তাইৰ সেই এবছৰীয়া আগৰ স্মৃতিবোৰে আজি বাৰুকৈয়ে আমনি কৰিছে। কিমান যে দিন হʼল... আগৰ সেই বন্ধু-বান্ধৱীবোৰক লগ নোপোৱা...., কিমান যে দিন হʼল ....লগৰবোৰৰ আগত নিজৰ সুখ-দুখৰ সকলো কথা খুলি নোকোৱা...! এবছৰ আতঁৰি থাকিয়েই একেবাৰেই বন্ধুত্বৰ মৰম-স্নেহবোৰৰ মাজৰ পৰা আঁতৰি অহা যেন লাগিছে। কিমান যে সুখৰ আছিল সেই স্কুলীয়া জীৱনৰ দিনবোৰ! কিমান যে ৰঙীন সপোন ৰচিছিল নহয় সিহঁতে! চিৰদিন বন্ধুত্বৰ এনাজৰীৰে বান্ধি ৰখাৰ সপোন দেখিছিল সিহঁতে। সপোনৰ পিছে পিছে পম খেদি ফুৰা তাইজনীয়ে আজিকালি সিহঁতৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰে। কল্পনাৰ ৰঙীন সাগৰখনত ডুবি ভৱিষ্যতৰ ৰূপোৱালী সপোন ৰচি আনন্দ লভে তাই।
সেই যে স্কুলীয়া জীৱনত বান্ধৱীকেইজনীৰ সৈতে কৰা লʼৰা-ধেমালীবোৰ,লুকা-ভাকু খেল খেলি চাৰৰপৰা পোৱা হাঁহিৰ আমেজবোৰ সঁচাই বহুত আনন্দদায়ক আছিল। লাজকুৰীয়া তাইজনীক অন্তৰংগ বন্ধু-বান্ধৱী, ভন্টী-ভাইটি কেইজনৰ বাহিৰে সকলোৱে যে ভয়ৰ চকুৰে চাইছিল।লগৰ বন্ধুকেইজনেও যে নোট্ছবোৰ খুজিবলৈ সাহ নকৰি বান্ধৱীকেইজনীৰ হতুৱাই খুজি পঠাইছিল; সেই দিনবোৰ যে তাইৰ দুচকুত জল-জল,পট-পটভাৱে ফুটি উঠে।মাজে মাজে তাইৰ নিজৰ ওপৰতে হাঁহি উঠে-- তাই বাৰু মানুহ নাছিল নেকি? মানুহে মানুহলৈনো ভয় কৰেনে?
চাৰ-বাইদেউসকলৰ পৰা প্ৰেৰণাদায়ক মন্তব্যবোৰে, উৎসাহবোৰে তাইক আজিও প্ৰেৰণা যোগায়। বিদ্যালয়খন গৰকি পাৰ হৈ আহিলে তাই; কিন্তু চাৰ-বাইদেউসকলে আজিও উৎসাহ যোগাই আহিছে তাইক, প্ৰয়োজন হʼলে গালিও পাৰিছে। সঁচাই, কিমান যে মৰমৰ তাইৰ সেই বিদ্যালয়ৰ লগত জড়িত প্ৰতিটো পল।
আৰু সেই বন্ধু-বান্ধৱী, দাদা-বাইদেউসকলৰ পৰা পোৱা ভালপোৱাবোৰ; ভন্টী-ভাইটিৰ পৰা পোৱা আদৰবোৰ -- সঁচাই, কিমান যে এক মধুৰ ক্ষণ। আৰু সেই ক্লাছ থ্ৰি/ফʼৰ ত পঢ়ি থাকোতে মিছাক সঁচা কৰি ৰহণ লগাই বন্ধুসকলৰ আগত কোৱা কথাবোৰ, কিমান যে ফাঁকি মাৰিছিল নহয় তাই! আজিও এইবোৰ মনত পৰিলে অকলে অকলেই হাঁহে তাই।
ইজনে সিজনৰ দুখ দেখিলে গম নোপোৱাকৈয়ে নিগৰি অহা চকুৰ লোটকবোৰ, আনন্দৰ মূহুৰ্তত আটাইৰে মুখৰ হাঁহিবোৰ , ভৱিষ্যতে ইজনে সিজনক হেৰুৱাৰ ভয়ত কান্দি কান্দি অতিবাহিত কৰা সুমধুৰ পলবোৰ; এইবোৰ ভাৱি আজিও তাইৰ দেহত আনন্দৰ শিহৰণ জাগি উঠে। কিমান যে মৰম ভালপোৱাৰ মাজৰে পাৰ হৈছিল প্ৰতিটো মধুৰ ক্ষণ।
এতিয়া সপোন সপোন যেন লাগিলেও প্ৰতিটো কথাই সত্য।ইজনে আনজনক হেৰুৱাৰ ভয়ত কন্দা চকুপানীবোৰে এতিয়া প্ৰতিবাদ কৰি উঠে। এতিয়া প্ৰতিজনেই পৃথক পৃথক। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সকলোৱে বেলেগ বেলেগ মহাবিদ্যালয়ত নামভৰ্তি কৰিলে। সকলোৱে নিজৰ সপোনৰ পিছত পম খেদি ভৱিষ্যতৰ ৰঙীন সপোন ৰচাত ব্যস্ত।ব্যস্ত পৃথিৱীখনত প্ৰত্যেকে নিজৰ সপোন,আশা দিঠক কৰাৰ মানসত।মৰম ভালপোৱাবোৰ নিজৰ মাজত সামৰি, সোঁৱৰণিৰ স্মৃতিবোৰ বুকুত বান্ধিয়েই ভৱিষ্যতৰ ৰঙীন আশাবোৰ বাস্তৱ কৰিব লাগিব।মাথো প্ৰতিটো পল সেই মধুৰ ক্ষণবোৰ হৈ ৰʼব পুৱাৰ সুৰুযৰ কোমল আভাত জিকমিকাই উঠা এপাহি ৰক্ত গোলাপ।
✍️ কল্পনা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ