বাপতি সাহোন ৰঙালীত গৰু বিহুৰ বিশেষত্ব

বিহু হৈছে অসমৰ জাতীয় উৎসৱ । বসন্তৰ আগমনত প্ৰথমজাক বৰষুণ পৰাৰ লগে লগেই প্ৰকৃতি সাধাৰণতে ঋতুমতী অথচ যৌৱনময়ী হয় । গছ-লতিকাবোৰত ন-কুঁহিপাত ওলায় ; প্ৰকৃতিৰ চত্ৰছায়াত ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে । উল্লেখ্য যে , ব’হাগ বিহু সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন ধৰি পালন কৰা হয়। যদিও প্ৰথমটি দিনত গৰু বিহুৰ গুৰুত্ব অসমীয়া সমাজত অপৰিসীম অৰ্থাৎ অনবদ্য। দৰাচলতে অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত গাঁৱৰ কৃষক সকলে গৰু জাকক ওচৰৰ নৈ , জান-জুৰিৰ ঘাটলৈ নি গা ধুৱায় । দীঘলতি , মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই , লাও-বেঙেনা খুৱাই দীৰ্ঘায়ু কামনা কৰে । অতীজৰে পৰা অসমৰ কৃষি প্ৰধান সমাজত গৰু বিহু পালন কৰি আহিছে । ব’হাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ’তৰ সংক্ৰান্তিৰ দিনা অসমীয়া জন-জীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উছৰ্গা কৰি ‘গৰু বিহু’ হিচাপে পালন কৰা হয়। সেইদিনা গৰুক গো-লক্ষ্মী হিচাপে জ্ঞান কৰি পূজা-অৰ্চনা কৰা হয়। 
“লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু। ”
পৰম্পৰাগত ভাৱে প্ৰচলিত লোকবিশ্বাস অনুসৰি এনেদৰে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গা ধুওৱাৰ পাছত গৰুবোৰক মুকলিকৈ পথাৰত চৰিবলৈ এৰি দিয়া হয়। গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তুঁহ, দীঘলতি, মাখিয়তী, বিহলঙনী আৰু অন্যান্য বন-পাত জ্বলাই ‘জাগ’ দিয়া হয়। জাগৰ ধোঁৱাই গৰু-ম’হক মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ উপৰিও অপদেৱতাক খেদি পঠাই বুলি সহজ-সৰল চহালোকে বিশ্বাস কৰে। লগতে বিচনীৰ ব্যৱহাৰ এই দিনটোৰ পৰাই আৰম্ভণি কৰে। গৰুজাক গোহালিত সোমালে ডিঙিত নতুন পঘা দিয়া হয়। লগতে মাখিয়তীৰ পাত ডিঙিত ওলোমাই দিয়া হয়। তাৰপিছত এনেদৰে গায়-“মাখিয়তীৰ মাখিপাত, মাখি মাৰোঁ জাত জাত। ” অৰ্থাৎ এনে কৰিলে, বছৰটোলৈ মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা হাত সাৰি থাকিব পাৰি বুলি ঐতিহ্যৰে পৰা জন-প্ৰচিলত হৈ আহিছে। প্ৰবাদত আছে, "যাৰ নাই গৰু সি সবাতোকৈ সৰু।" সেয়ে হিন্দু ধৰ্মাৱলম্বী লোকসকলে গৰুক ঈশ্বৰ ৰূপে জ্ঞান কৰি আহিছে। লগতে আমি যুৱপ্ৰজন্ম হিচাপে ইয়াক সন্মান প্ৰদান কৰাটো প্ৰধানতঃ দায়িত্ব আৰু কৰ্তব্য ।

চিন্ময় ডেকা


Post a Comment

Previous Post Next Post