বিনিময়-নুৰ হুছেইন

©Admin
0
দুপৰীয়া ১২ বজাত ঘড়ীটোৱে টিক্ টিক্ কৰিছিল। আমেনাই পবিত্ৰ কোৰাণ পঢ়া বন্ধ কৰি চকীখনত বহি কিবা  চিন্তা কৰিছিল। তাই মনত পেলাইছিল যে এইটো ৰমজানৰ দশম দিন। কিমান সোনকালে সময় অতিবাহিত হৈছে আলহামদুল্লিলাহ। এই প্ৰখৰ গ্ৰীষ্মকালতো তাইৰ উপবাস ভালদৰে চলিছে।  আমেনা তাইৰ স্বামী মেহেৰৰ সৈতে সুখৰ সংসাৰ। স্বামীয়ে পিতৃ-মাতৃৰ অমতত আমেনাক বিয়া কৰিছিল বাবে নিজ ঘৰ এৰি এতিয়া মহানগৰৰ ভাৰা ঘৰত থাকে। হঠাৎ তাইৰ প্ৰথম ৰমজানৰ কথা মনত পৰিল।
              ৰোজাৰ দিনবোৰত আৰমানহতৰ ঘৰত প্ৰতিদিনেই বেছ আমেজ সহকাৰেই ইফতাৰৰ আয়োজন হয়। খেজুৰ , আপেল, কল,পোলাও , পায়সৰ লগতে পানীয় শৰবত থাকিবই।আৰমানহতৰ ফ্লেটৰ কাষৰ ৰূমটোতে নৱ-দম্পতি আমেনা আৰু মেহেৰ এমাহৰ পৰা আছে।আৰমানৰ মাক এগৰাকী অতিথিপৰায়ণ আৰু যিকোনো লোকৰ সৈতে সহজে মিলিব পৰা লোক।সেয়েহে আমেনাৰ লগতো অন্তৰংগ হ'বলৈ বেছি সময় নালাগিল। মেহেৰ গুৱাহাটী মহানগৰৰ এটি সৰু কোম্পানীত কাম কৰে । অতি কম বেতনেৰে এনে ফ্লেটত থাকিব পাই আল্লাহক শুকৰিয়া আদায় কৰে য'ত পানীৰ পৰা সকলো কিনি খাব লগা হয়।
 আমেনা আৰমানৰ ভনী আৰবিনৰ বয়সৰ। আমেনাক দেখাত এনে লাগিছিল তাই প্ৰথম গুৱাহাটীলে আহিছে গাৱঁৰ পৰা।প্ৰথম ৰমজানৰ দিনা যেতিয়া তাই আৰমানৰ ঘৰত আহিছিল আৰমানক মাক ৰমিছাই সুধিছিল
: তোমালোকে আজি ইফতাৰৰ বাবে কি বনাবা ?
আমেনাই ৰমিছাৰ কথা শুনি ইত:স্তত বোধ কৰি ক'লে
: আচলতে কি জানে  আন্টি!  আমাৰ এওঁ এইবাৰ ইফতাৰৰ সময় অফিচতে কটাব ডিউটিত থাকিব তাতে ইফতাৰ কৰিব।মোৰ আকৌ কিহৰ ইফতাৰ? এই একগ্লাছ পানী খায়েই ৰোজা ভাঙিম পিছত ভাত খাম ইমানেই।
                                        তাইৰ কথা শুনি ৰমিচাই অবাক হৈ  ক'লে- সেইটো আকৌ কি এইবোৰেৰে ইফতাৰ হয় নেকি? তোমাৰ স্বামী যিহেতু অফিচতে ইফতাৰ কৰিব সেয়ে তুমি প্ৰতিদিন আমাৰ লগত ইফতাৰ কৰিবা।
আমেনাই লাজে লাজে ক'লে- নাই নাই ,আন্টি! সদায় আপোনাকৰ ঘৰত ইফতাৰ কৰাটো কেনে কথা হ'ব।সমস্যা নাই আন্টি , গাৱঁত থাকোতে বেছি ভাগ সময় আমি পানী আৰু ভাত খায়ে ইফতাৰ কৰিছোঁ।
:আৰু কোনো কথা নাই ।যিটো কৈছোঁ সেইটো কৰিবা।

সিদিনা ৰমিচাৰ কড়া নিৰ্দেশত আমেনাই লাজো পাইছিল মানা কৰিব পৰা নাছিল।
প্ৰথম ৰমজানত আমেনাই আৰমানৰ ঘৰত ইফতাৰ কৰিছিল যদিও দ্বিতীয় দিনা নাহিল।মাগৰিব নামাজৰ পিছত ৰমিচাই গৈ আমেনাক জেৰা কৰা দি সুধিলে। উপায়বিহীন হৈ আমেনাই পুনৰ আৰমানৰ ঘৰত ইফতাৰ কৰাৰ প্ৰতিশ্ৰুতি দিলে।
এতিয়া আমেনা ইফতাৰলৈ আহিলে আৰমানৰ ভনীয়েকে ফলমুলৰ থালিটো সদায় তাইৰ ফালে আগুৱাই দিয়ে। পোলাও প্লেটটো আগবঢ়াই এইখিনি শেষ কৰিব লাগিব বুলি কয়। মুঠতে আমেনা যেন আৰমানহতৰে পৰিয়াল এজন হৈ পৰিছ।

আৰমানৰ পৰিয়ালৰ সকলোৰে পৰা লাভ কৰা মৰমে আমেনাকো যেন মোহিতে কৰিলে।এতিয়া সদায়ে আমেনা ইফতাৰৰ সময়ৰ আধা ঘন্টামান আগতে আৰমানহতৰ ঘৰত আহি কেতিয়াবা ফল-মূল কটা, কেতিয়াবা শৰবৎ বনোৱাত সহায় কৰে।

এনেদৰেই অতিবাহিত হৈছে ৰমজানৰ দিনবোৰ। যোৱাকালি ৰাতি যেতিয়া তাৰাবী নামাজ পঢ়ি উভতি আহিছিলে আৰমানে আমেনহতৰ ৰুমৰ পৰা সিঁহতৰ কথোপকথন কানত ভাঁহি আহিল।আৰমানৰ আকৌ বেলেগৰ গোপন  কথা শুনাৰ বদ্অভ্যাস এটা আছে। সি দৰজাৰ কাষতে ৰৈ আমেনাৰ কথা শুনিবলৈ পালে-
:শুনিছা! তুমিতো জানাই আন্টিহতে আমাক কিমান ভাল পায় প্ৰতিদিন মোক ইফতাৰ কৰোৱাই, তোমালৈ বান্ধি দিয়ে।ৰমজানৰ ৰহমতৰ দহদিন পাৰ হৈ গল আমিচোন একোৱেই দিব নোৱাৰিলোঁ।
:এৰা ! কথাষাৰ ঠিকেই কৈছা। পিছে তুমিনো কি চিন্তা কৰিছা ?
:মই ভাবিছিলো অহাকালিৰ ইফতাৰত তেওলোকৰ বাবে মুৰ্গী মাংস পোলাওকে দিওঁ।
:ব্ৰয়লাৰ মুৰ্গী মাংস ছাগে তেওঁলোক নাখায় লোকেলকে আনিব লাগিব। ৰোজাৰ বজাৰ যিহে দাম!
:আৰে! তোমাক কি বেছিকৈ আনিব কৈছোঁ নেকি? মাত্ৰ আধা কেজি আনিবা সকলোখিনি তেওঁলোককে দিম । তেওঁলোক দেখোন সদায়ে আমাক কিবা-কিবি দিয়েই।
: বুজিছোঁ। তুমি পোলাও দেখাই নাই। পাৰিবা জানো ৰান্ধিব?
:সেইটো মই বুজিম। তুমি মাত্ৰ আধা কেজি লোকেল মূৰ্গী মাংস লৈ আহা।
: ঠিক আছে।

সিহঁতৰ কথোপকথন শুনি মোৰ অন্তৰত এক অন্য ধৰণৰ হৃদস্পনৰ আবিৰ্ভাব হৈছিল।অকনো পলম নকৰি আৰমনে সকলো কথা বিবৰি ক'লে মাক ৰমিচাক । কথাবোৰ শুনি ৰমিচাও যেন নিচুপ হৈ গৈছিল ।
 পিছদিনা আছৰৰ নামাজৰ কিছু পিছতেই আৰমানে দেখিলে আমেনাই মধ্যম আকৃতিৰ পাত্ৰত কিবা লৈ উপস্তিত হ'ল  মিচিকিয়া হাঁহিৰে।আৰমানে লক্ষ্য কৰিছিল আমেনাৰ চেহেৰাত ফুটি উঠা আনন্দময় ভাৱ যি ইতিপূৰ্বে কাহানিও দেখা নাই।মানুহে মানুহৰ ওচৰত উপযুক্ত প্ৰতিদানটি বিনিময় কৰাৰ সময় মানুহৰ মনত এক অন্য সন্তুষ্টিয়ে ক্ৰিয়া কৰাটোৱে স্বাভাবিক।ৰমিচাই সকলো জনাৰ পিছতো নজনাৰ ভাও ধৰি আমেনাক সুধিলে
:কি আনিছা?
:আন্টি! অলপ পোলাও। ইমানবোৰ ৰোজা পাৰ হৈ গ'ল কিন্তু আপোলোকক একোৱেই দিয়া নহল।সেয়ে অলপ আনিছোঁ।
:হয় বুজিছোঁ।কিন্তু তোমালোকে নিজৰ বাবে ৰাখিছানে? 
ৰমিচাৰ এনে প্ৰশ্নত আমেনা  কিংকৰ্তব্য বিমূৰ । আচলতে আমেনাই এনে প্ৰশ্ন আশাই কৰা নাচিল। আমেনাই থতমত খাই উত্তৰ দিলে
-হয় ৰাখিছোঁ।এতিয়া সেইবোৰ বাদ দিয়ক ।
ৰমিচাই মিচিকিয়াৰে আমেনাৰ হাতৰ পৰা পাত্ৰবোৰ ললে। আৰমানে আকৌ মুৰ্গী মাংসৰ গোন্ধ পালেই মাথা ঠিক নাথাকে আমেনা উদ্দেশি ক'লে - আজি তেন্তে ভাল পেটপূজা হব আমেনা বৌৰ হাতৰ ৰন্ধা জুতি লব পৰা যাব।
:আন্টি ,আৰমানক অলপ বেছিকৈ দিব।

মাগৰিবৰ আজানৰ লগে লগে আৰমানে শৰবৎ পানীয় পান কৰিছে আমেনাই ৰন্ধা খাদ্য খাবলৈ আৰম্ভ কৰিলে। কিন্তু মূখত দিয়াৰ লগে লগে আৰমানৰ ওকালি আহিব ধৰিলে । আমেনা লগতে থকাৰ বাবে বমি কৰিব বিচাৰিও নোৱাৰিলে। ইফতাৰ মূখত লৈ একে সময়তে এজনে আনজনৰ দৃষ্টি বিনিময় কৰাত সকলোৰে একেই অৱস্থা।কিছু সময় সকলোৱে চুপ হৈ থাকি আমেনাই ক'লে
- আন্টি, ইফতাৰীত কিবা সমস্যা আছে নেকি? আচলতে ৰোজা ৰখাৰ বাবে ৰন্ধাৰ সময়ত অলপো টেষ্ট কৰিব পৰা নাই।
আমেনাৰ কথা শুনি ৰমিচাই ক'লে
-বাহ! সুন্দৰ সুস্বাদু হৈছে।তোমালোকৰ বাবে বিৰিয়ানী ৰান্ধিছোঁ।লৈ যোৱা সোনকালে।
আমেনাই আৰু কথা নুশুনি থালি ভৰ্তি বিৰিয়ানী লৈ ঘৰলৈ গ'ল।
আমেনা গুচি যোৱাৰ লগে লগে আৰমানে ওয়াছৰূমত গৈ মগভৰ্তি পানী কুলি কৰিবলৈ ধৰিলে । আমেনাই ৰন্ধা ইফতাৰীত জ্বলা বেছি হোৱাৰ লগতে নিমখ যেন দিয়াই নাছিলে।
ৰাতি যেতিয়া তাৰাবী নামাজ পঢ়ি আঁহোতে শুনিবলৈ আমেনা আৰু মেহেৰৰ কথোপকথন ।
:তোমাৰ ইফতাৰীৰ বিষয়ে কি ক'লে আন্টিয়ে? মইতো মূখতে লব পৰা নাই।
:তেওঁলোকে দেখোন ভালেই কৈছে কিন্তু এতিয়া বুজিব পাৰিলো ইফতাৰীৰ খানা একেবাৰ ভাল হোৱা নাই।
:তেওঁলোকে তোমাক বহুত ভাল পাই বাবেই তোমাৰ খাদ্যৰ প্ৰসংশা কৰিছে।
 কেতিয়াবা কেতিয়াবা দূৰ সম্পৰ্কীয় মানুহবোৰৰ  ভালপোৱাৰ বান্ধোনেৰে বান্ধ খাই য'ত  আপোন আত্মীয়স্বজনৰ ভালপোৱাও যেন হাৰ মানিবলৈ বাধ্য হয়। আমেনাৰ সম্পৰ্কও তাৰে এক দৃষ্টান্ত।
ৰহমত বৰকত আৰু মাগফিৰাতৰ এই মাহে ৰমজানৰ ইফতাৰৰ বিনিময় নহয় যেন হৃদয়ৰহে বিনিময়।

নুৰ হুছেইন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)