি
গ্লে'মাৰ জগতৰ তাৰকালৈ প্ৰতিগৰাকী নাৰীয়ে ভিন্ন ভিন্ন ৰূপত হ'বলগীয়া হৈছে
লাঞ্চিত, বঞ্চিত , অপমানিত আৰু শোষিত। কোনােবাই হয়তাে মানৱ পশুৰ হাতত কামনাৰ বলি হৈছে, অন্য কোনোবাই বোৱাৰী ৰূপত হয়তাে যৌতুকৰ নামত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লৈছে আৰু কোনােবা ছাত্রীয়ে হয়তাে শিক্ষকৰ হাতত লাঞ্চিত হৈ আত্মহত্যাৰ পথকে বাছি লৈছে। দুৰ্ভগীয়া মহিলা এজনীৰ গাৰ ফটা কাপােৰযােৰ দেখি, এযােৰ নতুন কাপােৰ কিনি লজ্জা নিবাৰণৰ বাবে সহায়ৰ হাত আগবঢ়োৱা পুৰুষ সমাজত নিশ্চয় আছে । কিন্তু সেই ফটা কাপোৰ যােৰকে ফালি নাৰীক উলংগ কৰি ৰং চোৱা পুৰুষাে এই সমাজখনতেই আছে । নিজৰ মাতৃ আৰু ভগ্নীৰ সুৰক্ষাৰ নামত পুৰুষসকল সদায় সংযত। কিন্তু আনফালে
তেনে এজন পুৰুষে আনৰ ভগ্নী মাতৃৰ শৰীৰত চোকা অস্ত্ৰৰে আঘাত
কৰিবলৈ নিজকে ধুনীয়া কৰি ৰখা ছােৱালীজনীৰ মুখত তেজাব ( এছিদ ) ঢালিবলৈ অকনাে কুণ্ঠাবােধ নকৰে, কিয় ? একেখন সমাজতে এচাম লােকে নাৰীক লক্ষ্মীৰ ৰূপত ঘৰলৈ আদৰি আনি পূজা কৰে, জন্মদাত্ৰী মাতৃৰ ৰূপত ভগৱানৰ তুল্য কৰি ভক্তি কৰে আনফালে কিছুসংখ্যকে নাৰীক গছকত পৰা দূৱৰি বুলি ভৰিৰে মােহাৰি শেষ কৰি দিয়ে। তেনেকুৱা বিকৃত মনৰ পুৰুষসকলে হয়তাে পাহৰি যায় ।তেওঁলােক প্রত্যেকজন তেনে এগৰাকী নাৰীৰ গৰ্ভৰে গৰ্ভজাত সন্তান । মাতৃৰ স্তনপানেই জীৱনৰ প্ৰথম টোপাল অমৃত । সৃষ্টিকর্তাই আমাৰ নাৰীসকলক এক সুন্দৰ বৰদান দিছে “জীৱন দায়িনী” মাতৃ বুলি । এই বৰদানৰ নাম ৰাখি আমি সমাজখনে যদি নাৰীৰ মৰ্য্যদা আৰু অস্তিত্বক ইমানতে সুৰক্ষিত কৰি ৰাখিব নােৱাৰাে, তেন্তে অনাগত দিনত নাৰীৰ এই বৰদানেই হ’ব নাৰীৰ বাবে চৰম অভিশাপ। শিহৰি উঠিব নাৰীৰ গর্ভ সন্তান জন্মৰ নামত। ইয়াৰ আৰম্ভণি কৰিব লাগিব আমি আমাৰ ঘৰখনৰ পৰাই। আমি প্রতিগৰাকী পুত্র সন্তানৰ মাতৃয়ে নিজৰ পুত্র সন্তানটিক চিকিৎসক, অধিবক্তা, শিক্ষক বা অন্য ক্ষেত্ৰত শিক্ষিত কৰি গঢ়ি তােলাৰ লগতে সমান্তৰালভাৱে সৰুৰে পৰা শিকাব লাগে যে নাৰীক সন্মান আৰু উচিত মৰ্য্যদা দিবলৈ, নিজৰ লগতে অন্যৰ ভগ্নী-মাতৃক যথাসময়ত সুৰক্ষা দিবলৈ, লগতে স্পষ্ট কৰি দিব লাগিব যে নাৰীৰাে জীৱন জীৱিকাৰ অধিকাৰ আছে, নাৰী এক জ্বলন্ত আৰু ৰসাল ৰচনা যাক মােহাৰি পেলােৱা নাযায়, আলফুলকৈহে ৰখা যায়। এই শিক্ষাৰ আৰম্ভণি যেতিয়া নিজৰ ঘৰখনৰ পৰাই হ’ব সমাজত নাৰী আৰু নাৰীৰ মৰ্য্যদা সুৰক্ষা সুনিশ্চিত। এয়া মাথােঁ এগৰাকী নাৰী হিচাবে ক্ষুদ্র প্রচেষ্টা ,সমাজখনক সজাগ কৰি নিজৰ লগতে অন্য নাৰীকো সুৰক্ষিত কৰা। কোনাে নাৰীয়ে যাতে ভৱিষ্যতৰ পটভূমিত ধর্ষিতা, শােষিতা আৰু কলংকিতাৰ ৰূপত পৰিচিত হ'বলগীয়া নহয়। সমাজৰ অন্য এক দুখ লগা ছবি হ’ল এজনী নাৰীয়ে আনজনীৰ দুখ বিষাদ বুজি নাপায়। ইজনী আনজনীৰ চকুলােৰ বিষয় হৈ পৰে। মহাভাৰতৰ যুদ্ধৰ গুৰিতেও আছিল এগৰাকী নাৰী। আজিও ইতিহাস সলনি হােৱা নাই।
আমি নাৰীসকলে যদি নিজৰ সীমাৰেখা অতিক্রম নকৰাে, নিজৰ গাম্ভীৰ্য্যতা বজাই ৰাখাে, তেন্তে কোনাে মহাভাৰতৰ মূল নায়িকা নাৰী নহ'ব। ইজনীয়ে আনজনীৰ চকুলােৰ বিষয় নহয় । যদি চকুলাে মােহাৰাৰ কাৰণ হ'ব পাৰাে তেন্তে সমাজত নাৰীৰ মৰ্য্যদা, নাৰীৰ অস্তিত্ব আৰু নাৰীৰ অস্তিত্ব কোনাে মূল্যতে
ম্লান হৈ নপৰে। নাৰীসকল সজাগ হওঁক, নিজৰ অধিকাৰ বুজক, সবল হওঁক, সাহসী হওঁক, স্বাৱলম্বী হওঁক নিজৰ লগতে আনকো সুৰক্ষিত কৰক। সমাজ আমাৰ... আমিও সমাজৰ। ।
✍️চুমী ৰহমান
গুৱাহাটী
Hjk
ReplyDelete