হাঁহি আছোঁ মই

©Admin
0
লাহে লাহে 
শান্ত হৈছোঁ মই 
মৌন হৈ পৰিছোঁ
নিজৰ মাজত ,
মিচিকিয়াই হাঁহি উঠিছোঁ
পিয়াপি দি ফুৰা
চাৰিওকাষৰ স্বাৰ্থ লেখ দেখি ।
তথাপিও মই অবাক নহওঁ !
আপোনত্বৰ নামত
বন্ধুত্বৰ নামত 
স্বাৰ্থলোভী মুখাবোৰ মইও চিনো ,
তথাপিও মই হাঁহিবলৈ শিকিছোঁ
এইবোৰৰ মাজত ।
মোৰ নামৰ সস্তীয়া
হাঁহিবোৰ , ইতিকিংবোৰ 
শুনিছো মই বাৰে বাৰে 
শিকিছো মই প্ৰতিখোজে ,
কিন্তু তথাপিও মই হাঁহিছো
নিজতেই সুখী হৈ ।
একো নাই 
মই সুখী আছো
মোৰ এই হাঁহিৰ সৈতে ,
জীৱনৰ সাঁকোখন  
কিমাননো বাকী !
সময়ে উদঙাই দিব
প্ৰতিখন স্বাৰ্থলোভী মুখাৰ দাম ।
সফলতাই মোৰ অহংকাৰ নহয়
বিফলতাও মোৰ পৰিচয় নহয় ,
কিন্তু তেতিয়াও মই হাঁহি ৰ'ম
নিজৰ মাজতেই
সুখী হৈ মৌনতাৰ আঁৰত 
জীয়াই ৰ'ম শান্তভাৱে ।

                       
গায়ত্ৰী কোঁৱৰ
মৰাণ মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)