জীৱন-পেণ্ডুলাম

জীৱন-পেণ্ডুলাম দুলি থাকে অনবৰত জ্যামিতিক হাৰে
শৈশৱ কালৰ পৰা যৌৱন কাললৈকে ,
যৌৱন কালৰ পৰা বৃদ্ধ কাললৈকে ----
সমাধান নাই জীৱনৰ জটিল অংকৰ ।
সৰুৰে পৰাই অংকত আছিলোঁ তেনেই কেঁচা :
১+১=২ হয় , 
তৎক্ষণাৎ লিখোঁ উত্তৰ বহীত ;
কিন্তু ১+১= ১ৰ যুগ্ম , অযুগ্ম সংখ্যা বা
 ক্ৰমশঃ একাত্মাৰ সন্ধান বিচাৰি নাপাওঁ ।

জীৱন এক পাৰাপাৰহীন নদীৰ দৰে
পাওঁতে নাপাওঁতে পাৰ হয় সুদূৰ পৰাহত ।
জীৱন এক জটিল বীজগণিতৰ দৰে,
গভীৰ ৰাতিৰ এন্ধাৰৰ বুকুত ভৰ দি
কাহিলি পুৱাৰ ৰ'দ কাঁচলিত জিৰণি লয় ;
ছাঁ -পোহৰৰ খেলাত মত্ত হয় !

হে জীৱন ! কিমান খেলিবা ?
আৰু কিমান খেলিবা 
কবিতা কবিতা খেলা ?
সুকুমাৰ কলাৰ ৰং সানি
জীৱনক ৰূপে-ৰসে-সৌন্দৰ্যৰে বুৰাই পেলাবা ?
দক্ষ অভিনেতা, অভিনেত্ৰীৰ দৰে 
অপৰূপ ৰূপেৰে নিজক সজাই তুলিবা ?
গানে গানে বুকুৰ মাজত ৰসৰ নিজৰা বোৱাই দিবা ?
অবুজ চকুলো মোৰ সৰি সৰি পৰে !
দুখবোৰ হ'ল মোৰ  ফুলশয্যা ৰাতিৰ ৰজনীগন্ধা,
সুখবোৰ দূবৰিত নিয়ৰৰ মুকুতা হৈ জিলিকি থাকি
সূৰ্যৰ ৰশ্মি পালেই নিমিষতে যায় হেৰাই !
প্ৰতিটো পল আশা-নিৰাশাৰ দোলাত থাকে দুলি ,
জীৱনৰ বাটে বাটে ৰিঙিয়াই যায় 
প্ৰেম-অনুৰাগ , কত মান-অভিমান !
লঠঙা গছত নেমেলে ন-কুঁহিপাত
কুলিয়ে নুজুৰে মধুৰ মিলনৰ গান !

জীৱন-পেণ্ডুলাম দুলি থাকে অনবৰত জ্যামিতিক হাৰে
শৈশৱ কালৰ পৰা যৌৱন কাললৈকে ,
যৌৱন কালৰ পৰা বৃদ্ধ কাললৈকে ।।

নাছিৰ আহমেদ

Post a Comment

Previous Post Next Post