সময়ৰ গতিত ৰঙালী বিহু

বহাগ মানেই ঢোল পেঁপা গগনাৰ মাত , বহাগ মানেই চৌদিশে বিহু নামৰ জাত , বহাগ মানেই বিহু নাচ নাচিবলৈ ওলাই অহা শাৰী শাৰী গাভৰুৰ জাক । পিছে পৰিবৰ্তিত সময় আৰু সমাজ ব্যৱস্থাত সেই ঢোল পেঁপা , বিহু নাম আদিৰ ম্যাদ যেন উকলিব ধৰিছে।এসময়ৰ শুকান পথাৰৰ সেউজ আঁহত তলৰ বিহু লাহেকৈ মঞ্চলৈ ৰূপান্তৰিত হয় যদিও এতিয়া সেই মঞ্চ খনত পশ্চিমীয়া অপসংস্কৃতিৰ ৰঙা পোহৰ দেখা যায়। যি ৰঙালী বিহুৰ জৰিয়তে অসমীয়া জাতিৰ বিমোহন কলা-সংস্কৃতিৰ ভেটি প্ৰতিফলিত হৈছিল ।পিছে আজি হাতে হাতে দামী স্মাৰ্ট ফোন থকা প্রজন্মই অন্য বাহ্যিক কলা-সংস্কৃতিক ৰঙালী বিহুৰ লগত সংমিশ্রণ কৰিব ধৰিছে।বিহু নাম , হুঁচৰি আদিত পাশ্চাত্য বাদ্যযন্ত্ৰৰ সংমিশ্রণ ঘটাৰ লগতে হিন্দী , ইংৰাজী , আদিৰ দৰে অন্যান্য গীত বোৰ বহাগী বিহু অনুস্থান বোৰত পৰিৱেশন হ'ব ধৰিছে।যি বিহুগীত বা বিহু নৃত্য ক্ষন্তেক সময় উপভোগ কৰিলেই অসমীয়া জাতীয় জীৱনৰ সংস্কৃতিৰ আভাষ পোৱা গৈছিল যি বিহু নাম বোৰত ডেকা গাভৰুৰ জীৱন-যৌৱনৰ  প্রেমৰ প্রকাশ ঘটিছিল । কিন্তু সময়ৰ গতিত ভোগবাদ - বস্তুবাদৰ আঁচোৰত বিহু বা বিহু গীতৰ প্রকৃত জীয়া ৰূপটি জুৰুলা হৈ পৰা পৰিলক্ষিত হৈছে ।



       ✍️জয়ন্ত কলিতা
    ৰঙিয়া ( তুলসীবাৰী )

Post a Comment

Previous Post Next Post