শিশু সকলৰ বাবেও অলপ সময় দিও আহকচোন

©Admin
0
আজিৰ শিশুসকল ভৱিষ্যতৰ নাগৰিক।সেয়ে শিশুৰ বাবে অধিকভাৱে সাহিত্যৰ সৃষ্টি হোৱাটো কাম্য।আগৰদৰে মৌচাক , সঁফুৰা আদি কণ কণ ল'ৰা -ছোৱালীহঁতক উপহাৰ দি পঢ়ি সোৱাদ ল'বলৈ অনুপ্ৰাণিত কৰিব লাগে।কেনেকৈ সৃষ্টিশীল মনবোৰ সৃষ্টিৰ বাবে আগুৱাই দিব পাৰি সেইয়া আমিয়ে কৰিব পাৰো। আগৰ আইতা-ককাসকলে কোৱা সাধুকথাবোৰত অনেক নীতি বচন আছিল । শিশুহঁতে শুনাৰ পাছত নিজৰ ক্ষেত্ৰত সেই বিষয়সমূহ প্ৰয়োগ কৰিছিল । পূৰণি সময়বোৰত শিশুৰ বাবে চৰিত্ৰ পাঠ আদিৰ দৰে গ্ৰন্থও বিদ্যালয়ৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা হৈছিল। সেই গ্ৰন্থখনত এনে কিছুমান বিষয় অন্তৰ্ভূক্ত কৰা হৈছিল য'ত শিশুৰ চিন্তা শক্তিৰ উৎকৰ্ষ সাধন হ'ব পাৰে ।মানৱতা বদান্যতা পৰোপকাৰী সহিষ্ণুতা আদি গুণাগুণৰ বিকাশ ঘটাই শিশুসকল চৰিত্ৰবান হৈ গঢ় লৈ উঠাত এই গ্ৰন্থখনৰ অৱদান কম নাছিল।আজিৰ পাঠ্যক্ৰমে এইবোৰ বিষয় সামৰা দেখা নাযায়। উন্নত প্ৰযুক্তিৰ আগ্ৰাসনে আমাক বহু দূৰ আগুৱাই নিলেও মানৱতাৰ মন্ত্ৰ কিন্তু সন্তানে নিজৰ ঘৰখনতে শিকিব লাগিব।   
       বৰ্তমান সময়ত ম'বাইলৰ অবাধ প্ৰচলনে শিশুসকলক নানান ধৰণে ক্ষতিগ্ৰস্ত কৰিছে।সিহঁতে নিজক নিয়ন্ত্ৰণলৈ অনাৰ পৰিৱৰ্তে খেয়ালী মনৰ হৈ পৰিছে ।আজি দেখা গৈছে শিশুসকলে নিজৰ পাঠ্যপুথিতকৈ অভিভাৱকৰ পৰা ম'বাইলটো লৈ অপ্ৰয়োজনীয় বিষয়বস্তুত মনোযোগ দিছে।বয়সৰ মাপকাঠি চেৰাই যোৱা অদৰকাৰী দৃশ্যশ্ৰব্য ভিদিঅ' বিলাকে শিশুহঁতৰ মানসিকতাক একপ্ৰকাৰ পঙ্গু কৰি পেলাইছে।ফলশ্ৰুতিত সিহঁত অবিবেচক হৈ পৰা দেখা যায় । তেনেক্ষেত্ৰত অভিভাৱকসকলৰ দায়িত্ব আহি পৰে এনে সময়ত সন্তানসকলক ম'বাইলৰ দৰে অনিষ্টকাৰী মাধ্যম টোৰ পৰা  ৰক্ষা কৰিবলৈ একোটা মনৰ পছন্দ মতে বেলেগ বিষয়ত মনোনিবেশ কৰাব লাগিব ।শিশুৰ ৰাপ থকা কিছু বিষয় নিৰ্বাচন কৰি সেইবিলাকত মনোনিৱেশ কৰোৱাবলৈ অভিভাৱক সকল যত্নপৰ হ'ব লাগে। তাকে কৰিবলৈ যাওতে পিতৃ-মাতৃসকলে নিজেই ম'বাইলৰ প্ৰতি আসক্তি  অলপ কম কৰিব পাৰিলেহে সন্তানকো ইয়াৰ নেতিবাচক দিশটোলৈ আঙুলিয়াব পাৰিব । আমি প্ৰায়ে দেখা পাওঁ কিছু মাতৃয়ে মবাইলটোৰ নেট অন কৰি শিশুক ভিদিঅ আদি চাবলৈ দি নিজৰ কামত ব্যস্ত হৈ পৰে। এই কথাটো শিশু সকলৰ বাবে অতিকৈ অপকাৰী, ফলত দিনক দিনে ম'বাইলৰ প্ৰতি নিচাগ্ৰস্ত হৈ পৰে ডাঙৰ হৈ অহাৰ লগে লগে তেনে শিশুসকল অধিকভাৱে পঢ়া-শুনাত অমনোযোগী হোৱাৰ লগতে খিংখিঙীয়া স্বভাৱৰ হৈ পৰা দেখা যায়।
     আমেৰিকাৰ মনোবিজ্ঞানীসকলৰ এটা সমীক্ষাত জানিব পৰা গৈছে যে অত্যাধিকভাৱে ম'বাইল ব্যৱহাৰ কৰি থকা শিশুসকলৰ মগজুৰ বাওফালৰ অংশটো হেনো ক্ৰমাৎ নিষ্ক্ৰিয় হ'বলৈ ধৰে। একঘেয়ামী মনোযোগে বিকাশ হ'বলৈ ধৰা কণ কণ মগজুৰ কোষবোৰৰ বেয়াকৈ অনিষ্ট সাধন কৰে।
সচৰাচৰ প্ৰত্যেক ঘৰৰে ল'ৰা ছোৱালীবোৰক লক্ষ্য কৰিলে দেখা যায় তেওঁলোক প্ৰায় সময়তে নিজক লৈ ব্যস্ত থাকে  আনকি ঘৰলৈ অহা আলহী যোৰাকো সৌজন্যতাসূচক মাত এষাৰ নামাতে তেনেকুৱাত পিতৃ-মাতৃয়েও কিছু আচহুৱা অনুভৱ কৰে।   আনহাতে আমি যদি নিজৰ ক্ষেত্ৰতে টোকৰ মাৰি চাও তেন্তে দেখা পাম আমাৰ সময়ত হাতে হাতে মবাইল লৈ ফুৰাৰ সুবিধা নাছিল সেয়ে চাগে আমি বিভিন্ন হাতৰ কামৰ লগতে ঘৰৰ কামতো অলপ হাত আগবঢ়াব পৰা পাৰদৰ্শিতা অৰ্জন কৰিছিলো ।আজিৰ একঘেয়ামী জগতখনত সন্তানসকলে স্ব-নিৰ্ভৰশীল হোৱাৰ বিপৰীতে প্ৰতিটো কামতে আনৰ ওপৰত নিৰ্ভৰ কৰিবলৈ শিকিছে। তাতোকৈও বিপদজনক কথা হৈছে বৰ্তমানে নেটত উপলব্ধ সস্তীয়া যৌনগন্ধী ছবি বা বা-বাতৰি সমূহ । যাৰ জৰিয়তে শিশুসকল অতি কম বয়সতে পৰিপক্ক হৈ পৰা দেখা গৈছে। অভিভাৱকৰ বহু সময় ধৰি ঘৰখনত অনুপস্থিতি আৰু অকলশৰীয়াকৈ থকা শিশুসকল নিৰাপত্তাহীনতাত ভুগে সেয়ে সন্তানসকলক কিছু সময় দিয়াটোও একান্ত প্ৰয়োজন ।
  

✍️ৰেখা বৰকটকী ,যোৰহাট ফোন-৯৮৫৪৮২৪২৫৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)