বেলি মামা
ইমান কিয় ৰঙা?
ৰাতিপুৱাই আহি তুমি
টোপনি মোৰ ভাঙা।
তোমাৰ পৰশত
প্ৰাণ পাই উঠে;
গছ - লতা আৰু যে কিমান!
তোমাৰ পোহৰত
গীত গাই ফুৰে .....
চৰাই-চিৰিকটি আৰু যে ক'তই!
নতুন দিনৰ, নতুন আস্থাৰ ,
তুমি আনি দিয়া বাতৰি।
তোমাক সাক্ষী কৰি
আগবাঢ়োঁ আমি নতুন
জীৱন পথত।
◾ সুস্মিতা দাস