অভিশপ্ত সেন্দুৰ-দ্বীপ দিপাংকৰ লাহন

©Admin
0
কল্পনাও কৰা নাছিলোঁ মই
তোমাৰ মুখেৰে শুনিম বুলি মই এজনী ডাইনী

সপোনতো ভবা নাছিলোঁ
তুমি মোক ধূলিৰ লগত ম্লান কৰিবা বুলি

কিয় মোক ঘৃণ কৰা তুমি 
কিয় মোক মিছাতেই মিছা অপবাদ জাপি দিলা 
মই যখিনী বুলি?

তুমিয়েইটো জিলিকাইছিলা মোৰ কপালত পশ্চিম আকাশৰ হেঙুলী সূৰুযৰ ৰঙা জোন

তুমিয়েইটো পিন্ধাইছিলা মোৰ ডিঙিত সোণৰ সাতসৰী মালাধাৰী

আজি কিয় মচি দিলা মোৰ কপালত জিলিকি ৰোৱা সেই ৰঙা জোনটো

কিয় তুমি সোণৰ সাতসৰী মালাৰ ঠাইত বান্ধি দিলা এডাল নাইলনৰ ৰছী,

কিয়?

কি ভুল মোৰ,কি পাপ কৰিলো মই?

কিয় মোৰ কপালত  জোন হৈ জিলিকি থকা টিকটিকিয়া ৰঙা সেন্দুৰ কণ  নিজ হাতেৰে মচি অভিশপ্ত কৰিলা 

এই বাবেই নহয় জানো?

যে মই তোমাক এটা ল'ৰা সন্তানৰ পিতৃ ৰূপে স্বীকৃতি দিব নোৱাৰিলো

নহয় জানো এইবাবেই 

যে মই তোমাক দ্বিতীয় বিবাহ কৰাত বাধা দিলোঁ

সপোন দেখিছিলো মই তোমাৰ লগত সুখে-দুখে সাতটা জনম একেলগে থকাৰ

ভগৱানৰ দৰ্জা দিছিলো তোমাক 
সকলো নিমিষতে শেষ কৰি পেলালা

মোৰ ভগৱান ৰূপী স্বামী 

চিৰ বিদায় মাগিলোঁ তোমাৰ পৰা 
চিৰ বিদায়।

পাৰিলে মোক ক্ষমা কৰি দিব।। 

◾দ্বীপ দিপাংকৰ লাহন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)