অথচ বিৰহত ভুগিছোঁ,
পাবলগীয়া একো নাই
তথাপি আশা পালি আছোঁ ।
এক-দুই কৈ ক্ৰমাৎ
পইষষ্ঠিটা বছৰ অতিক্ৰম কৰিলো !
পাপ-পুণ্যৰ মাজেৰেই এতিয়া
জীৱনৰ অন্তিম স্তৰ ।
সন্ধিয়াৰ লাল-চাহ কাপ হাতত
আৰু মষিমূৰ জীৱনৰ কিছু ব্যথা !
ল'ৰা-বোৱাৰীৰ আকাশচুম্বী জীৱন
তাকে লৈ আমিয়ো গৌৰৱান্বিত ।
যদিও মন যায় একেলগে মিলি
এসাঁজ ভাতৰ সোৱাদ ল'বলৈ,
তথাপি সেই মনস্তাপ প্ৰকাশ নকৰি
মধুসূদনৰ নামকে আওৰাও আমি ।
কেতিয়াবা ভাবোন্মত্ত হওঁ যদিও
আকৌ সৃষ্টিৰ আদি গুৰুৰ ওচৰত
সমৰ্পিত হৈ মজলিচ আমি দুয়ো
জীৱনৰ শেষ কালছোৱাত !
আমি যে নিতৌ এক কালৰ পুতলা ।
✍️কংকনা দাস
স্থান :- হাউলী, বৰপেটা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ