ৰঙালী বিহু-সংগীতা মাইনা ডেকা

©Admin
0
নিজানত যেন, সময়ে জুৰিছে গীত
পৰাণ পৃষ্ঠত বহি শীতল সমীৰণৰ
কি যে এক, মলয়া বতৰা...! 
চোৱাচোন চোৱা... 
ভৰিছে আঁচল বিন্দু বিন্দু সৰি 
টোপ টোপ ব'হাগৰ সাগৰখন ।

ঢোলৰ বুকুত ৰঙালীৰ ৰং.... 
গগণাৰ শব্দত, 
বিহুৰ বন্দন.... বিহুৰ অৰ্চন
পেপাৰ প্ৰাংগনত নৱ যৌৱনেৰে নাচোন, সাজোন কাচোন....! 
আমাৰ অসমী বাপুতি সাহোনৰ ।

কেৰু মণি থুৰিয়া, 
গাম খাৰু, মুগাৰ মেখেলা চাদৰ
আৰু ৰিহাৰ যে জয়গান
বাজিব লৈছে প্ৰকৃতিৰ বুকুত সুন্দৰতাৰ প্ৰলেপেৰে ।
গছৰ ডালত কুলিৰ মিঠা মিঠা মাত 
আমৰ কলিত সজ্জিত,
ব'হাগী আভাৰ আৱৰণ....! 
কঠালৰ মুচিত জীপাল হৈ উঠে
ভৱ জীৱনৰ এমুঠি এমুঠিকৈ
সজীৱ হাঁহি.... 

লাহী পাহি বিহু নাচনীৰ জেতুকা বুলিয়া দুহাত
বিহু গীতৰ মধুময় ৰাগিনী ,
মন পৰশা হুচৰিৰ বুকুত উমলা
নিৰ্মল শাব্দিক নিৰ্মালি স্বৰূপ,
নিভাঁজ নিভাঁজ তৰংগবোৰ...!
সংগোপনে সংগোপনে,
পথাৰত জিলিকি উঠা 
ঘৰৰ লক্ষ্মীমীসৱৰ জেং বিহুৰ সাংগীতিক লহৰবোৰ....! 
ৰাই জাই কৰে দেখোঁ সকলোৰে মন
নহয় নে বাৰু...?

মহুৰাৰ বুকুত,
কোমল সূত্ৰৰ লাস্যময় ঘুৰন 
তাঁতৰ শালৰ খিটিক খিটিক স্বৰ
এয়া যে হয় গামোচাৰ কিশলয়, 
ব'হাগ বিহুৰ ওৰণি তুলিবলে....!

অ' ব'হাগ, কিয় যে তই ইম্মান মনোমোহা....!
ব'হাগ, ব'হাগ, মিষ্ঠান্ন ব'হাগ....! 

"ব'হাগ মাথোঁ এটি ঋতু নহয়"


সংগীতা মাইনা ডেকা


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)