ৰসৰচনা-শতাব্দী শৰ্মা

©Admin
0
সেই  আপদৰূপী ক'ৰণাই বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ৰ কথা। তেতিয়া  মানুহৰ লাইফষ্টাইলতো ই সাংঘাতিক পৰিৱর্তন আনিছিল  ! কাম নাইকিয়া বেকাৰ ইন্সপেক্টৰৰ অভাৱ নাইকিয়া হৈছিল  আৰু ইপিনে আকৌ বহুজন ব্যস্ত হৈছিল বিভিন্ন নৱ নৱ সৃষ্টিশীলতাত ............

       আপোনাৰ , মোৰ আৰু আমাৰ চুবুৰীৰে ৰসেশ্বৰ , নিদ্ৰাৱতী , গুণকান্তহঁতেনো কি কৰিছে , অলপ চকু ফুৰাওঁ আহক— 

ৰসেশ্বৰ মদাহী নহয় কিন্তু তামোল-পাণ , চাধা তেওঁৰ চিৰজীৱনৰ সংগীস্বৰূপ ! হঠাৎ এদিন কোনোবাই ক'লে বোলে এইবোৰ খোৱাটো বেয়া ! ৰসেশ্বৰে সেইবোৰ এৰি ধৰিলে বিমল পাণ মচালাত ! টিভিত অজয় দেৱগণৰ বিখ্যাত বিজ্ঞাপন ," বিমল পাণ মচালা , আঁহে আঁহে কেশৰৰ দম !" গতিকে কেশৰৰ দৰে ভাল বস্তুবিধ খোৱাৰ সুবিধাকণ পাই ৰসেশ্বৰ আনন্দত উত্ৰাৱল হ'ল ৷ দুই/তিনিপেকেট সদায় চলেই ! শেষ দশা যিয়েই নহওঁক ,কেশৰ থকা বস্তু খাই উপকাৰিতা বঢ়োৱাটো মেইন ! 

নিদ্ৰাৱতীৰ খুব টোপনি ধৰে ! ইপিনে অাকৌ গৃহিনী ধর্ম পালন ! হাজাৰটা লকডাউনেও কোঙা কৰিব নোৱাৰে গৃহিণীসকলক ! কর্তব্য অাগ যাৰ মূল ! টোপনিৰ ভৰত কেতিয়াবা  পাচলি কাটোতে হাত কাটি যায় ! নিদ্ৰাৱতীৰ টোপনিক লৈ শাহুৱেকৰ খেচখেচ , শহুৰেক নিমাত , স্বামীজনাই নিজৰ কাম সিদ্ধি হ'লেই একো কৈ নাথাকে ! মিছাই টেপেচ টেপেচ ! নিদ্ৰাৱতীয়ে এদিন এটা উপায় উলিয়ালে ! সৰুতে মাকে পঢ়াৰ সময়ত টোপনি ধৰিলে ধমক দি কৈছিল ," চকুত জলকীয়া লগাই দিম ৰ' " তাই এই কথাটোকে ভাবি হৰলিক্সৰ ডাঙৰ  টেমাটোৰ আধা জলকীয়া গুৰি চকুত দিলে ঘঁঁহি ! চকুৰ টোপনি গ'লনে নাই কোনেও গম নাপালে কিন্তু খবৰ পোৱা গ'ল যে নিদ্ৰাৱতীয়ে চকুৰে কম দেখা হ'ল আগতকৈ !

গুণকান্তৰ জীয়েকে ধুনপেচ মাৰি ফুৰি বৰ ভাল পায় ! দেউতাকৰ চিধা কথা , এই আপদৰ সময়ত ঘূৰি নুফুৰি ঘৰৰ ছোৱালী ঘৰত থাক ! 
তাই চিতপখিলীৰ দৰে অলৈ তলৈ নোযোৱাকৈনো কেনেকে থাকে ! মোবাইলৰ টিকটক নে কি সেইডালো নাইকিয়া হ'ল ! বেচেৰী বেকাৰ ! নতুনকে লগৰ এজনীয়ে ডান্স কৰি কৰি ভিডিঅ' দিয়া দেখিছে ! তাইও দুটামান লংজাপ আৰু হাই জাপ মাৰি ভিডিঅ' কেবাটাও বনালে আৰু ইনষ্টাগ্ৰামত পেজ এখন খুলি আপলোড দিলে ! ৱাহ এতিয়া ৰচকীৰ লাইক আৰু কমেন্টে মোবাইল এনিটাইম 'ঘেৰেং' 'ঘেৰেং' মাৰে ! তাইক কোনে পায় ! আজিকালি সস্তীয়া বস্তুৰহে আদৰ ! গতিকে তাইৰ জাপকেইটা চাই মানুহে কমেন্টৰ বৰষুণ বোৱায় ! 

শতাব্দী শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)