গেঁৰ ফাটি ওলাব ধৰা ধানজুপিৰ দৰে
মোৰ মনৰ পথাৰখনেও আশাৰ ৰেঙণিত
তিৰ্বিৰাইছিল ।
অনুভৱ কৰিছিলোঁ এক অজান পুলক
মই অন্তঃসত্ত্বা!
হৃদয়খন ভৰিছিল এক অজান আৱেগত ।
বৰ আশাৰে বাট চাইছিলো
তুমি অহা সেই মুহূৰ্তলৈ...
বহু অপেক্ষাৰ অন্তত সেউজীয়াখিনি
ভৰি পৰিল সোণালী আৱৰেণেৰে ,
ঘৰলৈ লখিমী আদৰিবৰ হ'ল ।
মোৰ শিৰা-উপশিৰাই জাননী দিলে
তোমাৰ আগমনৰ ।
মোৰ আৱেগত নে পোৱাৰ হেঁপাহত নাজানো...
সৰ্বশৰীৰ কঁহুৱাৰ দৰে কঁপিছিল ।
প্ৰসৱ বেদনাৰ যন্ত্ৰণা আৰু
'মা'হোৱাৰ আনন্দৰ
অনুভৱত দগ্ধ হৃদয় !
মনত পৰে মৰম আৰু নিৰাপত্তাৰ সন্ধানত
কুৰুকি-কুৰুকি সোমাই পৰা
মোৰ বুকুৰ মাজত ।
কেতিয়াবা হাঁহি আৰু কেতিয়াবা কান্দি
তোমাৰ ওচৰ চপাই নিয়া টানি
হঠাৎ এজাক কাল ধুমুহাই আহি
সকলোবোৰ নিয়ে ভাঙি
আমাৰ মাজত ব্যৱধান আনি
এডাল সৰল ৰেখা আঁকি ।
✍️ মিনাক্ষী দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ