ভাল নাপাওঁ আৰু তোমাক-যদুমণি দাস

©Admin
0
ভাল নাপাওঁ আৰু তোমাক...
হৃদয়ৰ মৰমবোৰ বাৰে বাৰে
বিতাৰিত নকৰোঁ ।

হৃদয় উজাৰি কিমান ভাল পালে 
সঁচা ভালপোৱা হয়
মই তাৰ সংজ্ঞা নাজানো ।
মাথো হৃদয়ে প্ৰতি ক্ষণে বিচাৰে তোমাক ।

মই আজি ভুল কৰিলো ন ?
তোমাক ভালপায় 
মিছাতে উমাল বুকুত হাজাৰ স্বপ্ন সজালোঁ
তোমাক উমলাবলে ।

ভাল নাপাওঁ আৰু তোমাক...

কিন্তু ব্যৰ্থ হৃদয় , 
কান্দোনৰ কোলাহল
এইবোৰ কিয় হয় ?
নাজানো মই 
মাথো প্ৰতিপলে এটি কাতৰ চিঞৰে
মোক অশান্তি কৰি থাকে ।

সেয়ে ভাল নাপাওঁ আৰু তোমাক ।।

কবিঃ যদুমণি দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)