হেঁ‌পাহৰ ৰঙালী

©Admin
0
আকৌ আহি পালেহি 
হেঁপাহৰ ৰঙালী 
চৌদিশে বসন্তৰ উন্মাদনা 
কুঁহিপাতৰ আঁৰত ,
কুলি - কেতেকীৰ বিননি ।।          

ঢোলৰ গুমগুমনি 
পেঁপাৰ টিহিতি মাত ,
ছেৱে-ছেৱে ৰাংঢালী নাচনীৰ বিহু নাচত কপৌ , নাহৰ , তগৰৰ সুগন্ধত 
মুখৰিত হ'ল আকাশ বতাহ ।

তাঁতশালৰ শিপিনীৰ চেনেহৰ গামোচাত 
সমনীয়াহঁতৰ হুঁচৰিৰ পৰশত ,
বিহুৰ নতুন কৰ্মশালা আয়োজনেৰে 
বাপতি সাহোন ৰঙালীক আদৰিবলৈ
দেহ-মন উত্ৰাৱল হ'ল ,
উজনিৰ পৰা নামনিৰ সকলো অসমীয়া ।

✍️নৱজিৎ নাথ, 
শ্ৰেনী :পঞ্চম ষান্মাসিক ,
কলেজ ;ছিপাঝাৰ মহাবিদ্যালয় ,
ছিপাঝাৰ, (দৰং)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)