ফুলিলে ভেবেলী লতা;
কৈনো কৈ থাকো মানে ওৰকে নপৰে
ব'হাগ বিহুটিৰ কথা।"
ব'হাগ বিহু ৰং ধেমালিৰ লগতে আনন্দৰ উৎসৱ।আমাৰ জাতীয় জীৱনৰ উচ্ছাস, আকাংক্ষা, ৰং-আনন্দ, আবেগ-অনুভূতি আদি বাপতি সাহোন বিহুৰ লগত জড়িত।এই বিহুত গাঁৱে-ভূঞে, নগৰে-চহৰে, উৎসৱ মুখৰ ধুম উঠে। অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ ভিতৰত ৰঙালী বা ব'হাগ বিহুটি অন্যতম। শীতৰ অন্ততঃ বসন্ত ঋতুৰ আগমন ঘটে। এই ঋতুতেই প্ৰকৃতিয়ে ন-সাজ পিন্ধে, অৰ্থাৎ গছ-বিৰিখেও পাত সলায়, নতুন কুঁহি পাত ওলায়।কুলি,কেতেকীৰ সুৰীয়া মাতত কপৌ,চম্পা,তগৰ ফুলৰ সুগন্ধিয়ে প্ৰকৃতিলৈ বিনন্দীয়া ৰূপে মোহিত কৰি তোলে জীৱশ্ৰেষ্ঠ মানৱৰ মন-মগজু। বসন্ত ঋতুত ন-কৈ অহা বৰষুণ জাকে প্ৰকৃতিক জীপাল কৰি তোলে। সেই বৰষুণৰ সংস্পর্শত পৃথিৱী শস্যসম্ভৱা হোৱাৰ লগতে কৃষিজীৱী লোকসকলেও প্ৰকৃতিৰ চৌদিশৰ পৰিবৰ্তনৰ লগত সংগতি ৰাখি নৃত্য-গীতৰে নতুন বছৰক আদৰণী জনায়। প্ৰকৃতিৰ শোভাই মানৱ জীৱনত অফুৰন্ত প্ৰেম, আনন্দ, উৎসাহ-উদ্দীপনা কঢ়িয়াই আনে। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। যাক বঢ়াই নক'লেও হ'ব। সংগীত সূৰ্য্য ড° ভূপেন হাজৰিকাৰ গীতৰ জৰিয়তে,
"বʼহাগ মাথোঁ এটি ঋতু নহয়
নহয় বʼহাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা।"
ব'হাগ এটা মাহ নহয় ;ব'হাগ মানেই ঢোল পেপাঁৰ গগনাৰ মাত, ব'হাগ মানেই চৌদিশে বিহু নামৰ মাত।ব'হাগ মানেই বিহু নাচ, নাচিবলৈ ওলাই অহা শাৰী-শাৰী গাভৰুৰ জাক। দৰাচলতে ব'হাগ এটি লোক উৎসৱ। অসমৰ ই জাতীয় উৎসৱ। ব'হাগ মাহ, ঋতু বসন্ত-যৌৱনৰ জীৱন্তৰ প্ৰতীক। বসন্ত মাহ প্ৰকৃতিৰ যৌৱন সলায়, বসন্ত কালত ধৰিত্ৰী গাভৰু হয়, যৌৱনেই জীৱনৰ বসন্ত কালৰ দৰে, বসন্তৰ লগে লগে প্ৰকৃতিয়ে পৃথিৱীত সৃষ্টি কৰে উৎসৱ মুখৰ এক মধুৰ পৰিৱেশ। যৌৱন সূৰনভ উন্মাদনাত প্ৰাণে প্ৰাণে জাগি উঠে প্ৰেম প্ৰীতিৰ ভাবৰ লহৰ।
"বিহুৰেনো বিৰিণা ---অ’ আইতা
অ' নাচনীৰ কলাফুল লৰে
বিহুৰেনো বিৰিণা ---অ’ আইতা
কেৰু মণি থুৰিয়া।"
বিহু অসমৰ জাতীয় উৎসৱ। বিহু হৈছে জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক ভাতৃত্ববোধৰ লোক উৎসৱ। বসন্তৰ আগমনত প্ৰকৃতিয়ে নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। এই বিহু সাত দিন পালন কৰা হয় বাবে সাত বিহু বুলিও কোৱা হয়। ব'হাগ বিহুত সন্মানৰ প্ৰতীকস্বৰূপে সৰুৱে ডাঙৰক "বিহুৱান" দিয়ে। "অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকোঁ, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনৈকৈ থাকোঁ।"
অসমীয়া লোক-সংস্কৃতি আৰু পৰম্পৰাৰ এটা উল্লেখযোগ্য অংগ হৈছে নাচনী সকলে হাতত লগোৱা ৰং "জেতুকা।" ৰঙালী বিহুত জেতুকাৰ ব্যৱহাৰ ইতিহাসে ঢুকি নােপােৱা দিনৰে পৰাই প্ৰচলিত হৈ আহিছে। বিশেষকৈ নাচনী গাভৰুসকলে হাতত ৰং-বােলাবলৈ ব্যৱহাৰ কৰি আহিছে জেতুকা। উল্লেখ্য যে, প্রকৃতিৰ পৰা লাভ কৰা জেতুকা পাতে কেৱল যে সৌন্দর্য্যই বৃদ্ধি কৰে তেনে নহয়, ই বহুতাে ৰােগ-প্রতিৰােধ কৰি নিৰোগী কৰি ৰাখে। জেতুকা এবিধ সপুষ্পক তথা গুল্মজাতীয় উদ্ভিদ। এই উদ্ভিদজোপা প্ৰায় দুইৰ পৰা পাচঁ-ছয় মিটাৰ পৰ্যন্ত ওখ হয়। বহু শাখা-প্ৰশাখাযুক্ত উদ্ভিদজোপাৰ পাতবোৰ ডালবোৰত বিপৰীতমুখী হৈ কেৱল নাম মাত্ৰ ঠাৰিৰে সংযুক্ত হৈ থাকে। প্ৰচলিত হৈ আছে যে, "ব’হাগ বিহুৰ প্ৰথম দিনা জেতুকাৰ পাত খুন্দি ভৰিৰ পতাত সানিলে বছৰটোৰ ভিতৰত বসন্ত ৰোগ নহয়, লগতে ঘামচি, খজুৱতি, ইত্যাদি ৰোগৰ পৰিত্ৰাণ পাব পাৰি।" সেয়ে অসমীয়া জীয়ৰী-বোৱাৰীসকলে গৰু বিহুৰ দিনা হাতত জেতুকা লয়। ব'হাগ বিহুত জেতুকাৰ ৰঙেৰে গাভৰু ছোৱালীয়ে ৰং সানে। লগতে বিহু নাচনীয়েও হাতত জেতুকাৰ ৰঙ সানে। হাতৰ ৰং হিচাপে জেতুকা (মেহেন্দী)অতিকৈ উল্লেখনীয়। জেতুকা গছ এবিধ জোপোহা গছ, জেতুকাৰ ৰং অৰ্থাৎ এই গছৰ পাত পতাত খুন্দি হাতৰ তলুৱাত লগালে, কমলা-ৰঙা ৰঙৰ বোল হৈ উঠি সৌন্দৰ্য্যৰ মধুৰতা আলোড়ন কৰে। সাধাৰণতে হাতখনি ধুনীয়া কৰিবলৈ অসমৰ প্ৰায় অঞ্চলৰ গাভৰুৱে জেতুকাৰ ৰঙেৰে বিভিন্ন নক্সা আঁকি লয়।পশ্চিম ভাৰতত ব্যৱহৃত 'মেহেন্দী'ৰ দৰেই অসমত বিয়াত জেতুকাৰ ৰঙৰ ব্যৱহাৰ হয়।সাম্প্রতিক সময়ত বৰ্তমান চুলি ৰঙচুৱা কৰিবলৈ বা চুলিৰ উজ্জ্বলতা বঢ়াবলৈও জেতুকাৰ পাতৰ ৰং লগোৱা হয়। চুলি আৰু ছালৰ যত্নৰ বাবে জেতুকাক এবিধ উপকাৰী বনৌষধি উৎকৃষ্টতম উদ্ভিদ। চুলিৰ যত্নৰ বাবে জেতুকাৰ ৰস নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে অকালতে চুলি পকা, উফিৰ সমস্যা হ্ৰাস পায় বুলি প্ৰচলিত হৈ আহিছে। লগতে ই প্ৰামাণিক বনৌষধি দৰৱ। চুলি উজ্জ্বল কৰিবলৈও জেতুকা ব্যৱহাৰ কৰা হয়।
অসমৰ প্ৰায় বিভিন্ন অঞ্চলৰ ল’ৰা-ছোৱালী, ডেকা-গাভৰুৱে অতীজৰে পৰা জেতুকা ব্যৱহাৰ কৰি আহিছে৷ ৰঙালী বিহুৰ আগদিনা অর্থাৎ চ’ত মাহৰ দোমাহীৰ দিনা ৰাতি আহাৰ খোৱাৰ পিছত খুন্দি লোৱা জেতুকা হাত-ভৰিত লগায়। জেতুকাৰ কুমলীয়া পাত খুন্দি তাত ডালিমৰ কুমলীয়া পাত, বৰ থেকেৰা, পাণৰ পিপলি, চূণ, কেঁচা হালধিৰ কেই টোপালমান ৰস আৰু চাহপাতৰ ৰস মিহলাই হাতৰ তলুৱাত গোটেই ৰাতিটো বা কেইঘণ্টামান প্ৰলেপ দিলে অতি ধুনীয়া ৰং উঠে। সেয়ে বাপতি সাহোন ৰঙালী বিহুত জেতুকাৰ পাতৰ এক অবিচ্ছেদ্য অংগ ৰূপে পৰিগণিত অৰ্থাৎ অন্তৰংগ সামঞ্জস্য আছে, যাক নুই কৰিব নোৱাৰি। অসমীয়া সমাজত প্ৰচলিত এই বিহু উৎসৱটো সচাঁকৈ অতুলনীয় আৰু অনবদ্য। একাত্মবোধ, ভাতৃত্ববোধৰে সুদৃঢ় এক বৃহৎৰ অসমীয়া জাতিৰ লোক উৎসৱ হিচাপে তাহানিৰ পৰাই প্ৰচলিত।
বাপতি সাহোন ৰঙালী বিহুটি হৈছে আমাৰ অসমীয়াৰ আবেগ, অনুভূতি তথা সম্প্ৰীতিৰ এনাজৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ