২০ টা স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ

©Admin
0
১) ৰাতি টোপনি নাহিলে ১ মিনিটৰ বাবে চকু দুটি খৰকৈ মেলা-জপোৱা কৰক নিশ্চিত ভাবে পৰৱৰ্তী মিনিটত টোপনি যাব ।

২) মাইগ্ৰেইনৰ মুৰৰ বিষ হ'লে হাত দুখন বৰফৰ পানীত ডুবাই থৈ মুঠি মাৰক ১ মিনিটৰ বাবে। লগে লগে বিষৰ পৰা পৰিত্ৰাণ পাব।

৩) পেটৰ খুব জ্বলা পোৰা হ'লে ৩-৪ টা তুলসী পাত ভাত খোৱাৰ পিছত চোৱাই এক গিলাচ গৰম পানী খাওক। লগে লগে জ্বলা-পোৰা আঁতৰি যাব।

৪) দৈনিক পাঁচ কাপ ৰঙা চাহ খালে পেটৰ চৰ্বী কমি নাইকিয়া হৈ যাব।

৫) দৈনিক ১৫ মিনিট প্ৰাণ খুলি হাঁহিব লাগে। ১৫ মিনিট হাঁহি ২ ঘণ্টা টোপনিতকৈ ও উত্তম।

৬) হাঁচি-চৰ্দি কমাবলৈ জিভাখন ওলোটাই ডিঙিৰ ভিতৰলৈ সোমোৱাই জোৰ দিয়ক হাঁচি কমিব।

৭) দিনত অকণমান বাগৰ দিলে স্মৃতিশক্তি বৃদ্ধি পাব আৰু হৃদৰোগৰ সম্ভাৱনা কমিব বুলি প্ৰমাণিত।

৮) বিছনাৰ পৰা উঠাৰ পিছতো যদিহে টোপনিৰ নিচা থাকি যায় তেন্তে এখন ভৰি নমাই কেই ছেকেণ্ডমান মজিয়াত ভৰিখন ৰাখক দেখিব টোপনিৰ ভাব নাইকিয়া হৈছে ।

৯) নিয়মিত যদি ভাল লগা গান বা সুৰীয়া সুৰ শুনে ভৱিষ্যতে মগজুৰ কেন্সাৰ ৰোগৰ সম্ভাৱনা নাইকিয়া হয়।

১০) ৰাতিপুৱা যিমানেই পানী খাব দিনটো সিমানেই দেহত সজীৱতা (freshness), কৰ্ম-সক্ৰিয়তা (spirit) অনুভৱ কৰিব।

১১) মুখৰ ছালখন এবাৰ হ'লেও বৰফ পানীৰে ধুলে মুখত গুটি নোলায়।

১২) বিষনাশক ঔষধ খোৱাৰ পিছতো যদিহে দাঁতৰ বিষ কমা নাই তেন্তে হাতৰ বুঢ়া আঙুলি আৰু কিনা / কণিষ্ঠ আঙুলিৰে এটুকুৰা বৰফ কিছু সময় ধৰি ৰাখক লগে লগে বিষ কমি যাব।

১৩) পেটৰ চৰ্বী কমাবলৈ যদি ব্যায়াম কৰি আছে তেন্তে ব্যায়ামৰ আগত একাপ কফি খাই লওঁক । ই আপোনাৰ কাম দুগুণ সহজ কৰিব।

১৪) যদি পঢ়াৰ সময়ত বাৰে বাৰে টোপনি ধৰিছে তেন্তে যিমান সময় পাৰে উশাহ ধৰি ৰাখি এৰি দিয়ক টোপনি পলাব।

১৫) দেহ শুদ্ধি কৰণ কৰি ৰাখিবলৈ প্ৰতিদিনে এটা তীয়হ , এটা নেমু, কেইটামান পদিনাৰ পাত আৰু যথেষ্ট পৰিমাণে পানী সেৱন কৰিব। এয়া উত্তম সুধিকাৰক।

 
১৬) মানসিক চাপ (depression) দূৰ কৰাৰ দুটা উত্তম উপায় হল শৰীৰ চৰ্চা আৰু বন্ধু বান্ধবীৰ সৈতে সময় কটোৱা।

 
১৭) দৈনিক এগিলাচ ডালিমৰ জুইছ খালে হৃদৰোগ দূৰ হয় আৰু নিম্ন ৰক্তচাপ (low blood pressure) ৰোগৰ পৰিত্ৰাণ পাব।

১৮) যদি কোষ্ঠ-কাঠিন্যৰ সমস্যাত ভুগিছে তেন্তে ৰাতিপুৱা খালি পেটত আধা কাপ সিজোৱা বিত খাওক ।

 
১৯) বতৰৰ তৰমুজ খালে মানসিক চাপ আৰু অৱসাদ দূৰ হোৱাৰ লগতে দেহত বহুত শক্তি পোৱা যায়।

 
২০) ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ১০ মিনিট খোজ কাঢ়ি হে শুব ই পাচনতন্ত্ৰ মজবুত কৰি ৰাখিব।

এই শুভ বাৰ্তা আপোনাৰ প্ৰিয়জনলৈ বিলাই দি জীৱন অমূল্য কৰাৰ সহায়ক হওক ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)