ধন্য ভাৰতৰ স্বাধীনতা

©Admin
0
ভাৰত এখন স্বাধীন দেশ
সকলোৱে জানে,
স্বাধীন মনোভাৱ ইয়াত, 
সকলোৰে আছে।
আজি আমাৰ মনত নাহে
পৰাধীন ভাৱ,
আহে মাথোঁ মুহূৰ্তে মুহূৰ্তে 
স্বাধীন মনোভাৱ।
কিমান মানুহ শ্বহীদ হ'ল 
নিজৰ দেশ স্বাধীন কৰোঁতে , 
আজি আকৌ স্মৰণ কৰোঁ 
সেই সকলোকে। 
নিজৰ প্ৰাণ বিসৰ্জন দি
দেশক কৰিলে স্বাধীন,
চিৰনমস্য সেই যুঁজাৰুসকল 
সঁচাই যেন দেশপ্ৰেমিক। 
কিমান গৈছিল কাৰাগাৰলৈ, 
কিমানক দিছিল ফাঁচি
অত যন্ত্ৰণা ভোগ কৰিও যেন ,
নাহিলে পিছ হুহকি। 
নানা জাতিৰ মিলনৰ ঠাই
আমাৰ ভাৰতবৰ্ষ,
বিশ্বৰ আগত জিলিকি থাকক ভাৰতৰ ঐতিহ্য। 

হিয়ামণি ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)