চিবুমি - চুমিন্দ্ৰ চৌধুৰী

©Admin
0
 সন্ধিয়াৰ প্ৰাৰ্থনা সভাত নিতৌ অংশগ্ৰহণ কৰা এজন অনুগামী বহু দিন ধৰি অনুপস্থিত থকাৰ বাবে প্ৰভু অমিতাভ চিন্তিত হৈ পৰিছিল। সেয়েহে এদিনাখন প্ৰভু অমিতাভে  নিজেই ভক্তজনৰ সম্ভেদ লবলৈ বুলি  তেখেতৰ গৃহত গৈ উপস্থিত হৈছিল । নিজৰ উৰুখা পঁজাত অভাৱনীয় ভাবে প্ৰভূৰ দৰ্শন পাই আনন্দত অনুগামীজনৰ দুচকুৱেদি লোটক নিগৰিছিল।  লজ্জা নিবাৰণৰ বাবে  ফাটি ছিগি পৰা একমাত্ৰ দেহবস্ত্র খনেৰে গাটো কোনোমতে ধাকি থকা অনুগামীজন প্ৰভূৰ চৰণত উবুৰি খাই পৰিছিল । সৰ্বজান্তা প্ৰভূ অমিতাভে দুখীয়া লোকজনৰ ঘৰত উপস্থিত হৈয়েই তেওঁ বিগত   দিন কেইটাত প্ৰাৰ্থনা সভাত উপস্থিত নথকাৰ কাৰণ বুজি পাইছিল ৷ লজ্জিতবোধ কৰা নিঃকিন অনুগামীজনৰ মুৰত হাত থৈ আশীৰ্বাদ দি প্ৰভূ তথাগত সেই দিনাখন আশ্ৰমলৈ উভতি আহিছিল । প্ৰভূৱে সেইদিনাই তেওঁৰ এজন ধনী অনুগামীক  দুখীয়া লোকজনক  দুখন দেহবস্ত্র দিবলৈ অনুৰোধ কৰিছিল ।  পিছদিনাখন  নিঃকিন লোকজনে উপহাৰ হিচাপে পোৱা নতুন দেহবস্ত্র এখন পৰিধান কৰি যথোচিত সময়ত আহি প্ৰভূ শাক্যমুনিৰ প্ৰাৰ্থনা গৃহত উপস্থিত হৈছিল । দেহবস্ত্র দুখন দৰাচলতে প্ৰভূ শাক্যমুনিৰ বাবেহে প্ৰাপ্তি হৈছে বুলি অনুগামীজনে বুজিব পাৰিছিল । সেয়েহে  প্ৰাৰ্থনাৰ অন্তত তেওঁ শলাগ জনোৱাৰ উদ্দেশ্যে প্ৰভূ অমিতাভৰ ওচৰ চাপিছিল। বহুদিনৰ মূৰত অনুগামীজনক পুনৰ প্ৰাৰ্থনা গৃহত দেখিবলৈ পাই প্ৰভূ বহুত সুখী হৈছিল । তেওঁ নতুন কাপোৰ  দুযোৰৰ উপৰিও নিঃকিন লোক জনক আৰু কিবা প্ৰয়োজনীয় বস্তু লাগিব নেকি সুধিছিল । কিন্ত দুখীয়া ভক্তজনে  আৰু একো বস্তুৰে প্ৰয়োজন নাই বুলি   ভগৱান বুদ্ধক সভক্তিৰে কৃতজ্ঞতা জ্ঞাপন কৰিছিল । তেতিয়া মহাপ্ৰভু অমিতাভে অনুগামী জনক তেওঁৰ ফটা দেহবস্ত্রখন  কি কৰিলে বুলি সুধিছিল।  অনুগামীজনে পুৰণি দেহ বস্ত্রখন ৰাতি শোৱাৰ সময়ত গাত মেৰিয়াই লবলৈ ব্যৱহাৰ কৰিছে বুলি  সৰলতাৰে উত্তৰ দিছিল । তেতিয়া শাক্যমুনিৱে  পুৰণি গাতলোৱা কাপোৰখন তেওঁ কি কৰিলে বুলি পুনৰাই প্ৰশ্ন কৰিছিল।  তেতিয়াও  সৰলতাৰে অনুগামীজনে পুৰণি গাত লোৱা কাপোৰখন কাটি খিড়িকীৰ পৰ্দা হিচাপে ব্যৱহাৰ কৰিছে বুলি প্ৰভু তথাগতক অৱগত কৰিছিল । তেতিয়া প্ৰভূ বুদ্ধই অনুগামীজনক পুৰণি পৰ্দাখন কি  কৰিলে বুলি পুনৰাই  প্ৰশ্ন কৰিছিল । তেতিয়া অনুগামীজনে ফাতি চিতি যোৱা পুৰণি পৰ্দা কেইখন আজি কালি খাদ্য বনোৱাৰ সময়ত গৰম বাচন বৰ্তন ধৰাৰ কামত ব্যৱহাৰ কৰিছে বুলি উত্তৰ দিছিল।  তেতিয়া প্ৰভূ অমিতাভে উৎসুকতাৰে গৰম বাচন ধৰা  পুৰণি কাপোৰ কেইখন নিশ্চয় পেলাই দিলা চাগে বুলি  অনুগামীজনক পুনৰাই প্ৰশ্ন কৰিছিল ।  অকনো খোকোজা নলগা কৈ সেইবাৰো অনুগামীজনে প্ৰভূ অমিতাভক কৈছিল,  প্ৰভূ বাচন ধৰা সেই পুৰণি কাপোৰখন পেলাই নিদি গোবৰ পানী মিহলাই মজিয়া মচিব ব্যৱহাৰ কৰিছিলো। কিন্ত পাছলৈ কাপোৰখনৰ দীঘ আৰু বানীৰ সুতাবোৰ এডাল এডাল হৈ পৰাত  সেই সুতাবোৰ ঘিউৰ চাকিৰ শলিতা হিচাপে ব্যৱহাৰ কৰিব ধৰিছো। সেই শলিতাবোৰৰ কিছু সংখ্যক আজি প্ৰাৰ্থনাৰ সভাৰ বাবে দান কৰিছো । সেই শলিতাৰেই জ্বলা বন্তিয়ে আজি নিশা আপোনাৰ কোঠালীটো উদ্ভাসিত কৰিব বুলি ভক্তজনে আনন্দমনে  প্ৰভূ অমিতাভক জনাইছিল । অনুগামীজনৰ সহজ সৰল উত্তৰত ভগৱান বুদ্ধ অতি প্ৰসন্ন হৈ পৰিছিল । বিশেষকৈ সম্পদৰ অকনো অপব্যয় নকৰি ভক্তজনে পুৰনি কাপোৰ কেইখনৰো সৎ প্ৰয়োগ কৰা বুলি জানিব পাৰি প্ৰভু তথাগত অতিশয় আনন্দিত হৈ পৰিছিল । কিয়নো  তেৰাই নিজেও শিষ্য সকলক সদায়েই সীমিত বস্তুৰে জীৱন যাপন  কৰিবলৈ উপদেশ দিছিল । লগতে প্ৰত্যেককে  নিজৰ লগত থকা প্ৰয়োজনাধিক বস্তুৰ অপব্যৱহাৰ নকৰি অভাৱগ্ৰস্ত লোকক দি সহায় কৰিবলৈ উদ্বুদ্ধ কৰিছিল । সীমিত সামগ্ৰীৰে জীৱন নিৰ্বাহ কৰা  অনুশীলনকে  জাপানীজ  ভাষাত চিবুমি  অৰ্থাৎ  অতি সুক্ষ্ম বাদ ( Minimalism) বুলি কোৱা হয় ।বৌদ্ধ ধৰ্মৰ মহাযান আৰু জেন   পন্থাত চিবুমি দৰ্শন চৰ্চাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে । 

সহজ ভাষাত অতি সুক্ষ্মবাদ মানে হৈছে প্ৰয়োজন অবিহনে নতুন নতুন  সা- সামগ্ৰী কিনাৰ প্ৰতি উদ্ভৱ হোৱা উন্মাদনাক নিয়ন্ত্ৰণ কৰা তথা ঘৰৰ ভিতৰত পৰিত্যক্ত হৈ পৰি থকা অলাগতীয়াল বয়বস্তু অতঁৰাই পৰিপাটি থকাৰ অনুশীলন মাথোন । চিবুমি জ্ঞান নহয়, ইয়াক প্ৰতিজন ব্যক্তিৰ জীৱনশৈলীৰ সৈতে দৰকাৰী হোৱা প্ৰয়োজনীয়তা খিনিৰ  সামঞ্জস্য বজাই ৰখাৰ বুজা বুজি বুলিও  কব পাৰি । 
অতীজত সা সম্পত্তি আদি ক্রয় কৰা ইমান সহজ কথা নাছিল । যোজন যোজন দূৰৈত থকা কহাৰ, কমাৰ ,দৰ্জীৰ ওচৰলৈ  গৈ, বাচন বৰ্তন, দা কটাৰী, সাজ পোচাক আদি প্ৰস্তুত কৰি অনা কামবোৰ বহুত জটিল আছিল ।  তাৰোপৰি তেতিয়াৰ দিনত কিছু সংখ্যক মুষ্টিমেয় লোকক বাদে সমাজৰ অধিকাংশ লোকেই দুখীয়া আছিল গতিকে তেওঁলোকৰ নতুন নতুন সা সামগ্ৰী  কিনাৰ প্ৰতি সামৰ্থ্যৰ লগতে আগ্ৰহো নাছিল। তেওঁলোকে সীমিত সামগ্ৰীৰেই নিয়াৰি কৈ জীৱন যাপন কৰিব প্ৰয়াস কৰিছিল  । কিন্ত লাহে লাহে বিশ্বৰ বিভিন্ন প্ৰান্তত শিল্প বিপ্লৱৰ সূচনা হোৱাৰ লগে লগে দৈনদ্দিন ব্যৱহাৰ বাবে বিভিন্ন সুলভ মুল্যৰ সামগ্ৰীৰে বজাৰ উপচি পৰিব ধৰিছে । তাৰেই পৰিণতিত লাহে লাহে জনসাধাৰণৰ মাজত সামগ্ৰী পচন্দৰ স্বাধীনতাও বৃদ্ধি পাব ধৰিছে। বিশেষকৈ সমাজৰ আৰ্থিক ভাৱে পিছপৰা কিছু সংখ্যক লোকে নিজকে আঢ্যৱন্ত সজাবলৈ অপ্ৰয়োজনীয় বয় বস্তু দাম ভৰি কিনাৰ অভ্যাস গঢ়ি তুলিছে । উদাহৰণ স্বৰূপে এটা অত্যাধুনিক দামী মোবাইল ফোনত বহুত ব্যৱহাৰ্য বিশিষ্ট সেৱা উপলব্ধ থাকে। এই  মোবাইল ফোনবোৰ বিশেষকৈ  পেছাগত লোক সকলৰ  ব্যৱসায়িক কামকাজৰ বাবে প্ৰস্তুত কৰা হৈছে যদিও সচৰাচৰ সমাজৰ সকলো শ্ৰেনীৰ লোকে ক্রয় কৰা পৰিলক্ষিত হয়।  অলপতে এটা মোবাইল কোম্পানীয়ে চলোৱা সমীক্ষাৰ জৰিয়তে এটা কথা পোহৰলৈ আহিছে যে দামী মোবাইল ফোনৰ আশী শতাংশ গ্ৰাহকেই  তেওঁলোকৰ ফোনটোত উপলব্ধ থকা বিভিন্ন সুবিধা সমূহৰ বিষয়েই অৱগত নহয়।  এই কথাটোকে সম্পদশীলতাৰ অপব্যৱহাৰৰ চৰম নিদৰ্শন বুলি ক'ব পৰা।  যিটো অতি সুক্ষ্মবাদ চিন্তাধাৰাৰ জৰিয়তে শুধৰাই লোৱাৰ অতিকৈ দৰকাৰী। 
   কিছু সংখ্যক আঢ্যৱন্ত লোকেও সমাজত নিজৰ প্ৰতিপত্তীশীলতা বজাই ৰাখিবলৈ নতুন কৈ ধনী হোৱা লোক সকলৰ সতে ফেৰ মাৰি অলাগতীয়াল অথচ নামী দামী বস্তু কিনি ধূনপেচ্ মাৰিব নেৰে । ব্যৱহাৰ হওঁক বা নহওঁক প্ৰয়োজন থাকক বা নাথাকক তেওঁলোকে অনাহকত দুখন তিনিখন গাড়ী কিনি ঘৰৰ চৌহদ শুৱনি কৰি ৰাখে।
  সাম্প্ৰতিক সময়ত ক্ৰমশ বাঢ়িব ধৰা সমাজৰ এই দুই শ্ৰেণীৰ লোকৰ এই অভ্যাসে সম্পদশীলতাৰ ওপৰত বিকৃত প্ৰভাৱ পেলাব ধৰিছে । যিটো অনাগত দিনবোৰত উত্তৰ পুৰুষ সকলৰ বাবে মুঠেও মংগলজনক নহয় । আনকি প্ৰায় সাত হেজাৰ বছৰ আগতেই ৰচিত হোৱা শ্ৰীমদ্ভগৱদগীতাটো মানুহৰ জীৱনত সম্পদশীলতাৰ প্ৰাসংগিকতা আৰু অতি সুক্ষ্মবাদৰ প্ৰয়োজনীয়তাৰ সম্বন্ধে  বহুতো কথা উল্লেখ কৰা হৈছে ।
 
" প্ৰজাতি য়দা কামান্ সৰ্ৱান্ পাৰ্থ মনোগতান্ ।
 আত্মন্য়েৱত্মানা তুষ্টঃ স্থিতপ্ৰজ্ঞস্তদোচ্য়তে ।।"
   পবিত্র গীতাত ভগৱান শ্ৰীকৃষ্ণই গান্ধীবধাৰী অৰ্জ্জুনক কৈছিল, হে পাৰ্থ অপৰিসীম সম্পত্তিৰ অধিকাৰী হলেই এজন মানুহ সন্তুষ্ট হব নোৱাৰে যেতিয়ালৈকে তেওঁৰ স্থিতপ্ৰজ্ঞ প্ৰাপ্তি লাভ নহয় ।  এজন ব্যক্তিয়ে মনৰ সমস্ত বৈষয়িক বাসনা ত্যাগ কৰি  যেতিয়া আত্মসন্তুষ্টি বিচাৰি পাবলৈ আৰম্ভ কৰে তেতিয়াই তেওঁক স্থিতপ্ৰজ্ঞ প্ৰাপ্ত বুলি গণ্য কৰা হয়।
 পাৰ্থিব বস্তুৰ ওপৰত থকা মালিকানা অধিকাৰে এজন মানুহৰ সুখৰ পৰিধি বান্ধি দিব নোৱাৰে। কাৰণ সুখ আৰু দুখ দুয়োটা হ'ল মনৰ অৱস্থা ।  মনটো যদি নিজৰ আয়ত্বত ৰাখিব ৰাখিব  পাৰি তেতিয়া মনটো নিজৰ বন্ধু এজনৰ দৰে হৈ পৰে। কিন্ত নিয়ন্ত্ৰণ কৰিব  নোৱাৰিলেই নিজৰ মনটো এজন মানুহৰ প্ৰধান শত্রুহৈ পৰে।  সেই বাবে স্থিতপ্ৰজ্ঞ লোক সকল সুখী। কাৰণ তেওঁলোকে নিজৰ মনটোক সম্পূৰ্ণ ভাৱে নিজৰ আয়ত্বত ৰাখিব পাৰে। 
মোৰ একাধিক প্ৰবন্ধত ইতিমধ্যেই উল্লেখ কৰিছো যে  ইতিহাস ফঁহিয়াই  চালে  জাপানৰ শাসন ব্যৱস্থাই কাহানিও  শাস্তি প্ৰদানৰ  ভয় দেখুৱাই বলপূৰ্বক ভাৱে জনসাধাৰণৰ ওপৰত নতূন আইন কানুন জাপি দিয়াৰ নজীৰ পোৱা নাযায় । পুৰণি পৰম্পৰা মানি জাপানৰ শাসক সকলে  নতুনকৈ  প্ৰণয়ন কৰিব বিচৰা আইন কানুন বোৰ মহাযান অথবা জেন বৌদ্ধ ধৰ্মৰ একো একোটা দৰ্শনৰ আওঁতালৈ নি জনসাধাৰণক সেইবোৰ অনুশীলন কৰিবলৈ উদ্বুদ্ধ কৰাৰ প্ৰয়াস কৰে ।  অতি কৌশলেৰে আইন কানুনবোৰ ধৰ্মীয় দৰ্শনৰ সৈতে সংযোজন কৰি দিয়াৰ বাবে  জনসাধাৰণেও বিনা দ্বিধাই নতুন নিয়ম কানুনবোৰ মানি লবলৈ আগ্ৰহী হৈ পৰে ।  ফলঃত দেশখনৰ শাসন ব্যৱস্থা অধিক সুস্থিৰ আৰু সবল হৈ ঠিয় দিব সক্ষম হৈছে । 
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত মুক্ত অৰ্থনীতি আৰু বিশ্বায়নৰ  সুবিধালৈ  পাশ্চাত্যৰ বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানে বেপাৰ বাণিজ্যৰ বাবে সমূলঞ্চে বিধস্ত হৈ পৰা জাপানত  প্ৰবেশ কৰিছিল । পাশ্চাত্যৰ দেশ সমূহৰ দামী  দামী ব্ৰেণ্ডৰ গাড়ী, ঘড়ী,কাপোৰ, ইলেক্ট্ৰনিক বস্ত আনকি খাদ্য বিপনীয়ে জাপানৰ চহৰ নগৰৰ অলিয়ে গলিয়ে কাঠফুলাৰ দৰে চানি ধৰিছিল । ফলঃত দৰিদ্ৰ সীমাৰেখাৰ তলৰ অভাৱত থকা জাপানীজ লোক সকলে নিজৰ পচন্দৰ বিলাসী জীৱন যাপনৰ স্বাধীনতা বিচাৰি
হতাশাগ্ৰস্ত হৈ পৰিছিল । ইয়াৰ পৰিণতিত যুদ্ধ অধ্যুষিত দেশখনত দেহব্যৱসায় , ড্ৰাগছ সেৱন ,লুন্ঠন, অপহৰণ ইত্যাদি অপৰাধ আৰু আত্ম হত্যাৰ ঘটনা বৃদ্ধি পাব ধৰিছিল । তেতিয়া দেশখনৰ শাসন ব্যৱস্থাই বৌদ্ধিক আৰু সামাজিক সচেতক লোক সকলৰ সহায়ত অগ্ৰণী ভূমিকা লৈ  চিবুমি, গামবাত্তে, ইকিগাই, হান্সেই,  ৱাবি-চাবি ইত্যাদি বিভিন্ন দৰ্শনৰ আওতালৈ দেশখনৰ সাংস্কৃতিক সামাজিক, অৰ্থনৈতিক, বৌদ্ধিক, ঔদ্যোগিক আৰু শৈক্ষিক আন্তঃগাঁথনিৰ পুনৰ্গঠনত গুৰুত্ব আৰোপ কৰিছিল । সেই সমসাময়িক সময় খিনিত এই সকলোবোৰ দৰ্শনৰ ভিতৰত চিবুমি অৰ্থাৎ অতি সুক্ষ্ম বাদ নামৰ দৰ্শনে বিশেষ কৈ জাপানীজ লোক সকলক বহুলাংশে প্ৰভাৱান্বিত কৰি জাপানৰ অৰ্থনৈতিক আৰু সামাজিক দিশত আমূল পৰিৱৰ্তন  আনিছিল ।  যুদ্ধ অধ্যুষিত দেশখনৰ জনতাই বিশেষকৈ চিবুমি চিন্তাধাৰাৰ জৰিয়তে নিজৰ সুৰক্ষিত ভবিষ্যতৰ বাবে সম্পদশীলতা ( Resourcefulness) আৰু আত্মনিৰ্ভৰশীলতা ( Self- Relience)ৰ
 বিকাশ কৰা কিমান প্ৰয়োজনীয় তাক অনুধাৱন কৰিব পাৰিছিল । ফলস্বৰূপে শাসক আৰু জনসাধাৰণ উভয়ৰে কঠোৰ প্ৰয়াস আৰু পৰিশ্ৰমৰে যুদ্ধত বিধ্বস্ত হৈ পৰা দেশখনৰ অৰ্থনীতি টনকীয়াল কৰিব লৈ উঠি পৰি লাগিছিল । দেশখনৰ বনজ,খনিজ, জলজ আদি প্ৰাকৃতিক সম্পদৰাজি প্ৰত্যেকজন নাগৰিক আৰু ৰাষ্ট্ৰযন্ত্ৰ উভয়ে অতি মিতব্যয়িতাৰে ব্যৱহাৰ কৰি মাত্র তিনিটা দশকৰ ভিতৰতে বস্ত্র , খাদ্য, ঔদ্যোগীক যন্ত্ৰপাতি,  ইলেক্ট্ৰনিক বস্ত উৎপাদন কৰি নিজৰ নাগৰিকৰ অভাৱ পূৰণ কৰাৰ উপৰিও বিশ্বৰ বিভিন্ন দেশলৈ আমদানি কৰি জাপানে নিজৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰি তুলিবলৈ সক্ষম হৈছিল ।  অথচ আমাৰ ভাৰতবৰ্ষতে সৃষ্টি হোৱা বৌদ্ধ ধৰ্ম আৰু সনাতন ধৰ্মৰ দৰ্শন সমূহৰ পৰা আমি আজিকোপতি একো এটা শিকিব নোৱাৰিলো ।  মাত্র কিছুমান স্বাৰ্থান্বেষীলোকৰ প্ৰৰোচনাত জাতিবাদ , মনুবাদ আৰু ব্ৰাহ্মণবাদ ইত্যাদি অহেতুক কটুক্তিৰে বেদ-উপনিষদৰ অধ্যয়নৰ পৰা আমি নিজকে অাঁতৰাই ৰাখিলোঁ । 
জাপানৰ এই ঐতিহাসিক সফলতাৰ আঁৰৰ ৰহস্য চিবুমি দৰ্শনৰ পৰা আমিও উদ্বুদ্ধ হৈ  যিমান পাৰি কম সম্পদ তথা সমলেৰে আমিও অনুপ্ৰাণিত হৈ জীৱন যাপন কৰাৰ সময় আহি পৰিছে । অন্যথাই আমাৰ উত্তৰ পুৰুষ সকলে ভবিষ্যতে সম্পদৰ অভাৱত আসন্ন সংকটত ভুগিব লাগিব।  আমাৰ জীৱনধাৰাৰ পৰা নিজৰ সামৰ্থ্য আৰু আয়ত্বৰ মাজত ৰাখি প্ৰয়োজনাধিক সম্পদ নষ্ট নকৰি অতি সুক্ষ্মবাদৰ অনুশীলন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে আহকচোন আমি সকলোৱে  জাপানৰ চিবুমি দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈ সীমিত সামগ্ৰীৰে কিন্তু অপৰিসীম আনন্দ আৰু উদ্যমৰে জীৱনটো জীয়াবলৈ প্ৰয়াস কৰো । 

লেখকঃ চুমিন্দ্ৰ চৌধুৰী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)