আৰম্ভণিতেই সামৰি থওঁ
হৃদয়ৰ উকা পৃষ্ঠাবোৰত বোলাই ৰখা বৰ্ণিল সুবাস..
সপোনবোৰ যেন সপোন হৈয়ে ৰৈ যাব
বিৰহৰে আৱৰি ধৰিব হৃদয়
পলে পলে উৰা মৰা মনটো যেন
আৱদ্ধ হৈ পৰিব এটি সৰু পজাঁত
পাৰ হৈ যাব সময়. .
মাথো ৰৈ যাব
অপ্ৰাপ্তিবোৰ প্ৰাপ্তিৰ আশাত...