বৰষুণ-যদুমণি দাস

Rinku Rajowar
0
বৰষুণ 
কি এই বৰষুণ!
কোনোৱে কয় বৰষুণ মানেই প্ৰেম।
যি ধৰাৰ সৈতে মৰম বিলাই 
প্ৰকৃতিত মৰমৰ দলিচা পাৰে,
কোনোৱে কয় জীৱিতেশৰ মাজত
ৰোমান্তিকতা কঢ়িয়াই আনে ।
হয়তো সঁচা!

কিন্তু  কেতিয়াবা জানো অনুভৱ কৰিছেনে
বৰষুণে বিষাদ কঢ়িয়াই আনে বুলি!
মই কিন্তু কৰোঁ প্ৰায়ে।
যেতিয়া বৰষুণ এজাকে কাঢ়ি লৈ যায়
মুকলি আকাশৰ তলত  থকা 
অসহায় লোকৰ শান্তি মুহূৰ্তবোৰ, 
টোপনি বোৰ!
যেতিয়া দ্ৰৰিদ্ৰতাই কোঙা কৰা লোকৰ
ঘৰৰ চালৰ ফুটাৰে
টপ-টপকৈ বৰষুণৰ কণিকা পৰে!

আচলতে কি জানা!
বৰষুণ মানে কেৱল প্ৰেম নহয় 
বৰষুণ মানে বিষাদো!
হয়তো নিষ্ঠুৰ কিন্তু সত্য!

             ✍🏻যদুমণি দাস ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)