বহাগীৰ শেষ চিঠি

নাজানো তোমাৰ ঠিকনা ,
তথাপি বহাগীৰ উন্মাদনা ।
চাৰিওফালে কোলাহল...
বহাগীক আদৰিবলৈ ।
অথচ বহাগী ক্লান্ত !
বহাগীয়ে যে নিবিচাৰে
বসন্ত আহক বুলি ,
আকৌ বহাগীয়ে নাচিব নিবিচাৰে ।
কিছু হেৰাই যোৱা স্মৃতিক
আকৌ উৎঘাটন কৰি
হিয়াৰ জুইকুৰা জ্বলাব নিবিচাৰে ।
স্মৃতিবোৰক ঢাকি ৰাখিবলৈ
বহাগী মৌন হৈ থাকে...
তেতিয়া এজনে সোধে ,
: কি চাই আছা ?
বহাগীয়ে কয় ,
: নাই এনেই...
প্ৰকৃতিৰ প্ৰেমত পৰিব বিচাৰোঁ ।
তেওঁ আকৌ সোধে ,
: কিন্তু কিয় ?
বহাগীয়ে হাঁহি হাঁহি কয় ,
: মানুহে যেতিয়া ৰং সলায়
তেতিয়া দুখ হয় ,
কিন্তু...
যেতিয়া প্ৰকৃতিয়ে ৰং সলায়
তেতিয়া কিবা এটা ভাল লাগে চোন ।
মানুহ বোৰ যে প্ৰকৃতিৰ দাস...
সেয়েহে মানুহ বোৰেও
প্ৰকৃতিৰ দৰেই আচৰণ কৰে,
মাথোঁ আমি বুজি নাপায়
তাক প্ৰতাৰণাৰ নাম দিওঁ ।
তেওঁ মিচিকিয়াই হাঁহিলে
আৰু আঁতৰি গ'ল ।
তুমি জনানে....
কোলাহল মই ভাল নাপাওঁ,
ভাল পাওঁ কিছু নীৰৱতা ।
নীৰৱতাবোৰ প্ৰায় গধুৰ হৈ পৰিছে,
তথাপিও যেন তাত মই
কিছু মধুৰতা বিচাৰি পাওঁ ।
নীৰৱতাৰ বাহিৰে মোৰ আছে নো কি ?
সেয়ে কৈছোঁ ,
নীৰৱতাবোৰ তুমি মোৰ পৰা আজুৰি নিনিবা কাল ধুমুহা হৈ
নহ'লে ব্যস্ত পৃথিৱীত যেন
মই আকৌ নিসংগ হৈ পৰিম ।
ইতি ,
তোমাৰ মৰমৰ বুলি কওঁ নে
বিৰহৰ বুলি কওঁ
বুজিয়েই পোৱা নাই !!
চিন্তা নকৰিবা ,
নিলিখোঁ আৰু তোমালৈ চিঠি ,
পঢ়ি পঢ়ি আমনি লাগে চাগে তোমাৰ !
ইতি ,
বহাগীৰ ফালৰ পৰা
তোমালৈ শেষ চিঠি ।

✍️কংকনা দাস
হাউলী, বৰপেটা।

Post a Comment

Previous Post Next Post