ৰঙালী বিহু অতীত আৰু বৰ্তমান

©Admin
0
সেউজীয়া কোমল কুঁহিপাতে বহাগৰ আগজাননী দিয়ে ।প্ৰকৃতি গাভৰু হোৱাৰ সময়ত ধৰালৈ পুনৰ বসন্তৰ আগমন ঘটে। কুলিৰ মধুৰ ভাষিণীয়ে সকলোৰে মন পুলকিত কৰি চাৰিওফালে নতুনত্বৰ ৰাগী সিঁচে । এই বসন্ত ঋতুতে অসমীয়াৰ আবেগ হেঁপাহৰ ৰঙালী বিহু পালন কৰা হয়। বাপতি সাহোন বিহুটি আমাৰ সকলোৰে আদৰৰ। এই হেঁপাহৰ ৰঙালী বিহুত আমাৰ সকলোৰে মন প্ৰাণ ৰাঙলী হয়, চাৰিওফালে আনন্দৰ পৰিৱেশে বিৰাজ কৰে। 
     বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ। ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে।চ'ত মাহৰ সংক্ৰান্তিৰ দিনৰ পৰাই সাত বিহু আৰম্ভ হয়। সম্পূৰ্ণ ৰীতি নীতিৰে এই উৎসৱ পালন কৰা হয়। বিহুৰ এমাহমান আগৰ পৰাই শিপিনী সকলে অসমীয়া জাতিৰ দাপোন, অসমীয়াৰ স্বাভিমান বিহুৱান প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে। ঢেঁকীত চাউলৰ গুৰি খুন্দি জুহালত পিঠা-পনা বনাই উলহ-মালহেৰে বিহুটিক আদৰাৰ বাবে প্ৰস্তুতি চলায়। সকলোৱে ৰং-ধেমালি কৰি নাচি-বাগি আনন্দ মনেৰে এই বিহু উৎসৱ পালন কৰে। 
      বাপতি সাহোন এই উৎসৱটি আমাৰ সমাজত অতীতৰে পৰাই পৰম্পৰাগত ভাৱে চলি আহিছে।অসমীয়াৰ হাড়ে-হিমজুৱে, সিৰাই-সিৰাই বিহুৰ আবেগে শিপাই আছে।পূৰ্বৰে পৰা অসমীয়া সমাজত প্ৰচলিত এই ৰঙালী বিহুত তাহানিতে ডেকা গাভৰুৱে পথাৰৰ মাজত, আঁহতৰ তলত বিহু নাম, বিহু হুঁচৰি গাই ৰং-ধেমালি কৰিছিল। পথাৰৰ মাজতে গৰখীয়া ডেকাই ম'হৰ পিঠিত উঠি বিহু নাম গাইছিল। ডেকাহঁতে ঢোল, পেঁপা, তাল, সুতুলী বজাই বিহু নাম জুৰিছিল । গাভৰুহঁতে গগণা,বাঁহৰ টকা   বজাই জেং বিহু নাচিছিল। 
    কিন্তু, সাম্প্ৰতিক সময়ত সময়ৰ পৰিবৰ্তনৰ লগে লগে উৎসৱ সমূহৰো কিছু সালসলনি হোৱা পৰিলক্ষিত হৈছে। তাহানিৰ বিহু আৰু এতিয়াৰ বিহুৰ মাজত বহুতো পাৰ্থক্য আছে। তাহানিৰ সেই পথাৰৰ মাজৰ বিহু আজি মঞ্চ পালেহি।প্ৰকৃতিৰ বুকুত স্বতঃস্ফুৰ্তভাৱে নচা বিহুৱে আজি মঞ্চ দখল কৰিলে। নানান সাংস্কৃতিক উপাদানসমূহে বিহুক আৰু অধিক সমৃদ্ধি কৰি তুলিলে।তাৰ ফলত অৱশ্যে অসমীয়াৰ আবেগ এই বিহুৱে সকলোৰে মাজত সমাদৰ লাভ কৰিলে।
  কিন্তু, বৰ্তমান বহুজাতিক কোম্পানীৰ সামগ্ৰীৰ বিজ্ঞাপনবোৰে অসমীয়াৰ হিয়াৰ আমঠু বিহুটিক চুই গৈছে। মানুহবোৰকো এই প্ৰসাধনৰ প্ৰতি বেছিকৈ আকৰ্ষিত কৰা দেখা গৈছে। যাৰ ফলত প্ৰকৃতিৰ বস্তু বোৰতকৈ এই কিনা সামগ্ৰীবোৰে সমাজত বেছিকৈ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ উপৰিও বিহু বিষয়ক আৰু কিছু কথাই মানুহৰ মনত আনন্দ নাইকিয়া কৰিছে।বহু কথাই বিতৰ্কিত ৰূপ লৈছে। যেনে- অতীতত সহজ সৰল গ্ৰাম্য জীৱনৰ আধাৰত পালন কৰা এই উৎসৱটিত বৰ্তমান এচাম লোকে জোৰ-জোলোমকৈ চান্দা তোলা কাৰ্য্যই বৰ্তমান সকলোৰে মনত দুখ দিছে। আচলতে বৰ্তমান এচাম লোকে পৰম্পৰা ৰক্ষা কৰিবলৈ গৈ আন আন বাহিৰাগত কিছু নিয়মৰ সৃষ্টি কৰিছে। অতীতত মানুহে সাতদিনৰ দিনাই সাতবিহু সামৰি নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছিল। কিন্তু, বৰ্তমান সময়ত দুমাহ, তিনিমাহলৈকে বিহু উৎসৱ পালন কৰি মানুহৰ বহুমূলীয়া সময়ৰ লগতে অৰ্থৰো অপব্যৱহাৰ কৰিছে। যাৰ ফলত সমাজত দিনক দিনে কিছুমান সমস্যাই গা কৰি উঠিছে।।


✍️দীপ্তি কুমাৰ
ছাত্ৰী, ছিপাঝাৰ মহাবিদ্যালয় (দৰং)
স্নাতক পঞ্চম ষান্মাসিক
ইংৰাজী বিভাগ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)