লোক সংস্কৃতিত অপৰিহাৰ্য বাদ্যযন্ত্ৰ: বিহু ঢোল-চিন্ময় ডেকা

Rinku Rajowar
0
"চ'তে গৈয়ে গৈয়ে ব'হাগে পালেহি
নাহৰ ফুল ফুলিবৰ বতৰ,
ফুল পানী ছিগাত গৈ 
ঢোলৰ মাত শুনি
থেকেছি ভাঙি যাওঁ যঁতৰ।"
                  বিহু অসমীয়াৰ জাতীয় উৎসৱ। বাপতি সাহোন ৰঙালী বিহুটি অসমীয়া সংস্কৃতিৰ প্ৰাণৰ আবেগৰ।এই বিহুৰ সৈতে আমাৰ আবেগিক সম্পৰ্ক অতি অপৰিসীম। যাক কেতিয়াও পাহৰিব নোৱাৰোঁ।এক কথাত বিহু হৈছে সংগীতময় লোক উৎসৱ, সেয়ে বিহুত বাদ্যযন্ত্ৰৰ গুৰুত্ব অপৰিসীম। বিহু উৎসৱ হ'ল উলহ-মালহেৰে হোৱা এটি অনুষ্ঠান। য'ত অসমীয়া সংস্কৃতিৰ বিভিন্ন উৎসৱ-পাৰ্বণৰ লগতে নৃত্য-গীত আদিৰ সৈতে পৰম্পৰাগতভাৱে সংগত কৰা বাদ্যযন্ত্ৰ সমূহক অসমৰ লোকবাদ্য হিচাপে আখ্যা দিয়া হয়।বিশেষত্ব এয়ে যে, লোক সংস্কৃতিত অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ হ'ল-বিহু ঢোল। ঢোল অসমৰ জনসংস্কৃতিত সকলোতকৈ গুৰত্বপূৰ্ণ বাদ্য যন্ত্ৰ বুলি অভিহিত কৰা হয়। অসমৰ সকলো জনগোষ্ঠীৰে বিভিন্ন উৎসৱত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন-ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্ট্যগত বাদন প্ৰণালী আছে। যাক নুই কৰিবলৈ নোৱাৰি। দৰাচলতে, ঢোলক অসমীয়ালোক সকলে দেৱবাদ্য বুলি গণ্য কৰে।
“ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে
বহি বৈ আছিলোঁ তাঁত;
টোপোলাৰ সেন্দুৰ টোপোলাত থাকিলে
খাবলৈ নহ’লে ভাত।”
    জনপ্ৰবাদ অনুসৰি, ঢোলৰ উৎপত্তি  হৈছে কৈলাস পৰ্বতত। আমি বিশ্বাস কৰোঁ যে, পাণ্ডৱ অৰ্জুনে এই বাদ্য বিধ মৰ্ত্যলৈ নমাই আনিছিল। যিটো মানুহৰ মুখে-মুখে অতীজৰে পৰা প্ৰচলিত হৈ আহিছে।সেয়ে ঢোলৰ লগত মানৱ জাতিৰ এটি গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে বুলি ধৰা হয়। উল্লেখ্যযোগ্য কথাটো হ'ল বিহুগীতত ইয়াৰ ব্যৱহাৰ ই অতি প্ৰয়োজনীয় বাদ্য। ইয়াক আম, কঁঠাল, জাম, শিমলু আৰু গমাৰি আদি গছৰ পৰা ঢোলৰ খোলাটো সজা হয় লগতে দুয়োটা মূৰ চামৰাৰে আৱৰণ দিয়া হয়। প্ৰধানতঃ ছাল সমূহ দমৰা বা চেঁউৰী গৰুৰ ছাল লগোৱা হয়। যিটো ঢোলৰ বাবে উত্তম হয়।ঢোলৰ তালি অৰ্থাৎ বাওঁ হাতেৰে বজোৱা ফাল,আৰু কোবনী অৰ্থাৎ সোঁহাতেৰে বজোৱা ফাল, যিটো তালি ফালত কৈ কিছু ডাঙৰ হয়। বিহুঢোল দীঘলে ৪৫ চে:মি: আৰু প্ৰস্থ প্ৰায় ৩০ চে:মি: কৈ প্ৰস্তুত কৰা হয়। ঢোলৰ কোবনীৰ ছালখন জাতি বাঁহৰ এটা বাও সাজি তাত টানকৈ ছালখন মেৰিয়াই খোলাটোৰ মুখত লগোৱা হয় আৰু তালি ফালৰ ছালখনৰ লগত মজবুট ৰচিৰে অৰ্থাৎ বুঢ়া গৰু ছালৰ ডাঠ ৰচীৰে কোবনী ফালৰ ছালখনৰ লগত টনা-টনি কৰি টানকৈ বন্ধা হয়। যাক 'বৰতী' বুলি কোৱা হয়। এই বৰতীবোৰ যিমান টানকৈ বন্ধা হয় ঢোলৰ সুৰ বোৰ উচ্চস্তৰ হৈ গৈ থাকে। আনহাতে, কোবনীৰ ছালখন তালিৰ ফালে আহিব নোৱাৰাকৈ ৰাখিবৰ বাবে খোলাত এটা খাঁজ কাটি বাঁহৰ কিছুমান ফৰিঙা লগোৱা হয়। কোবনী বাঁহৰ বাওটোক মলোৱা আৰু তালি ফালৰ বৰতিৰে পকাই পকাই গথাঁ সিয়নিটোক 'গুঠনি' বুলি কোৱা হয়। ঢোলটো কান্ধত ওলোমাই ৰাখিবৰ বাবে ব্যৱহাৰ কৰা ৰচীডালক 'কান্ধজৰী' অথবা 'ঢোলজৰী' বুলি কোৱা হয়। বিহুঢোলৰ মাৰিডাল ৯/১০ ইঞ্চিমান দীঘলকৈ জাতি বাঁহৰ গুৰিৰ পৰা চাঁচি উলিওৱা হয়, এইডালৰ নাম 'মাহিতা' বুলি কোৱা হয়। অসমৰ অতিকৈ আদৰৰ এই ঢোলত বিভিন্ন লাগ, ঘাত, জুৰণি, ৰগৰ, চুচনি, বিভিন্ন ছেও, চালনা, ওজাহাত আদি  কৰি বিভিন্ন ৰাগ-তাল ৰাখি বজোৱা হয়।
"ঢোলৰ ছেৱে ধৰি বাবি ঐ ঢুলীয়া
ঢোলৰ ছেৱে ধৰি বাবি;
খৰকৈ নেবাবি উদাকৈ নেবাবি
নাচনীৰ ছেৱতে বাবি।‌"
            বিশ্বৰ প্ৰায়বিলাক লোক সংস্কৃতিতেই ঢোল জাতীয় বাদ্যযন্ত্ৰ ব্যৱহৃত  কৰা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামূলক ভাৱে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন-ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰি আহিছে। সাম্প্রতিক সময়ত অসমীয়া সমাজত বৰঢোল, পাতি ঢোল, ঢেপাঢোল আদি কেইবাপ্ৰকাৰৰো ঢোলৰ প্ৰচলন হৈ আহিছে। যিবিলাক ঢোল নিৰ্মাণ প্ৰক্ৰিয়া একে হ'লেও, আকাৰ, বাদন শৈলী আৰু ব্যৱহাৰৰ ক্ষেত্ৰত অনেক প্ৰভেদ দেখা যায়। 
(ক) বিহু ঢোল বা পাতি ঢোল:-
বিহু নৃত্য আৰু গীতৰ লগত সংগত কৰা সৰু আকৃতিৰ ঢোল।যাক বিহু ঢোল বা পাতি ঢোল বুলি কোৱা হয়। ওজা ঢোলৰ আকৃতি আৰু নিৰ্মাণ প্ৰণালী বিহু ঢোলৰ দৰেই, কিন্তু ই বিহু ঢোলতকৈ সামান্য ডাঙৰ। ঢুলীয়া ওজাই একক বাদ্য হিচাপে এই ঢোল বজায়। ঢোলৰ ওজা সকলে বিভিন্ন জীৱ-জন্তু, চৰাই, যন্ত্ৰ-পাতি আদিৰ মাত এই ঢোলত ফুটাই তুলিব পৰা যায়।
(খ) ঢেপাঢোল
অসমৰ দৰং-মঙ্গলদৈ, ওদালগুৰি জিলাত ঢেপাঢু্লীয়া অনুষ্ঠানত ব্যৱহাৰ হোৱা ঢোল হৈছে ঢেপাঢোল। এই ঢোলৰ নিৰ্মাণ প্ৰণালী আদি বজোৱাৰ কৌশল সম্পূৰ্ণ পৃথক। ছাগলীৰ ছালেৰে দুই-তৰপীয়াকৈ, দীঘলীয়া আকৃতিৰ এই ঢোলৰ মাজত পানী ভৰাই বজোৱা হয়।
(গ) বৰঢোল
অসমৰ ঢোল বিলাকৰ মাজত বৰঢোলেই আটাইতকৈ আকাৰত ডাঙৰ, প্ৰায় ১/২ মিটাৰ মান দৈৰ্ঘ্যৰ বৰঢোলৰ দুই মূৰৰ ব্যাস আধা মিটাৰৰ পৰা এক মিটাৰৰ মানলৈকে হোৱা দেখা যায়। ইয়াৰ এটা মূৰ হাতেৰে আৰু আনটো মূৰ এডাল ভাজ থকা মাৰিৰে কোবাই বজোৱা হয়। দৰং-মঙ্গলদৈ আৰু কামৰূপত পৰম্পৰাগত নৃত্যগীত অভিনয়েৰে সংপৃক্ত বৰঢুলীয়া অনুষ্ঠান অতি আকৰ্ষণীয়। পুতলা নাচটো বৰঢোল ব্যৱহৃত হয়।
(ঘ) জয়ঢোল 
বৃহৎ আকাৰৰ আৰু ডাঙৰ শব্দ কৰা ঢোল, সাধাৰণতে দেওঁধনী নৃত্যৰ লগত সংগত কৰা হয়। দৰং-মঙ্গলদৈৰ ফালে জয়ঢুলীয়া নামৰ অনুষ্ঠানত আৰু লগতে মনসা বা মাৰৈ পূজাত একক ভাৱে জয়ঢোল বজোৱা হয়।
(ঙ)মাদল
মাদল হৈছে বিশেষকৈ অসমৰ চাহ জনগোষ্ঠীৰ লোক সকলে ঝুমুৰ গীতৰ লগত ব্যৱহাৰ কৰা এটি বিশেষ ঢোল। অসমৰ বাদে ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত মাদলৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।
"বিহুৰে বিৰিণা পাতে সমনীয়া
বিহুৰে বিৰিণা পাত,
বিহু থাকে মানে বিহুকে বিনাবা
বিহু গ'লে বিনাবা কাক?"
                          বিহু হৈছে অসমীয়া সংস্কৃতিৰ প্ৰাণ। সেয়ে এই বিহু লোক সংস্কৃতিত ঢোলৰ অৱদান অতিকে অনবদ্য। ইয়াক ব্যৱহাৰৰ ক্ষেত্ৰত যুৱপ্ৰজন্ম‌ৰ মাজত প্ৰচলন কৰাটো সকলোৰে প্ৰধানতঃ দায়িত্ব আৰু কৰ্তব্য।  
 
               ✍🏻চিন্ময় ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)