ব্যঞ্জনবৰ্ণ- হেমেন হাজৰিকা

©Admin
0
    নিজক প্ৰকাশিব লৈ যে
     কিমান আয়োজন
     ৰঘুমলা হ'বলৈকো
     এবাৰ নাভাবে  ।

    চল চাতুৰিৰ
   অনেক আখৰা
   নিজক প্ৰকাশ কৰাৰ  ।

   নিজে তল গলেও
   নাভাবে একোকে
   কেৱল প্ৰকাশিব লাগে
   ব্যঞ্জন বৰ্ণ হলেই জানিবা  ।

   লগে ভাগে
   এসাজ খাবলৈ
   ভাবিব লগা হ'ল  ।

   কেৱল একক হ'ল সকলো  

  ◾হেমেন হাজৰিকা   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)